নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ ওপৰত আক্রমণ

বন্দুকধাৰীৰ নির্বিচাৰ গুলীবর্ষণত ৰক্তাক্ত হৈ আহিছে বিশ্বৰ মহাপৰাক্রমী তথা সমৃদ্ধিশালী দেশ আমেৰিকা৷ দেশখনত বিগত ছমাহত বন্দুকধাৰীৰ নির্বিচাৰ গুলীচালনাত কমপক্ষেও ৪০০গৰাকী লোকৰ প্রাণহানি হৈছে৷ আমেৰিকাত অস্ত্র ক্রয়ৰ ক্ষেত্রত কঠোৰ নীতিৰ দাবী উত্থাপন হৈ আহিছে যদিও এইক্ষেত্রত কোনো এখন চৰকাৰেই তৎপৰতা দেখুওৱা নাই৷ শেহতীয়াকৈ বন্দুকধাৰীৰ আক্রমণৰ টার্গেট হৈ পৰিছে ৰাজনীতিকসকল৷ মাত্র কেইদিনমান পূর্বে আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ওপৰত নির্বাচনী সমাৱেশতেই দুর্বৃত্তই আক্রমণ চলায়৷ কথমপি প্রাণৰক্ষা পৰে ট্রাম্পৰ৷ কিন্তু এই গুলীচালনাৰ ঘটনাত নিহত হয় এগৰাকী ৰিপাব্লিকান সমর্থক৷ আৰক্ষীয়ে তৎপৰতাৰে বন্দুকধাৰী ২০ বছৰীয়া দুর্বৃত্তক গুলীয়াই হত্যা কৰে যদিও এই ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ আমেৰিকাৰ দৰে দেশ এখনত চোৰাংচোৱা আৰু নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেহু ভেদি দুর্বৃত্তই নির্বাচনৰ প্রার্থী এগৰাকীৰ ওপৰত আক্রমণ চলাবলৈ সক্ষম হোৱাটো অতি পৰিতাপৰ বিষয়৷ বন্দুকধাৰীৰ গুলীয়ে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ কাণ স্পর্শ কৰি গুচি যায়৷ ট্রাম্পৰ ওপৰত সংঘটিত আক্রমণৰ ঘটনাক লৈ বিভিন্ন মহলে নিৰাপত্তা ব্যৱস্থাত সুৰুঙা থকা বুলি অভিযোগ তুলিছে৷ কিন্তু এয়াই প্রথম নহয়, আমেৰিকাৰ ৰাজনীতিত সদায় ৰক্তৰক্ষণ ঘটিছে৷ বিভিন্ন সময়ত ৰাষ্ট্রপতি তথা নির্বাচনৰ প্রার্থীক আক্রমণ চলোৱা হৈছে দেশখনত৷ পেনচিলভেনিয়াৰ নির্বাচনী সমাৱেশত প্রাণঘাতী আক্রমণত ড’নাল্ড ট্রাম্প আক্রান্ত হোৱা বিষয়টোৱে এই পুৰণি ইতিহাস পুনৰ সজীৱ কৰি তুলিছে৷ ট্রাম্প বর্তমান ৰাষ্ট্রপতি নহয় যদিও প্রাক্তন ৰাষ্ট্রপতি তথা আগন্তুক ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে বিশ্ববাসীৰ নজৰত আছে৷ তেনে এগৰাকী প্রভাৱশালী নেতাৰ ওপৰত প্রাণঘাতী আক্রমণ কেনেদৰে সম্ভৱ, তাক লৈ সৃষ্টি হৈছে বিভিন্ন মহলত সৰৱ চর্চা৷
