নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ নেতৃত্বত ৰোহিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ ভাৰতীয় দলটোৱে অলপতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত চেম্পিয়ন হৈছে। বিচিচিআইৰ সম্পাদক জয় শ্বাহে ডাঙৰ ঘোষণা কৰিছে। আচলতে জয় শ্বাহে টি-২০ বিশ্বকাপ জয়ৰ কৃতিত্ব মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজাক দিছে। লগতে বিচিচিআইৰ সম্পাদক জয় শ্বাহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু চেম্পিয়নছ ট্ৰফীৰ বিষয়ে ডাঙৰ ডাঙৰ তথ্য দিয়ে। জয় শ্বাহে কয় যে ৰোহিত শৰ্মাই ভাৰতীয় দলটোক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু চেম্পিয়নছ ট্ৰফীত নেতৃত্ব দিব।

You might also like