নৰেন্দ্র মোদী
দেশপ্রেম আৰু অদম্য ইচ্ছাশক্তিৰে নৰেন্দ্র মোদীয়ে ভাৰতীয় ৰাজনীতিত এটা নতুন যুগৰ সূচনা কৰিছিল৷ ২০১৪ চনৰ লোকসভা নির্বাচনত মহাজোঁট গঠন কৰি তাৰ সফল নেতৃত্ব দি তেওঁ সর্বভাৰতীয় ৰাজনীতিত এক বিৰল ভেটি প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ২০১৪ চনৰ বিজয়ে দেশখনক একত্রিত কৰি ৰাখিবলৈ সহায় কৰিছিল আৰু মোদী চৰকাৰে ভাৰতক আগবঢ়াই নিবলৈ ভালেমান গুৰুত্বপূর্ণ পদক্ষেপ লৈছিল, যিবোৰৰ কথা পূর্বৰ ৰাজনীতিকসকলে ভাবিবই পৰা নাছিল৷ মোদী চৰকাৰে গ্রহণ কৰা বিভিন্ন অভিনৱ আঁচনিয়ে সমাজৰ অৱহেলিত জনসাধাৰণৰ জীৱনযাত্রা উন্নত কৰিবলৈ আৰু নাগৰিকৰ মর্যাদা প্রদান কৰাৰ ক্ষেত্রত অৰিহণা যোগাইছিল৷ বিভিন্ন ঋণ আঁচনি, প্রধানমন্ত্রী ফচল বীমা যোজনা, উজ্জ্বলা আঁচনি, মেক ইন হণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, সুৰক্ষা অভিযান, স্মার্ট চহৰ মিছন আদি বহুতো প্রগতিশীল পদক্ষেপ অন্তর্ভুক্ত আছিল, যিবোৰৰ মূল লক্ষ্য আছিল ৰাষ্ট্রৰ প্রগতি৷ ২০১৯ চনৰ লোকসভা নির্বাচনত মোদী চৰকাৰে আকৌ বিজয় লাভ কৰিছিল৷ এই বিজয়ে দেশবাসীৰ তেওঁলোকৰ প্রতি অগাধ বিশ্বাসৰ সুস্পষ্ট প্রমাণ দিছিল, মোদী দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল৷ এই পর্যায়ত মোদী চৰকাৰে পূর্বৰ পৰিকল্পনাবোৰক অগ্রাধিকাৰ দিয়াৰ লগতে আৰু কিছু অভিনৱ পদক্ষেপ গ্রহণ কৰিছিল৷ আয়ুস্মান ভাৰত আছিল তেনে এক উচ্চাকাংক্ষী আঁচনি, যাৰ মূল লক্ষ্য আছিল জনসাধাৰণৰ স্বাস্থ্য আৰু জীৱন নির্বাহৰ মান উন্নত কৰা৷ কাশ্মীৰৰ প্রত্যন্ত অঞ্চলসমূহত স্থায়ী শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰাৰ ক্ষেত্রত এই চৰকাৰখনে সাহসী পদক্ষেপ লৈছিল৷ ৰাষ্ট্রীয় নিৰাপত্তা আৰু অখণ্ডতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে বিভিন্ন কার্যপদ্ধতি হাতত লৈছিল, যিবোৰে দেশৰ মর্যাদা আৰু শক্তি বৃদ্ধি কৰিছিল৷ ২০২৪ চনৰ লোকসভা নির্বাচনতো নৰেন্দ্র মোদী চৰকাৰে অসাধাৰণ বিজয় লাভ কৰিছে৷ দেশবাসীৰ এই সহযোগিতা আৰু বিশ্বাসে তেওঁলোকৰ উন্নয়নশীল অগ্রগতি আৰু দেশৰ প্রতি অকুণ্ঠ আস্থাৰ প্রমাণ দিছে৷
