নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্রৰ প্রতি আস্থা

গণতান্ত্রিক দেশ এখনৰ নাগৰিকৰ গণতন্ত্রৰ প্রতি আশ্বাস সদায় অটুট থাকে নে নাথাকে৷ গণতন্ত্রৰ প্রতি নাগৰিক সন্তুষ্ট নে অসন্তুষ্ট৷ এনেধৰণৰ বাতাৱৰণ এটা বিশ্বৰ গণতান্ত্রিক দেশসমূহত চলি থাকে৷ বিশ্বৰ প্রখ্যাত সংস্থা পিউ ৰিছার্চ চেণ্টাৰে বিশ্বৰ গণতান্ত্রিক দেশসমূহৰ নাগৰিকৰ মাজত তেওঁলোক গণতন্ত্রক লৈ সন্তুষ্ট নে অসন্তুষ্ট, গণতন্ত্রৰ প্রতি তেওঁলোকৰ আস্থা কিমান সেই সন্দর্ভত চলোৱা প্রতিবেদনত আশ্চর্যজনকভাৱে উচ্চ আয়ৰ দেশত গণতন্ত্রৰ প্রতি নাগৰিকৰ অসন্তুষ্টি বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে৷ চলিত বর্ষৰ এপ্রিল মাহত বিশ্বৰ ৩১ গণতান্ত্রিক দেশত পিউ ৰিছার্চ চেণ্টাৰে চলোৱা গৱেষণাত দেশকেইখনৰ ৫৪ শতাংশ নাগৰিক গণতন্ত্রক লৈ অসন্তুষ্ট বুলি মত ব্যক্ত কৰিছে৷ ইয়াৰ বিপৰীতে গণতন্ত্রক লৈ ৪৫ শতাংশ নাগৰিক সন্তুষ্ট৷ বাকী ১ শতাংশ লোকে কোনোধৰণৰ মন্তব্য কৰা নাই৷ প্রতিবেদনত গণতন্ত্রৰ প্রতি আস্থা আছে নে নাই, সেই সন্দর্ভত দেশ এখনৰ দুটা কাৰকক প্রাধান্য দিয়া হৈছে৷ প্রথমটো কাৰক হৈছে দেশৰ অর্থনীতি সঠিকভাৱে চলিছে নে নাই, সেই সন্দর্ভত নাগৰিকৰ কিমান বিশ্বাসযোগ্যতা আছে৷ দ্বিতীয়টো হৈছে, শাসকীয় দলে চৰকাৰখন ভালদৰে চলাইছে নে নাই অর্থাৎ গণতান্ত্রিক ব্যৱস্থাটোক সঠিকভাৱে আগবঢ়াই নিবলৈ সক্ষম হৈছে নে নাই৷ ২০১৭ চনৰ পৰা ২০২৪ চনৰ এপ্রিললৈকে ৩১খন দেশত এই দুটা কাৰকৰ জৰিয়তে চলোৱা সমীক্ষাত ২০১৭ চনৰ পৰা ২০১৯ চনলৈকে দেশকেইখনৰ নাগৰিকসকলে গণতন্ত্রৰ প্রতি অসন্তুষ্টি নিম্নগামী হোৱাৰ তথ্য লাভ কৰিছে৷ আনহাতে, ক’ভিড–১৯ মহামাৰীৰ পিছৰ পর্যায়ত ২০২১ চনৰ পৰা গণতন্ত্রৰ প্রতি দেশকেইখনৰ নাগৰিকৰ অসন্তুষ্টি সামান্য হ্রাস পাইছে৷ অর্থাৎ গণতান্ত্রিক ব্যৱস্থাটোৰ প্রতি সামান্য সন্তুষ্টি বৃদ্ধি হৈছে৷ ক’বলৈ গ’লে গণতন্ত্রৰ প্রতি আস্থা দেশৰ নাগৰিকৰ অটুট আছে৷
