নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ চহৰবোৰত কৃত্রিম বান

বিগত কিছু বছৰৰ পৰা দেশৰ প্রায় সকলোবোৰ চহৰতে কৃত্রিম বানে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ অন্য চহৰৰ দৰে গুৱাহাটী মহানগৰীকো এই কৃত্রিম বানে গ্রাস কৰা পৰিলক্ষিত হৈছে৷ প্রতিবছৰে গুৱাহাটীৰ কৃত্রিম বানে মহানগৰবাসীক জলাকলা খুওৱাৰ লগতে মানুহৰো প্রাণ কাঢ়ি নিয়া দেখা গৈছে৷ এইবাৰ কৃত্রিম বানত এটি ৮ বছৰীয়া শিশুৱে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ শিশুটিৰ কৰুণ মৃত্যুৱে সকলো লোকৰে অন্তৰ স্পর্শ কৰিছে৷ কেৱল এয়াই নহয়, ইয়াৰ পূর্বেও বহু লোকে কৃত্রিম বানত প্রাণ দিবলগীয়া হৈছে যদিও এই সমস্যাৰ সমাধান সম্ভৱ হোৱা নাই৷ কেৱল গুৱাহাটীতে নহয়, দেশৰ ৰাজধানী চহৰ দিল্লীৰ উপৰি আগশাৰীৰ চহৰ মুম্বাই, হায়দৰাবাদ, আহমেদাবাদ, চেন্নাই, চুৰাট, কলকাতা আদিকো কৃত্রিম বানে বিধ্বস্ত কৰিবলৈ লৈছে৷ বাৰিষাৰ লগে লগে এই মহানগৰসমূহত কৃত্রিম বানে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ উপকূলীয় চহৰসমূহত হঠাতে অহা ধুমুহাই প্রবল বানপানীৰো উদ্রেক কৰাৰ ফলত জনসাধাৰণৰ মাজত হাহাকাৰ লাগে৷ বিভিন্ন কাৰণত চহৰসমূহ কৃত্রিম বানত আক্রান্ত হ’ব ধৰিছে৷ বিশেষকৈ মাষ্টাৰপ্লেন তথা পৰিকল্পনাৰ অভাৱ, পানী ওলাই যোৱা পথৰ লগতে জলাশয়সমূহত অবৈধ বেদখল আদিৰ বাবেই কৃত্রিম বানে চুই গৈছে প্রতিখন চহৰৰ বাসিন্দাক৷ জলবায়ু পৰিৱর্তনৰ কাৰণে আৱহাৱাৰ পৰিৱর্তনৰ ফলত হঠাতে অহা তীব্র বৃষ্টিপাতে চহৰসমূহ বুৰাই পেলাই কৃত্রিম বানৰ সৃষ্টি কৰে৷ সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ সমস্যাটোৰ বাবেও উপকূলীয় মহানগৰসমূহলৈ বিপদ মাতি আনিছে৷ অপৰিকল্পিত নগৰায়নেই চহৰসমূহত কৃত্রিম বানপানী সৃষ্টিৰ অন্যতম কাৰণ হিচাপে দেখা গৈছে৷ তথ্য অনুসৰি ৬২ শতাংশ চহৰেই পৰিকল্পনাৰ অভাৱত সমস্যাজর্জৰ হৈ পৰিছে৷ নিষ্কাশনৰ ব্যৱস্থা নথকা, জলাশয়সমূহত অবৈধ বেদখল আৰু পানী ওলাই যোৱা পথসমূহত বৃহৎ নির্মাণকার্যৰ লগতে একাংশ লোকে জধে–মধে ঘৰ সাজিবলৈ লোৱাৰ বাবে চহৰসমূহৰ পৰা পানী ওলাই গৈ নদী অথবা বৃহৎ নলাত পৰাত বাধাৰ সৃষ্টি হৈছে৷ চহৰবাসীৰ অতি ব্যক্তিকেন্দ্রিকতা তথা সামাজিক সমস্যাৰ প্রতি উদাসীনতাও কৃত্রিম বানৰ অন্যতম কাৰণ হিচাপে দেখা দিছে৷
