ৰিজার্ভ বেংকত নতুন নোটৰ অবৈধ বেহা
৫০০ টকাত বিক্রী ১ টকীয়া ১০০খন নোটঃ বেংক কর্মচাৰীৰ বিৰুদ্ধে ৩০০ টকা সংগ্রহৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৪ মার্চঃ গুৱাহাটীৰ ৰিজার্ভ বেংকৰ সন্মুখত দীর্ঘদিন ধৰি খুচুৰা পইচাৰ এখন অবৈধ বজাৰ চলি আহিছে৷ একাংশ পুৰুষ–মহিলাই বছৰৰ পাছত বছৰ ধৰি গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ যোৱা পদপথত খুচুৰা পইচাৰ অবৈধ ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ খুচুৰা পইচাৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে নতুন এটকীয়া নোটক লৈ এখন ক’লা বজাৰ গঢ়ি তুলিছে৷ ৰিজার্ভ বেংকৰ সন্মুখৰ পদপথত শাৰী শাৰীকৈ বহি থকা এই পুৰুষ–মহিলাসকলে এশখন নতুন এটকীয়া নোট পাঁচশ টকাত বিক্রী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ‘নিয়মীয়া বার্তা’ৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য৷ খুচুৰা পইচাৰ ব্যৱসায় চলাই অহা লোকসকলে ৰিজার্ভ বেংকৰ একাংশ অসাধু কর্মচাৰীৰ পৰা নতুন এটকীয়া নোটৰ বাণ্ডিল ৩০০ টকাত ক্রয় কৰে৷ ব্যৱসায়ীসকলে ক্রয় কৰা এটকীয়া নোটৰ বাণ্ডিল ৫০০ টকাত বিক্রী কৰিবলৈ বাধ্য বুলি একাংশ ব্যৱসায়ীয়ে স্বীকাৰ কৰিছে৷ ৰিজার্ভ বেংকৰ একাংশ অসাধু কর্মচাৰীৰ পৃষ্ঠপোষকতা আৰু কালীবাৰীৰ কেইজনমান লোকৰ ছত্রছাঁয়াত বছৰৰ পাছত বছৰ ধৰি গুৱাহাটী ষ্টেচনত খুচুৰা পইচাৰ এখন অবৈধ বৃহৎ বজাৰ চলি আহিছে৷ বিভিন্ন সময়ত এই অবৈধ খুচুৰা পইচাৰ বজাৰখনৰ বিৰুদ্ধে ৰিজার্ভ বেংক কর্তৃপক্ষ, স্থানীয় আৰক্ষী–প্রশাসনক অভিযোগ দি অহাৰ পাছতো কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ অভিযোগ অনুসৰি আৰক্ষী–প্রশাসনক নিয়মীয়াকৈ ধন যোগান ধৰি অহাৰ বাবেই আজিলৈকে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ভুক্তভোগী গ্রাহকৰ অভিযোগ অনুসৰি নতুন এটকীয়া নোটৰ প্রচলন নোহোৱাৰ সুযোগ লৈ এই ব্যৱসায়ৰ লগত জড়িত লোকসকলে পাঁচ টকাৰ বিনিময়ত এটকীয়া নোট ক্রয় কৰিবলগীয়া হৈছে৷ ৰিজার্ভ বেংকত কর্মৰত অসাধু কর্মচাৰীৰ ছত্রছাঁয়াত চলি থকা এই বৃহৎ বজাৰখন বন্ধ কৰাৰ বাবে ৰিজার্ভ বেংক কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব ৷