নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদ নকৰাকৈ পুনৰ বিবাহ চিকিৎসক মৃদুপৱনৰ

🔹 পত্নী ডাঃ মালবিকা বর্মনৰ বিস্ফোৰক অভিযোগ

🔹 ভঙাগড় থানাত গোচৰ

বিশেষ বাৰ্তা, ৪ জুন : বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে পুনৰ বিবাহপাশত আবদ্ধ হৈ বিতর্কৰ আৱর্তত সোমাই পৰিছে ডিফু মেডিকেল কলেজৰ এনাস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথ৷ আদালতত বিবাহ বিচ্ছেদৰ গোচৰৰ বিচাৰ প্রক্রিয়া অব্যাহত থকাৰ সময়তে চিকিৎসকজনে পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী ডাঃ মালবিকা বর্মনে৷ শেহতীয়াকৈ অতি গোপনে চিকিৎসক নাথে এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ ভিডিঅ’ আৰু ফটো লাভ কৰাৰ পাছতে আৰক্ষীৰ ওচৰ চাপিছে ডাঃ মালবিকা বর্মন৷ ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ডাঃ মালবিকা বর্মনে সমগ্র বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছে৷ সংবাদ মাধ্যমৰ সন্মুখত ভুক্তভোগী মহিলা চিকিৎসকগৰাকীয়ে সদৰী কৰা অনুসৰি তেওঁক ডাঃ নাথে কেইবাবাৰো শাৰীৰিক আৰু মানসিকভাৱে নির্যাতন চলাইছিল৷ অৱশ্যে সন্তানৰ মুখলৈ চাই সেই সময়ত আৰক্ষীৰ ওচৰ চপাৰ পৰা বিৰত আছিল যদিও পৰৱর্তী সময়ত তেওঁ গোচৰ দিবলৈ বাধ্য হয়৷ সংবাদ মাধ্যমৰ সন্মুখত ডাঃ মালবিকা বর্মনে এই সন্দর্ভত কয়– ডাঃ মৃদুপৱন নাথৰ সৈতে ২০০৮ চনত মোৰ বিবাহ হৈছিল৷ ডাঃ মৃদুপৱন নাথ ডিফু মেডিকেল কলেজত এনাস্থেচিয়া বিভাগৰ অধ্যাপক৷ বিগত ৫ বছৰ ধৰি তেওঁ মোক বিবাহ বিচ্ছেদ দিব নিবিচাৰে৷ ফেমিলী ক’ৰ্ট–৩ত বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিও আছে৷ মোক ডাবি–ধমকি, অত্যাচাৰ কৰি বিয়াৰ পাছত মোৰ পৰা ধন বিচাৰে৷ মই গম পাওঁ যে যোৱা ২৪ মে’ত ৰিম্পী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ একেটা ফ্লেটতে গৃহ প্রৱেশ কৰোৱাই স্বামী–স্ত্রী হিচাপে থাকিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন সময়ত মোৰ নিজৰ ফ্লেটতে মোক সোমাবলৈ তেওঁ বঞ্চিত কৰে৷ একে সময়তে ডাঃ নাথৰ কেইবাগৰাকীও যুৱতীৰ সৈতে সম্পর্ক আছিল বুলিও পত্নী ডাঃ মালবিকা বর্মনে অভিযোগ উত্থাপন কৰিছে৷ ডাঃ মালবিকা বর্মনে লগতে কয়– ২০০৮ চনৰ অক্টোবৰত তেওঁৰ সৈতে মোৰ বিয়া হৈছিল৷ আমাৰ বিয়াখন ঘৰৰ পৰা ঠিক কৰা হৈছিল৷ ঘৰৰ পৰা বিয়া ঠিক কৰাৰ বাবে তেওঁক মই ভালদৰে জানিবলৈ নাপালোঁ৷ বিয়াৰ পাছতে মই গর্ভৱতী হওঁ৷ ২০০৯ চনত মোৰ এটি কন্যা সন্তান জন্ম হয়৷ তাৰ পাছত লাহে লাহে মোৰ দৃষ্টিগোচৰ হয় যে তেওঁৰ বিভিন্ন নাৰীৰ সৈতে অবৈধ সম্পর্ক আছে৷ তথাপি কন্যা সন্তানটিৰ মুখলৈ চাই মই তেওঁক বুজাবলৈ চেষ্টা কৰিছিলোঁ৷ অৱশেষত ২০১৮ চনত মই জানিবলৈ পাওঁ যে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত থকা গ্রীনলেণ্ড এপার্টমেণ্টত এটা ফ্লেট ভাৰা কৰি পত্নীৰ মর্যাদা দি আন এগৰাকী মহিলাৰ সৈতে বসবাস কৰি আছিল৷ সমান্তৰালভাৱে তেওঁ আন এখন সংসাৰ চলাই আছিল৷ সেই কথা যেতিয়া মই তেওঁক সুধিছিলোঁ তেতিয়া মাৰপিট কৰি ২০১৮ চনত মোক আৰু ছোৱালীক এৰি গুচি যায়৷ তদুপৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক হিচাপে কর্মৰত হৈ থকাৰ সময়তো গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালৰ মুখ্য কার্যবাহী বিষয়া হিচাপে ডাঃ নাথে কার্যনির্বাহ কৰি থকা বুলিও পত্নীয়ে সদৰী কৰিছে৷ ইফালে, নীতিবহির্ভূতভাৱে ডাঃ নাথে ২৫০–৩০০ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন নিজৰ লগত ৰাখি আহিছে বুলিও পত্নীয়ে অভিযোগ কৰিছে৷ এই প্রসংগত তেওঁ কয়– প্রায় ২৫০–৩০০ মৰণোত্তৰ পৰীক্ষাৰ প্র–পত্র, যিসমূহ মৰণোত্তৰ বিভাগত থাকিব লাগে, তেনে ফর্ম তেওঁৰ হাতত আছে৷ মই অনুসন্ধান কৰি গম পালোঁ যে এয়া সম্পূর্ণ বেআইনী৷ অসমৰ বিভিন্ন ঠিকনাৰ মানুহৰ মৃত্যুৰ প্রতিবেদন পূৰণ কৰা হয়৷ ইয়াত স্বাক্ষৰ আৰু ছীল বেলেগৰ, কিন্তু আখৰ তেওঁৰ৷ এইসমূহ প্রতিবেদনৰ এটাই সাধাৰণ কথা হৈছে যে আটাইবোৰ মৃত্যু পথ দুর্ঘটনাত হোৱা বুলি উল্লেখ আছে৷ অৱশ্যে ডাঃ মালবিকা বর্মনৰ এই অভিযোগ নস্যাৎ কৰিছে ডাঃ মৃদুপৱন নাথে৷ সংবাদ মাধ্যমৰ সন্মুখত ডাঃ নাথে এয়া তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ বুলি উল্লেখ কৰে৷ বৰঞ্চ তেওঁৰ বিবাহৰ ভিডিঅ’ আৰু ফটোসমূহ এখন চিনেমাৰ শ্বুটিঙৰ অংশ বুলিহে অৱগত কৰে৷ এই প্রসংগত তেওঁ কয়– মোৰ বিৰুদ্ধে প্রকাশিত বাতৰি ভিত্তিহীন৷ যিসমূহ ভিডিঅ’ ফুটেজ আৰু ফটো প্রকাশ পাইছে সেইসমূহ এটা ভিডিঅ’ শ্বুটিংহে আছিল৷ আমি এখন চিনেমাৰ কাম কৰি আছোঁ৷ এয়া মাত্র এক ভিডিঅ’ শ্বুট আছিল৷ কি ভাবি তেওঁ এনেধৰণৰ বাতৰি প্রকাশ কৰিছে আমি ক’ব নোৱাৰোঁ৷ তেওঁ যিসমূহ আইনী কথা কৈছে সেই সকলোবোৰ ২০১৮ চনতে ভঙাগড় থানাত গোচৰ হিচাপে ৰুজু কৰা হৈছিল৷ প্রায় ৮টা গোচৰ মোৰ বিৰুদ্ধে দিয়া হৈছিল৷ এই আটাইবোৰ গোচৰত তেওঁৰ অভিযোগ যে মিছা সেয়া প্রমাণ হৈছে৷ মোৰ প্রতিচ্ছবি জনমানসত হেয় কৰিবৰ বাবেই তেওঁ চেষ্টা কৰিছে৷ মোৰ বিৰুদ্ধে কোনো প্রমাণ নাই৷ মানসিকভাৱে তেওঁ বিকাৰগ্রস্ত হ’ব পাৰে৷ এই অভিযোগ–প্রতি অভিযোগৰ মাজতে সমগ্র ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ সংবাদ মাধ্যমৰ সন্মুখত মন্ত্রীগৰাকীয়ে কয় যে ডাঃ নাথৰ বিৰুদ্ধে অভিযোগ পত্নীয়ে দাখিল কৰিছে৷ এই বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তদন্তৰ ব্যৱস্থা কৰা হ’ব৷ যি ব্যৱস্থা ল’ব লাগে সেই ব্যৱস্থাই গ্রহণ কৰা হ’ব৷ যিমান কঠোৰ হ’ব লাগে সিমান কঠোৰ হ’ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ অৱশ্যে এইক্ষেত্রত কোন সঁচা কোন মিছা সেয়া পৰৱর্তী সময়ত সঠিক তদন্ত হ’লেহে স্পষ্ট হৈ পৰিব৷ প্রকৃতার্থত বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে পুনৰ বিবাহপাশত ডাঃ নাথ আবদ্ধ হৈছে নে সেয়া প্রকৃতার্থতে এক ছবিৰ দৃশ্যগ্রহণ আছিল সেয়া তদন্তৰ আওতালৈ আহিলে অভিযোগ–প্রতি অভিযোগসমূহ জলজল পটপট হৈ পৰিব৷

You might also like