ৰোহিত বাহিনীৰ নিৰাপত্তাত নিউয়র্কৰ অশ্বাৰোহী আৰক্ষী
বিশেষ বাৰ্তা, ৩ জুন : টি–২০ বিশ্বকাপত অংশগ্রহণৰ বাবে ইতিমধ্যে আমেৰিকাত উপস্থিত হৈছে বিৰাট কোহলি৷ বিশ্বৰ অন্যতম শ্রেষ্ঠ ক্রিকেটাৰগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্রত কোনোধৰণৰ ত্রুটি ৰখা নাই আমেৰিকা প্রশাসনে৷ কোহলিৰ জনপ্রিয়তা আৰু গ্লেমাৰ সম্পর্কে আয়োজকসকলো জ্ঞাত৷ তদুপৰি টি–২০ বিশ্বকাপ মষিমূৰ কৰিবলৈ একাধিক হুমকি দিছে উগ্রপন্থী সংগঠনে৷ সন্ত্রাসবাদীৰ লক্ষ্য হ’ব পাৰে ভাৰতীয় দলটো৷ সেইবাবে খেলুৱৈসকলৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে নিউয়র্কত৷ ভাৰতীয় দলৰ হোটেল, যাত্রাপথত অতিৰিক্ত নিৰাপত্তাকর্মী নিয়োগ কৰা হৈছে৷ কোহলি আৰু ভাৰতীয় দলৰ নিৰাপত্তাত বিশেষ বাহিনী মোতায়েন কৰিছে নিউয়র্ক প্রশাসনে৷ তেওঁলোকৰ বাবে অশ্বাৰোহী আৰক্ষীৰো ব্যৱস্থা আছে৷ শনিবাৰে ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত মেচখনতো দেখা গৈছে কঠোৰ নিৰাপত্তাৰ ছবি৷ সামাজিক মাধ্যমত কোহলিয়ে খেলপথাৰত প্রৱেশ কৰাৰ এটি ভিডিঅ’ ভাইৰেল হৈছে৷ এই ভিডিঅ’ত অত্যাধুনিক অস্ত্রসহ একাধিক নিৰাপত্তাৰক্ষীক দেখা গৈছে৷ তেওঁৰ নিৰাপত্তাত আছে অশ্বাৰোহী আৰক্ষীও৷ উল্লেখ্য যে এইবাৰ বিশ্বকাপৰ অন্যতম বৃহৎ নাম হৈছে বিৰাট কোহলি৷ কিয়নো এইপর্যন্ত অনুষ্ঠিত বিশ্বকাপসমূহত সর্বাধিক ৰান সংগ্রহকাৰীৰ তালিকাৰ শীর্ষত আছে কোহলি৷ তদুপৰি সদ্যসমাপ্ত আইপিএলত তেওঁ সর্বাধিক ৰান সংগ্রহ কৰি দুর্দান্ত ফর্মত আছে৷ এইগৰাকী খেলুৱৈৰ উপস্থিতিৰ বাবেই টি–২০ প্রতিযোগিতাখনত তেওঁক কেন্দ্র কৰি অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উন্মাদনা৷ অৱশ্যে বাংলাদেশৰ বিৰুদ্ধে খেলা একমাত্র প্রস্তুতি মেচখনত অংশগ্রহণ কৰা নাই কোহলিয়ে৷ কালিৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখনত ভাৰতে অহা ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্রথমখন মেচত প্রতিদ্বন্দ্বিতাত নামিব৷ উল্লেখ্য যে ৯ জুনত পাকিস্তানৰ বিপক্ষে ভাৰতে খেলিবলগীয়া মেচখনক লৈ সকলোৰে আগ্রহ অধিক হোৱা পৰিলক্ষিত হৈছে৷