নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃত বৃক্ষ আন্দোলন : ১-১৫ আগষ্টলৈ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তিনি কোটি গছপুলি ৰোৱাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে৷ এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিগত বর্ষৰ ছেপ্টেম্বৰ মাহত ৰোপণ কৰা এক কোটি ১২ লাখ গছপুলিৰ ৯০ শতাংশই জীৱিত অৱস্থাত আছে৷ অমৃত বৃক্ষ আন্দোলনৰ এপ মুকলি কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বন বিভাগৰ নার্ছাৰীৰ ৪ কোটি গছপুলি সাজু কৰি ৰখা হৈছে৷ ৩ কোটি গছপুলি বিতৰণ কৰাৰ বিপৰীতে ১ কোটি গছপুলি পৰৱর্তী সময়ত কোনো পুলি মৰি গ’লে তাৰ বিপৰীতে যোগান ধৰা হ’ব৷ বিগত সময়ছোৱাত কল চেণ্টাৰৰ জৰিয়তে যিবোৰ মহিলা আত্মসহায়ক গোটক গছপুলি বিতৰণ কৰা হৈছিল, তেওঁলোকক সঘনাই যোগাযোগ কৰি থকাৰ পাছত গছপুলিসমূহ যে জীৱিত অৱস্থাত আছে এয়া স্পষ্ট হৈছে৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে ৰাজ্য চৰকাৰৰ সামগ্রিক লক্ষ্য ১০ কোটি গছপুলি ৰোপণ কৰা৷ এইবাৰ গছপুলি ৰোপণৰ ক্ষেত্রত স্বেচ্ছাসেৱী সংগঠন, ক্ষুদ্র চাহ বাগিচাৰ খেতিয়ক, সেনা, এয়াৰ ফ’ৰ্চ আৰু নিৰাপত্তা বাহিনীৰ লোককো এইবাৰ ব্যৱহাৰ কৰা হ’ব৷ এই গছপুলিসমূহ ৰোপণ কৰিব পাৰিলে আগন্তুক ৫–৬ বছৰত পৰিৱেশৰ ওপৰত এক ইতিবাচক প্রভাৱ পেলাবলৈ সক্ষম হ’ব অসম৷ সমান্তৰালভাৱে গছৰ বাণিজ্যিকৰণৰ প্রক্রিয়াও ইয়াৰ জৰিয়তে আৰম্ভ হ’ব৷ এই গছপুলি ৰোপণৰ পাছত ১৬–১৭ আগষ্টত এআইৰ জৰিয়তে কিমান গছপুলি ৰোপণ কৰা হ’ল সেয়া স্পষ্ট হৈ পৰিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে কোন জিলাত কিমান গছপুলি ৰোপণ কৰা হ’ব সেয়াও নির্ধাৰণ কৰি দিয়া হৈছে৷ জিলা আয়ুক্তসকলে এই গছপুলি ৰোপণত বিশেষ ভূমিকা গ্রহণ কৰিব৷ ইফালে, ৰাজ্যৰ বিভিন্ন প্রান্তত ব্রহ্মপুত্রৰ পৰা ভূমি উদ্ধাৰ কৰি সংৰক্ষিত বনাঞ্চল কৰাৰ প্রচেষ্টাও অব্যাহত থকাৰ কথা আজি উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷ এই সন্দর্ভত তেওঁ কয়– বিশাল ব্রহ্মপুত্রক ঠেক আৰু দ’ কৰি বোৱাই নিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ গুৱাহাটী আইআইটিত এই সন্দর্ভত বিস্তৃত পৰীক্ষা নিৰীক্ষা চলাই আছে৷ ইতিমধ্যে বগীবিলত এনেদৰে ভূমি উদ্ধাৰৰ এক উদাহৰণ আমি দেখিবলৈ পাইছোঁ৷ মিচিং কালচাৰেল ফেষ্টিভেল হোৱা স্থানত বৃহৎ ভূমি এখণ্ড ব্রহ্মপুত্রৰ পৰা উদ্ধাৰ হৈছে৷ অমৃত বৃক্ষ আন্দোলনৰ তৃতীয় পর্যায়ৰ জৰিয়তে অসমৰ সেউজ আৱৰণ ৩৬ শতাংশৰ পৰা আৰু দুই শতাংশ বৃদ্ধিৰ পৰিকল্পনা কৰা বুলিও আজি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ এই দুই শতাংশ সেউজ আৱৰণ বৃদ্ধি সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে বুঢ়া চাপৰিৰ উচ্ছেদৰ পাছত উক্ত অঞ্চলত গছপুলি ৰোপণ কৰা হৈছে৷ একেদৰে লামডিং বনাঞ্চলৰ উচ্ছেদ চলাই তাতো গছপুলি ৰোপণ কৰা হৈছে, কোবা বনাঞ্চলতো একেধৰণৰ বনাঞ্চল বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে৷ ৰাজ্য চৰকাৰে বনভূমিৰ লগতে ৰাজহ বিভাগৰ ভূমিত বেদখল উচ্ছেদ চলাই বনাঞ্চল বৃদ্ধি কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷

You might also like