নিয়মীয়া বার্তা, ৪ মার্চঃ এতিয়াও উন্মুক্ত হৈ আছে ভাৰত–বাংলাদেশ সীমান্তৰ ৯৮১.৬২৬ কিলোমিটাৰ ৷ মঙলবাৰে লোকসভাৰ মজিয়াত উদ্বেগজনক এই তথ্য প্রদান কৰিছে কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে ৷ বিভিন্ন কাৰণত এতিয়াও ভাৰত–বাংলাদেশ সীমান্ত সম্পূর্ণৰূপে ছীল কৰিব পৰা নাই বুলি ৰায়ে আজি অকপটে স্বীকাৰ কৰিছে ৷ সদনৰ প্রশ্নোত্তৰ কালত বিভাগীয় ৰাজ্যমন্ত্রীজনৰ বক্তব্য– সীমান্তৰ দুর্গম এলেকাৰ বাবে বহুতো ঠাইত বেৰ নির্মাণ কৰা সম্ভৱপৰ হোৱা নাই ৷ মন্ত্রীজনে এইক্ষেত্রত স্পষ্টকৈ একো কোৱা নাই যদিও সম্ভৱতঃ সীমান্ত অঞ্চলত বাৰিষাৰ বাবেই বেৰৰ নির্মাণকার্য বাধাগ্রস্ত হৈছে বুলি ক’ব বিচাৰিছে৷ তেওঁৰ মতে ভূমি অধিগ্রহণৰ ক্ষেত্রতো চৰকাৰে সমস্যাৰ সন্মুখীন হৈছে৷ সীমান্তৰ ঠায়ে ঠায়ে বেৰ নির্মাণত ৰাইজৰ লগতে ব’ডাৰ গার্ড বাংলাদেশেও সময়ে সময়ে বাধা আৰোপ কৰি আহিছে বুলিও মন্ত্রী ৰায়ে অভিযোগ ডত্থাপন কৰে৷ তদুপৰি সীমান্তত আছে নদী এলেকাও, য’ত বেৰ নির্মাণ কৰা সম্ভৱ নহয়৷ বিভাগীয় ৰাজ্য মন্ত্রীজনে প্রদান কৰা তথ্য অনুসৰি ৪,০৯৬.৭০ কিলোমিটাৰব্যাপী ভাৰত–বাংলাদেশ সীমান্তৰ ৩,১১৫.০৭৪ কিলোমিটাৰ এলেকাত এতিয়ালৈকে বেৰ নির্মাণ কৰা সম্ভৱ হৈছে৷ সীমান্ত ডন্মুক্ত হৈ আছে ৯৮১.৬২৬ কিলোমিটাৰ এলেকাত৷ ইয়াৰ ভিতৰত সর্বাধিক পশ্চিমবংগৰ ৫৭৯.৬৫২ কিলোমিটাৰ ডন্মুক্ত হৈ আছে৷ ইয়াৰ পিছত আছে মিজোৰামৰ ১৬২.৯২৩ কিলোমিটাৰ৷ মেঘালয় আৰু ত্রিপুৰাত ডন্মুক্ত হৈ আছে ক্রমে ১১৮.৫৭১ আৰু ৬৫.৫৭৬ কিলোমিটাৰ৷ আনহাতে অসমত ডন্মুক্ত হৈ আছে ৫৪.৯০৪ কিলোমিটাৰৰ সীমান্ত৷ ডল্লেখ্য যে অসমত আছে ভাৰত–বাংলাদেশ সীমান্তৰ আটাইতকৈ কম এলেকা৷ পিছে ২৬৩ কিলোমিটাৰৰ অসম–বাংলাদেশ সীমান্তৰ প্রায় ৫৫ কিলোমিটাৰেই যেতিয়া ডন্মুক্ত হৈ আছে তেনেস্থলত বাংলাদেশীৰ অনুপ্রৱেশ যে এতিয়াও অব্যাহত আছে তাত কোনো সন্দেহ নাই৷ বাস্তৱত অবৈধ বাংলাদেশীৰ অনুপ্রৱেশ সন্দর্ভতো মন্ত্রী ৰায়ে আজি সদনত তথ্য প্রদান কৰে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকালত অর্থাৎ ২০১৪ চনৰ পৰা ভাৰত–বাংলাদেশ সীমান্তত মুঠ ১১,৭৮৩ জন অবৈধ বাংলাদেশীক ভাৰতৰ নিৰাপত্তা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ বিস্তাৰিত তথ্য অনুসৰি ২০১৪ চনত ২,৪৫৫ জন, ২০১৫ চনত ৩,৪২৬ জন, ২০১৬ চনত ২,০৭৫ জন, ২০১৭ চনত ১,১৭৫ জন, ২০১৮ চনত ১,১১৮ জন, ২০১৯ চনত ১,৩৫১ জন আৰু চলিত বর্ষত ২২ ফেব্রুৱাৰীলৈকে ১৮৩ জন অবৈধ বাংলাদেশীক নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কৰে ৷