নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুনজুলিত বিশেষভাৱে সক্ষম ব্যক্তিক চেক প্ৰদান বিশ্বজিৎ দৈমাৰীৰ

নিয়মীয়া বাৰ্তা, ৭ জুলাই : ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টি তথা ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বামুনজুলি চাহ বাগিচাত কেইবাজনো শাৰীৰিকভাৱে সক্ষম ব্যক্তিক চেক প্ৰদান‌ কৰা হয়। পানেৰী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত শাৰীৰিকভাৱে সক্ষম যুৱক-যুৱতীৰ ওচৰত এককালীন সাহাৰ্য প্ৰদান বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ। আৰ্থিক দৰিদ্ৰতাই জুৰুলা কৰা অথবা বৰ্তমানেও কোনো ধৰণৰ চৰকাৰী সুবিধা নোপোৱা শাৰীৰিকভাৱে সক্ষম যুৱক-যুৱতীসকলৰ ওচৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাহাৰ্য প্ৰদান কৰাত সকলোৱে শলাগ লয়। বিগত বছৰ-বছৰ ধৰি এই সকল শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ ওচৰত খৱৰ ল’বলৈ আহৰি নহ’ল কোনো এগৰাকী জনপ্ৰতিনিধিৰ। ক’তো কাৰো পৰা সহাৰি নোপোৱাত অৱশেষত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আহ্বান জনোৱাত পৰিয়ালকেইটিৰ আৰ্থিক দৰিদ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি নিজ গাঠিৰ ধন খৰচ কৰি ৫০ হাজাৰকৈ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে। আজি ৰজাগড়ৰ বিশিষ্ট যুৱ সমাজকৰ্মী বিজয় বৈশ্যৰ সহায়ত প্ৰতিটো পৰিয়ালৰ বাসগৃহত দলীয় কৰ্মীৰ সৈতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশমৰ্মে বিজয় বৈশ্যই নিজে উপস্থিত হৈ প্ৰতিগৰাকী শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ হাতত বিশ্বজিৎ দৈমাৰীয়ে দিয়া এককালীন সাহাৰ্য্যৰ ৫০ হাজাৰ টকাৰ চেক অৰ্পন কৰে। অসম বিধানসভাৰ অধ‍্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সহানুভূতিশীলতাৰ এই প্ৰসংশনীয় পদক্ষেপক অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিজয় বৈশ্যক অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰেৰক পিংকু কলিতা

You might also like