নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা আৰক্ষীৰ তৎপৰতাত ধৰ্ষণত অভিযুক্ত বৃদ্ধ জে’ললৈ

নিয়মীয়া বাৰ্তা, ৩১ মে’ : কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ তৎপৰতাত এগৰাকী নাবালিকা ধৰ্ষণত অভিযুক্ত অশীতিপৰ বৃদ্ধক জে’ল-হাজোতলৈ প্ৰেৰণ কৰা হয় | জানিব পৰা মতে, মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁৱত এগৰাকী ৬ বছৰীয়া কণমানিক পানী খোৱাৰ ছলেৰে ঘৰত প্ৰৱেশ কৰি এগৰাকী বৃদ্ধই ধৰ্ষণ কৰা আৰু আপত্তিজনক অৱস্থাতেই নাবালিকাগৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰা বুলি নাবালিকাগৰাকীৰ পিতৃয়ে মন্দিৰা আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়া বিজয় গোস্বামীয়ে বিশেষ তৎপৰতাৰে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা আৰু অভিযুক্ত বৃদ্ধগৰাকীৰ ডি এন এ পৰীক্ষাৰ অন্তত জে’ল-হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে | আনহাতে, এজাহাৰৰ ভিত্তিত মন্দিৰা আৰক্ষী চকীত 233/24/US-448/376/AB/IPC-R/W-Sec 6 of Posco actৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰে | স্মৰ্তব্য যে ধৰ্ষণৰ গোচৰত অভিযুক্ত বৃদ্ধগৰাকীয়ে এগৰাকী হাজিৰা শ্ৰমিক হিচাপে অঞ্চলটোত ঘূৰা-ফুৰা কৰি আছিল কিছুদিন ধৰি। দিগেন্দ্ৰ ৰাভা (৮০) নামৰ বৃদ্ধগৰাকী প্ৰতিবেশী মেঘালয়ৰ টুৰাৰ হাটোগাঁও অঞ্চলৰ বুলি জানিব পৰা গৈছে | নাবালিকা ধৰ্ষণৰ দৰে স্পৰ্শকাতৰ বিষয়ত আৰক্ষী বিষয়াগৰাকীয়ে গ্ৰহণ কৰা এনে তৎপৰতাক অঞ্চলবাসী ৰাইজে শলাগিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like