কিন্তু প্রথম দিনাৰ পৰাই নৰেন্দ্র মোদী পৰিকল্পিত বিৰোধৰ মুখামুখি হৈ আহিছিল৷ ৰাজপাটৰ পৰা বঞ্চিত হোৱা কংগ্রেছ দলৰ স্বাভাৱিক বিৰোধৰ লগত যুক্ত হৈছিল কংগ্রেছৰ সাৰথি হৈ নিজৰ অস্তিত্ব বজাই ৰাখিব বিচৰা কমিউনিষ্ট দলবোৰ৷ তথাকথিত সুবিধাভোগী বুদ্ধিজীৱীৰ আক্রমণ আছিল পোনপটীয়া আৰু স্পষ্ট৷ মোদী প্রধানমন্ত্রী হ’লে দেশ এৰি বিদেশত থাকিব বুলি বুদ্ধিজীৱীয়ে কৰা ঘোষণা আছিল দেশৰ গণতন্ত্রৰ প্রতি একধৰণৰ অৱমাননা৷ সমগ্র দেশৰ ৰাইজে নির্বাচন কৰা প্রতিনিধিজনৰ প্রতি কৰা এনে অৱমাননাই দেশত এক গণতন্ত্রবিৰোধী পৰিৱেশৰ জন্ম দিছিল৷ অকাডেমি বঁটা, ৰাষ্ট্রীয় চলচ্চিত্র বঁটা আদি ওভতাই দিয়া ধৰণৰ কৌশলী প্রতিবাদৰ জন্মদাতাও আছিল ৰাষ্ট্রখনক অস্থিৰ কৰিব বিচৰা মানুহৰ পৰিকল্পনা৷ ৰাজনৈতিক আক্রমণো কম নাছিল৷ কমিউনিষ্টসকলে অভিযোগ কৰিছিল যে চৰকাৰে কর্প’ৰেট আৰু ধনী শ্রেণীৰ প্রতি অধিক সুবিধা আগবঢ়াইছে আৰু ফলত দুখীয়া আৰু শ্রমিক শ্রেণীৰ অৱস্থা অধিক নিম্নগামী হৈছে৷ কিন্তু এটা সময়ত দেখা গৈছিল যে এই প্রতিবাদবোৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে নাছিল, আছিল নৰেন্দ্র মোদীৰ বিপক্ষে৷ ৰাহুল গান্ধীয়ে প্রচাৰ কৰা ‘চকীদাৰ চৌৰ হ্যে’ সংলাপ কোনো ৰাজনৈতিক মন্তব্য নাছিল, ই আছিল ব্যক্তিবিশেষৰ প্রতি কৰা হিংসাভৰা মন্তব্য৷ সদায়েই ৰাষ্ট্রবিৰোধী শক্তি আৰু মতবাদৰ সমর্থন দি অহা কমিউনিষ্টসকলে মোদী চৰকাৰৰ প্রায় প্রতিটো বিশেষ সিদ্ধান্তৰে বিৰোধিতা কৰি চৰকাৰখনক ব্যতিব্যস্ত কৰি থকাৰ চেষ্টা চলাই আছিল৷ বিশেষকৈ ধাৰা ৩৭০ প্রত্যাহাৰ আৰু জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা বাতিল কৰা প্রসংগটোৰে তেওঁলোকে বিতর্কৰ সৃষ্টি কৰিছিল৷ কমিডনিষ্ট পার্টীসমূহে ইয়াক লৈ সন্দেহ প্রকাশ কৰিছিল যে এইক্ষেত্রত শক্তিৰ অপ্রয়োজনীয় কেন্দ্রীকৰণ ঘটিছে৷ তেওঁলোকে অভিযোগ কৰিছিল যে মোদী চৰকাৰে মুছলমানসকলৰ প্রতি পক্ষপাতদুষ্ট আচৰণ কৰিছে৷ কিন্তু বিভিন্ন পৰিকল্পিত প্রতিবাদৰ পাছতো নৰেন্দ্র মোদীকেই দেশৰ ৰাইজে পুনৰবাৰ প্রধানমন্ত্রীৰ আসনলৈ আগবঢ়াই দিছে৷