নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত বাংখেড়েতকৈ ৪ গুণ বেছি দৰ্শক ক্ষমতাসম্পন্ন ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুলাইঃ মানুহৰ সমাগমৰ ফালৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম অতি সৰু। যদিও ৱাংখেড়ে এখন ঐতিহাসিক ষ্টেডিয়াম, এতিয়া মুম্বাইত নতুন ষ্টেডিয়ামৰ কথা চিন্তা কৰা হৈছে। নতুন ষ্টেডিয়ামখন ৱাংখেড়েতকৈ প্ৰায় ৪ গুণ ডাঙৰ হ’ব, অৰ্থাৎ নতুন ষ্টেডিয়ামত বহিব পৰা ক্ষমতা ৱাংখেড়েতকৈ প্ৰায় ৪ গুণ বেছি হ’ব। বাৰ্বাডোজত অনুষ্ঠিত ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে টীম ইণ্ডিয়াই। চেম্পিয়ন টীম ইণ্ডিয়ায়ো বাৰ্বাডোজৰ পৰা উভতি অহাৰ পিছত মুম্বাইত এখন মুকলি বাছ লৈ বিজয়ৰ পেৰেড অনুষ্ঠিত কৰে। এই বিজয় আৰু বিজয় পেৰেডৰ অন্তত মুম্বাইৰ পৰা টীম ইণ্ডিয়াৰ দলৰ সদস্য ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবেক মহাৰাষ্ট্ৰ বিধানসভালৈ আমন্ত্ৰণ জনোৱা হয়। ৰোহিত শৰ্মাই বিধানসভাত মাৰাঠী ভাষাতো ভাষণ প্ৰদান কৰে। এতিয়া এই সকলো কথাৰ পিছত উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে নতুন ষ্টেডিয়ামৰ কথা ক’লে। তেওঁ কয় যে এতিয়া মুম্বাইত আধুনিক ষ্টেডিয়ামৰ প্ৰয়োজন। আৰু অধিক দৰ্শকক ৰখাব পৰা এখন ষ্টেডিয়াম। দেৱেন্দ্ৰ ফাডনাভিছে কয় যে মুম্বাইত এতিয়া ৱাংখেড়েতকৈ ডাঙৰ ষ্টেডিয়ামৰ প্ৰয়োজন। মই জানো ৱাংখেড়ে এখন ঐতিহাসিক ষ্টেডিয়াম কিন্তু এতিয়া মুম্বাইত ১ লাখতকৈ অধিক লোকৰ ক্ষমতাসম্পন্ন নতুন ষ্টেডিয়ামৰ প্ৰয়োজন আৰু আমি ভৱিষ্যতে ইয়াক নিৰ্মাণ কৰাৰ চেষ্টা কৰিম। অৱশ্যে নতুন ষ্টেডিয়াম নিৰ্মাণ সন্দৰ্ভত এতিয়াও কোনো ঘোষণা কৰা হোৱা নাই। ৱাংখেড়ে ষ্টেডিয়াম ১৯৭৪ চনত নিৰ্মাণ কৰা হৈছিল। এই ষ্টেডিয়ামত প্ৰায় ৩২ হাজাৰ লোকৰ বহাৰ ক্ষমতা আছে। এই একেখন ঐতিহাসিক খেলপথাৰ, য’ত এম এছ ধোনীৰ অধিনায়কত্বত ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়াই জয়লাভ কৰিছিল। এই খেলপথাৰৰ পৰা ধোনীয়ে ছয় মাৰি ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফী তুলি লৈছিল।

You might also like