বিশ্বৰ উচ্চ আয়ৰ দেশ প্রধানতঃ কানাডা, জার্মানী, গ্রীচ, দক্ষিণ কোৰিয়া, গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্রত গণতন্ত্রৰ প্রতি নাগৰিকৰ আস্থা নিম্নগামী হৈছে৷ সমীক্ষাত ১২খন দেশত সন্তুষ্টি থকা নাগৰিকৰ সংখ্যা মাত্র ৪৯ শতাংশ৷ ইউৰোপীয় সংঘৰ দেশত ছুইডেনত ৭৫ শতাংশই গণতন্ত্রৰ প্রতি আস্থা ব্যক্ত কৰাৰ বিপৰীতে গ্রীচত মাত্র ২২ শতাংশ লোকেহে গণতন্ত্রৰ প্রতি আস্থা ব্যক্ত কৰিছে৷ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু ছিংগাপুৰত গণতন্ত্রৰ প্রতি আস্থা থকা নাগৰিকৰ সংখ্যা হ্রাস পোৱা নাই৷ ভাৰতত ৭৫ শতাংশতকৈ অধিক লোকৰ গণতন্ত্রৰ প্রতি আস্থা আছে৷ গণতান্ত্রিক ব্যৱস্থা সঠিকভাৱে শাসকীয় চৰকাৰে বর্তাই ৰখা বুলি ৭৫ শতাংশ লোকে বিশ্বাস কৰে৷ ইপিনে, জাপানত মাত্র ৩১ শতাংশ লোকেহে চৰকাৰখনে গণতান্ত্রিক ব্যৱস্থাটোক সুচাৰুৰূপে পৰিচালনা কৰি আছে বুলি মত ব্যক্ত কৰিছে৷ ৩১খন দেশৰ ভিতৰত অধিকাংশ দেশতে ৰাষ্ট্রীয় অর্থনীতি নেতিবাচক হোৱাৰ বাবে গণতন্ত্রই সঠিকভাৱে কাম কৰি থকা নাই বুলি সমীক্ষাত প্রকাশ পাইছে৷ আনহাতে, ২০১৭ চনৰ পিছত আদালত অথবা সংসদৰ অনুমতি অবিহনে কাম–কাজ কৰাৰ ক্ষেত্রত গুৰুত্ব দিয়া শক্তিশালী নেতাৰ সমর্থন বিশ্বৰ ৮খন দেশত বৃদ্ধি পাইছে৷ কানাডাত ৬৭ শতাংশ প্রাপ্তবয়স্ক লোকে গণতন্ত্রৰ প্রতি সন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে গণতন্ত্রৰ আস্থাহীনতা বৃদ্ধি হৈছে৷ বিশ্বৰ প্রাচীনতম গণতান্ত্রিক দেশ আমেৰিকা যুক্তৰাষ্ট্রত ৭২ শতাংশ লোকে গণতন্ত্রৰ প্রতি অধিক আস্থা থকা বুলি মত ব্যক্ত কৰিছে৷ মাত্র ৮ শতাংশ আমেৰিকানেহে গণতন্ত্রৰ প্রতি অসন্তুষ্টি ব্যক্ত কৰিছে৷ আমেৰিকাৰ গণতান্ত্রিক ব্যৱস্থাটো বিশ্বৰ আন গণতান্ত্রিক দেশক উদাহৰণ হিচাপে গণতন্ত্রক উজ্জীৱিত কৰি ৰাখিছে বুলি এই সমীক্ষাত প্রকাশ পাইছে৷ তাৎপর্যপূর্ণ যে বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰতত গণতন্ত্রৰ প্রতি ৭৫ শতাংশতকৈ অধিক লোকে আস্থা ব্যক্ত কৰিছে৷ এই প্রতিবেদনে ভাৰতত গণতান্ত্রিক ব্যৱস্থাটো সঠিকভাৱে আগবাঢ়ি আছে বুলি উদঙাই দিছে৷

You might also like