জলপথ তথা জলাশয়ত অনিয়ন্ত্রিত দখল, নদী তথা জলাশয়ৰ ওপৰতে নির্মাণ কৰা গৃহসমূহৰ বাবে এজাক প্রবল বৰষুণতে বানৰ সৃষ্টি হোৱাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ অবাধ বন ধ্বংসয়ো চহৰসমূহত বন্যাৰ কাৰণ হৈ পৰিছে৷ মুম্বাই মেট্র’পলিটান ৰিজিঅ’ন ডেভেলপমেণ্ট অথৰিটী (এম এম আৰ ডি অ’)য়ে ২০১৫ চনত প্রকাশ কৰা এক গৱেষণা–পত্রত উল্লেখ কৰা হৈছে যে মুম্বাই মহানগৰীত বনভূমিৰ পৰিমাণ ১৯৮৭ চনৰ মুঠ অঞ্চলৰ প্রায় এক তৃতীয়াংশৰ পৰা ২০১৫ চনত ২১ শতাংশলৈ হ্রাস পাইছে৷ এনে নৃতাত্ত্বিক কাৰণৰ উপৰি প্রাকৃতিক কাৰণতো দেশৰ আগশাৰীৰ চহৰসমূহত কৃত্রিম বন্যাই ভয়াৱহতাৰ সৃষ্টি কৰিছে৷ বিগত দুই দশকৰো অধিক কাল ধৰি অন্য চহৰৰ লগতে গুৱাহাটীতো কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ অসমৰ ৰাজধানী চহৰ তথা সমগ্র উত্তৰ–পূর্বাঞ্চলৰ প্রৱেশদ্বাৰ গুৱাহাটীত গ্রীষ্মকালত আকস্মিক বান আৰু প্রবল বৃষ্টিপাতৰ বাবে ক্ষতিগ্রস্ত হৈছে জনজীৱনৰ লগতে বাসগৃহ আৰু অন্যান্য সা–সম্পদ৷ মেঘালয় আৰু আশে–পাশে থকা পাহাৰসমূহৰ পৰা অহা বৰষুণৰ পানীয়ে প্রবল সমস্যাৰ সৃষ্টি কৰে৷ মহানগৰীখনৰ বহু অঞ্চল কেইবাদিনো ধৰি বানৰ কবলত থাকিবলগীয়া হোৱাত সেই অঞ্চলসমূহৰ ৰাইজ বিপর্যয়ৰ সন্মুখীন হয়৷ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা জনসংখ্যা আৰু দ্রুত নগৰায়নৰ ফলত কৃত্রিম বানৰ সমস্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে৷ দেশৰ অন্য চহৰৰ দৰে গুৱাহাটীতো জলাশয়ৰ সংখ্যা হ্রাস পাইছে আৰু একাংশ লোকে সেইবোৰ বেদখলত উঠি-পৰি লাগিছে৷ জনসংখ্যা বৃদ্ধি, অপৰিকল্পিত নগৰায়নৰ ফলত জলাশয়ৰ লগতে পাহাৰ আৰু বনভূমি সংকুচিত হ’ব ধৰিছে৷ গুৱাহাটী মহানগৰীৰ বান সমস্যা প্রতিৰোধৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ ‘মিছন বানমুক্ত গুৱাহাটী’ নামেৰে আৰম্ভ কৰা এক অভিযানে গুৱাহাটীৰ কৃত্রিম বান পূর্বতকৈ বহুখিনি হ্রাস কৰিলেও সম্পূর্ণৰূপে নিৰাময় কৰিব পৰা নাই এই সমস্যা৷ কাৰণ প্রতিবছৰে ন ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হ’ব ধৰিছে৷ মন কৰিবলগীয়া যে অধিকাংশ চহৰৰ দৰে গুৱাহাটীৰো কৃত্রিম বান মনুষ্যসৃষ্ট বিপর্যয়৷ প্রকৃতি ধ্বংস, অনিয়ন্ত্রিত নির্মাণ আৰু নলা–নর্দমাসমূহলৈ নিক্ষেপ কৰা বিভিন্ন সামগ্রীয়ে পানী ওলাই যোৱা পথ বন্ধ কৰি পেলাইছে৷ এনে অৱস্থাত চৰকাৰ অথবা পৌৰ নিগমৰ দ্বাৰা কৃত্রিম বান নিয়ন্ত্রণ কৰা সম্ভৱ নহয়৷ অৱশ্যে জধে–মধে পাহাৰ ভাঙি অথবা জলাশয় বন্ধ কৰি পৰিকল্পিতভাৱে নির্মাণকার্য সম্পন্ন কৰা দেখিও চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে চকুমুদা কুলিৰ ভাও ধৰা অৱস্থাও কৃত্রিম বান সৃষ্টিৰ বাবে বহুলাংশে দায়ী৷

You might also like