নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম টি–২০ত জিম্বাব’ৱেৰ হাতত পৰাস্ত ভাৰতীয় দল

🔹 অভিষেক মেচত ব্যর্থ অসম-সন্তান ৰিয়ান পৰাগ

বিশেষ বাৰ্তা, ৭ জুলাই : জিম্বাব’ৱে ভ্রমণৰ প্রথমখন মেচতে মুখথেকেচা খালে যুৱ খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই৷ হাৰাৰেত অনুষ্ঠিত পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচত ভাৰতীয় দলটো ১৩ ৰানত পৰাস্ত হয়৷ মেচখনত গিল বাহিনীৰ পৰাজয়ৰ মূলতে হ’ল বেটিং বিপর্যয়৷ ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১১৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতে ১৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০২ ৰানহে কৰে৷ ভাৰতীয় দলটোৰ আটাইকেইজন আগশাৰীৰ ক্রিকেটাৰ সম্পূর্ণৰূপে ব্যর্থ হয়৷ দলীয় স্ক’ৰত কোনো ৰান সংযোগ নৌহওঁতেই অভিষেক শর্মাই বিদায় লয়৷ ইয়াৰ পিছতে বিপর্যয়ত পৰে ভাৰতীয় দলটো৷ জিম্বাব’ৱেৰ বলাৰৰ নিখুঁত বলিঙৰ সন্মুখত ভাৰতীয় দলটোৰ ইজনৰ পিছত সিজন বেটাৰ পেভিলিয়নমুখী হয়৷ অধিনায়ক শুভমন গিলে সর্বাধিক ৩১, ৱাশ্বিংটন সুন্দৰে ২৭ আৰু আভেছ খানে ১৬ ৰান কৰে৷ ৰুতুৰাজ গাইকোৱাডে ৭, ৰিয়ান পৰাগে ২, ৰিংকু সিঙে ০, ধ্রুৱ জুৰেলে ৬ আৰু ৰবি বিষ্ণই ৯ ৰান কৰে৷ জিম্বাব’ৱেৰ হৈ টেণ্ডাই চাটাৰা আৰু ছিকন্দৰ ৰাজা উভয়ে সর্বাধিক ৩টাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ক্লাইভ মাদাণ্ডেৰ অপৰাজিত ২৯, ডি’ন মায়েছৰ ২৩, ৰিয়ান বেনেটৰ ২২, ৱেছলে মাধেভেৰেৰ ২১ আৰু অধিনায়ক ৰাজাৰ ১৭ ৰানৰ সহায়ত জিম্বাব’ৱেই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১১৫ ৰান কৰে৷ ভাৰতৰ হৈ ৰবি বিষ্ণয়ে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷ টীম ইণ্ডিয়াৰ হৈ অভিষেক মেচত অসম-সন্তান ৰিয়ান পৰাগ ব্যর্থ হয়। ৰিয়ানে ৩টা বলত ২ ৰান কৰিবলৈ সক্ষম হয়।

You might also like