নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল সলনি পাকিস্তান ক্রিকেট দলৰ

বিশেষ বাৰ্তা, ৭ জুন : টি–২০ বিশ্বকাৰ প্রথমখন মেচত অৱতীর্ণ হোৱাৰ পূর্বে হোটেল স্থানান্তৰ হ’ল পাকিস্তানৰ৷ আমেৰিকাৰ বিৰুদ্ধে চলিত টি–২০ বিশ্বকাপৰ প্রথমখন খেলত ভাগ লোৱাৰ পূর্বে বাবৰ আজমক নতুন হোটেললৈ লৈ যোৱা হয়৷ বাবৰ বাহিনী থকা নিউয়র্ক হোটেলখনত সমস্যা নথকা সত্ত্বেও হোটেলখনৰ বিৰুদ্ধে পিচিবিয়ে আইচিচিৰ ওচৰত আপত্তি দর্শাইছিল৷ কিয়নো পাকিস্তান দলটোক হোটেলৰ পৰা ষ্টেডিয়ামলৈ যাবলৈ ডেৰ ঘণ্টা লাগিছিল৷ বিশ্বকাপৰ দৰে প্রতিযোগিতাত ষ্টেডিয়ামলৈ অহা–যোৱা কৰি দিনটোৰ ৩ ঘণ্টা নষ্ট হৈছিল৷ এই ব্যৱস্থাক লৈ অসন্তুষ্টি প্রকাশ কৰে আৰু পিচিবিৰ অধ্যক্ষ মহছিন নাকভীয়ে আনুষ্ঠানিকভাৱে আপত্তি কৰাৰ পিছত আহচিচিৰ বিষয়াসকলে বাবৰ বাহিনীৰ হোটেল সলনি কৰাৰ উদ্যোগ লয়৷ বাবৰ বাহিনীৰ নতুন হোটেলৰ পৰা ষ্টেডিয়ামলৈ যাবলৈ ৫ মিনিট লাগে৷

You might also like