নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান–খহনীয়াঃ ২৮ লাখ ভূমিহীন লোকৰ হুমুনিয়াহ–বেদনাৰে ভাৰাক্রান্ত অসম

তিনিচুকীয়াত সর্বাধিক লোকে হেৰুৱাইছে ভূমি

নিয়মীয়া বাৰ্তা, ৩ মার্চঃ বান–খহনীয়াত ক্ষতিগ্রস্ত হৈ ৰাজ্যৰ ২ লাখ ৭৫ হাজাৰ ৩২৯জন লোক ভূমিহীন হৈছে ৷ ইয়াৰে তিনিচুকীয়া জিলাত সর্বাধিক ৬১,৩১৭জন লোক ভূমিহীন হৈ কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে ৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্রথম দিনটোতে অগপৰ বিধায়ক উৎপল দত্তই উত্থাপন কৰা প্রশ্নৰ উত্তৰত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনে এই তথ্য সদৰী কৰে ৷ বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, ধেমাজি জিলাৰ লগতে কামৰূপ (মহানগৰ) জিলাত ৪৬,৮৫২জন লোক ভূমিহীন হৈছে৷ আনহাতে, লখিমপুৰ জিলাত ৩২,৩৬৪জন লোক ভূমিহীন হোৱাৰ বিপৰীতে ভূমিহীন পৰিয়ালৰ সংখ্যা হৈছে ৩,৭৭১টা৷ শোণিতপুৰ জিলাত ভূমিহীন হোৱা পৰিয়ালৰ সংখ্যা হ’ল ২,৫১৬টা, হাইলাকান্দি জিলাত ১১৯টা, নলবাৰী জিলাত ২,৬১৪টা, বৰপেটা জিলাত ৬,০১৩টা, গোৱালপাৰা জিলাত ১,৯৮২টা, ধুবুৰী জিলাত ৪৩০টা, ডিব্রুগড় জিলাত ২,২৮৪টা, মাজুলীত ৫,৯৯০টা, যোৰহাট জিলাত ৬৪২টা, বিশ্বনাথ জিলাত ৯৪৭টা, গোলাঘাট জিলাত ১,৭৯১টা, কাছাৰত ৯টা, কামৰূপ জিলাত ৫১০টা, বঙাইগাঁও জিলাত ৮৫১টা, নগাঁও জিলাত ১,৩১৬টা, হোজাইত ৫টা আৰু মৰিগাঁও জিলাত ১২,১৭২টা পৰিয়াল ভূমিহীন হৈ আছে ৷ ভূমিহীন হৈ থকা এই পৰিয়ালসমূহৰ কেইবাটাও পৰিয়ালক ইতিমধ্যে ৰাজ্য চৰকাৰে প্রদান কৰিছে ভূমি পট্টা ৷ সেই অনুসৰি তিনিচুকীয়া জিলাত ৭,৬৫২টা পৰিয়ালক ভূমি পট্টা প্রদান কৰাৰ বিপৰীতে মাজুলীত ৪,৮৮২টা পৰিয়ালক, গোলাঘাটত ৩,৭৪১টা পৰিয়ালক, বিশ্বনাথত ১,১৭০টা পৰিয়ালক, ধেমাজিত ২,৯৯১টা পৰিয়ালক, ডিব্রুগড়ত ৯৯টা পৰিয়ালক, নগাঁৱত ১,২০৭টা পৰিয়ালক, চৰাইদেউত ৮৯৩টা পৰিয়ালক, লখিমপুৰত ৫৮০টা পৰিয়ালক, শোণিতপুৰত ৮৭টা পৰিয়ালক, দৰঙত ৫১৩টা পৰিয়ালক আৰু নলবাৰী জিলাত ১২৬টা পৰিয়ালক ভূমি পট্টা প্রদান কৰা হৈছে৷ পৰিতাপৰ বিষয়টো হ’ল যে ভূমিহীন পৰিয়ালক ভূমি পট্টা প্রদানৰ বিপৰীতে ধেমাজি জিলাত ৫,৯৮,৮৪৮ বিঘা ৩ কঠা ১৪ লেচা চৰকাৰী ভূমি বেদখল হৈ আছে৷ একেদৰে তিনিচুকীয়াত ৪,৯৪,০৭৬ বিঘা ১ কঠা ১৭ লেচা ভূমি, বঙাইগাঁৱত ৫৯,৫৪৬ বিঘা ৪ লেচা মাটি, শিৱসাগৰত ৩,৬৬২ বিঘা ২ কঠা ১০ লেচা মাটি, নগাঁৱত ১,৭১,৪১৫ বিঘা ৩ কঠা ১৬.৫ লেচা মাটি, মৰিগাঁৱত ১,১৩,৮০৭ বিঘা ২ কঠা ১৩ লেচা মাটি, নলবাৰীত ৩৬,১২৩ বিঘা ২ কঠা, লখিমপুৰত ৫৮,৮৯২ বিঘা মাটি, ডিব্রুগড়ত ২,৭৫,৮৪৮ বিঘা ১৮ লেচা মাটি, বিশ্বনাথত ১,৬৬,৭১২ বিঘা ১ কঠা ৪ লেচা মাটি, বৰপেটাত ৪৯,৫৩২ বিঘা ৩ কঠা মাটি আৰু গোৱালপাৰা জিলাত ২,৯২,২৯৮ বিঘা ৩ কঠা ৯ লেচা মাটি বেদখলকাৰীৰ কবলত আছে৷ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, কামৰূপ (মহানগৰ), নগাঁও, হোজাই আৰু মৰিগাঁৱত ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

You might also like