আমেৰিকাৰ ইতিহাস বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে দেশখনৰ ৰাজনীতি সদায় ৰক্তক্ষৰণৰ ঘটনাৰে কলংকিত৷ ইয়াৰ পূর্বে আততায়ীৰ গুলীত প্রাণ হেৰুৱাইছে ৪গৰাকী আমেৰিকান ৰাষ্ট্রপতিয়ে৷ বিশ্বজুৰি জনপ্রিয় নেতা হিচাপে পৰিচিত আব্রাহাম লিংকনকো দুর্বৃত্তই গুলীয়াই হত্যা কৰিছিল৷ আমেৰিকাৰ ইতিহাসত আব্রাহাম লিংকন অতি জনপ্রিয় ৰাষ্ট্রপতি হিচাপে পৰিচিত৷ ইয়াৰ উপৰি জেম্ছ গাৰফিল্ড, উইলিয়াম মেক্কিনলে আৰু জন এফ কেনেডিকো দুর্বৃত্তই গুলীয়াই হত্যা কৰিছিল৷ উল্লেখনীয় যে বহু বিতর্ক সত্ত্বেও আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত কেনেডি আছিল অতি প্রভাৱশালী ৰাষ্ট্রপতি৷ অভিনেত্রী মেৰিলিন মনৰোৰ সৈতে অবৈধ সম্পর্ক থকা বুলি কেনেডিক লৈ আমেৰিকাত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ৷ তথাপি কেনেডি আছিল আমেৰিকাৰ প্রভাৱশালী ৰাষ্ট্রপতিসকলৰ ভিতৰত অন্যতম৷ ইয়াৰ উপৰি ৰাষ্ট্রপতি পদৰ প্রার্থীসকলৰ ওপৰতো আক্রমণৰ ইতিহাস আছে আমেৰিকাৰ৷ ১৮৬৫ চনৰ ১৪ এপ্রিলত ৱাশ্বিংটনত এখন নাটক চোৱাৰ সময়তে জন উইলকিথ বুথ নামৰ দুর্বৃত্তই গুলীয়ায় আব্রাহাম লিংকনক৷ হাস্পতালত মৃত্যু হয় লিংকনৰ৷ ইয়াৰ পাছত ১৮৮১ত গাৰফিল্ড আততায়ীৰ গুলীত নিহত হয়৷ গাৰফিল্ড নিহত হোৱাৰ দুই দশক পাছত ১৯০১ চনত আততায়ীৰ গুলীত প্রাণ হেৰুৱায় ৰাষ্ট্রপতি উইলিয়াম মেককিনলেই৷ লক্ষণীয়ভাৱে থিঅ’ডৰ ৰুছভেল্টৰ ওপৰতো আক্রমণ চলাইছিল আততায়ীয়ে৷ কিন্তু ৰুছভেল্টৰ প্রাণৰক্ষা পৰে৷ একেই ধৰণে ফ্রেংকলিন ডি ৰুছভেল্টৰ ওপৰতো দুর্বৃত্তই আক্রমণ চলাইছিল যদিও তেওঁৰো প্রাণৰক্ষা পৰিছিল৷ কিন্তু দীর্ঘ দূৰত্বভেদী স্নাইপাৰৰ গুলীত নিহত হয় ৰাষ্ট্রপতি জন এফ কেনেডি৷ ইতিহাসবিদসকলে ধাৰণা কৰা অনুসৰি কেনেডিৰ মৃত্যুৰ পৰৱর্তী সময়ত আমেৰিকাৰ ৰাজনীতিত হিংসাৰ প্রভাৱ বৃদ্ধি পাবলৈ ধৰে৷ ইয়াৰ প্রভাৱ পৰিছে সমাজতো৷ লক্ষণীয়ভাৱে ৰ’নাল্ড ৰীগান, জর্জ ডব্লিউ বুশ্ব, হেৰী এছ ট্রুমান আদি ৰাষ্ট্রপতিসকলকো দুর্বৃত্তই আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছিল যদিও তেওঁলোকৰ জীৱন কথমপি ৰক্ষা পৰিছিল৷ অকল সেয়াই নহয়, কেইবাগৰাকীও ৰাষ্ট্রপতি নির্বাচনৰ পদৰ প্রার্থীৰ ওপৰত গুলীচালনা কৰিছিল দুর্বৃত্তই৷ সেই ধাৰা এতিয়াও আমেৰিকাত অব্যাহত আছে৷ ট্রাম্পৰ ওপৰত গুলীচালনাৰ পাছত ৰিপাব্লিকান দলৰ সমাৱেশত এ কে–৪৭সহ বন্দুকধাৰী যুৱক গ্রেপ্তাৰ হোৱা আৰু ছুৰী লৈ আক্রমণৰ বাবে উদ্যত হোৱা যুৱক নিহত হোৱা ঘটনাই আশংকা বৃদ্ধি কৰিছে যে আগন্তুক ৰাষ্ট্রপতি নির্বাচন ৰক্তাক্ত হ’ব বিশ্বৰ সমৃদ্ধিশালী দেশখনত৷

You might also like