উত্তপ্ত গহপুৰ; ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
নিয়মীয়া বার্তা, ২ মার্চঃ গহপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰজাবাৰী ১ নং চকলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক একে গাঁৱৰে ৭ টা নৰপিশাচে ধর্ষণ কৰি হত্যা কৰা ঘটনাৰ পাছত বিগত দুটা দিন ধৰি সমগ্র গহপুৰতে উত্তেজনাই বিৰাজ কৰি আছে ৷
ইপিনে এই কাণ্ড সংঘটিত কৰা অভিযুক্তকেইটাক ফাঁচীৰ দাবী তুলি আজি মিচিং জাতীয় সংগঠন আৰু ৰাইজে লগ হৈ মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদী সমদল উলিয়াই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । লগতে এসপ্তাহৰ ভিতৰত কোনো আইনী প্ৰক্ৰিয়া অবিহনেই দোষীক ফাঁচীৰ দাবী তুলি নাবালক বাবে যাতে আইনী ব্যৱস্থাৰ পৰা অভিযুক্তকেইটা সাৰি যাব নোৱাৰে তাৰো দাবী জনায় ।
উল্লেখ্য যে শনিবাৰে উক্ত ঘটনাৰ লগত জড়িত থকা ভাস্কৰ মেধি আৰু উমেশ পাতিৰিক গ্রেপ্তাৰ কৰাৰ পাছত গহপুৰ আৰক্ষীয়ে তৎপৰতাৰে আন পাঁচটা নৰাধমক গাঁৱতে লুকাই থকা অৱস্থাত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