নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়ালকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই ঘৰৰ পৰা ওলাই আহিছিল ৰমেন বৰুৱা

🔹 সংবাদ মেলত তদন্ত সন্দর্ভত আৰক্ষী আয়ুক্তৰ মন্তব্য

🔹 ব্রহ্মপুত্রৰ গৰালৈ যোৱাৰ তথ্য আছে যদিও উভতি অহাৰ ক্লু নাই

বিশেষ বাৰ্তা, ২৪ জুলাই : বৰেণ্য সংগীত শিল্পী ৰমেন বৰুৱা সোমবাৰৰ পৰা সন্ধানহীন হোৱা ঘটনাই সমগ্র ৰাজ্যবাসীকে উদ্বিগ্ন কৰি তোলাৰ সময়তে পোহৰলৈ আহিছে আন কেতবোৰ বিস্ফোৰক তথ্য৷ অসমৰ অন্যতম সন্মানীয় পৰিয়াল হিচাপে বিবেচিত বৰুৱা পৰিয়ালৰ ভিতৰচ’ৰাত চলি থকা বাদ–বিবাদৰ বাবে তীব্র মানসিক চাপ তথা অশান্তিত ভুগি স্ব–ইচ্ছাই যশস্বী শিল্পী বৰুৱাই বাসগৃহ এৰি অহাটো স্পষ্ট হৈ পৰিছে৷ ভাতৃ দ্বীপেন বৰুৱাৰ স্বীকাৰোক্তিৰ লগতে মহানগৰ আৰক্ষীৰ তদন্ততো ৰমেন বৰুৱা যে প্রচণ্ড মানসিক অশান্তিত ভুগিছিল, সেই তথ্য পোহৰলৈ আহিছে৷ সোমবাৰে সন্ধানহীন হোৱাৰ পাছত পৰিয়ালৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি এখন সংবাদ মেলত কয়- ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথা–কামৰ বাবে সন্ধানহীন বৰুৱাই আঘাত পাইছিল৷ আঘাতৰ কাৰণ তেওঁৰ নিজা পৰিয়াল বা আন কোনো ব্যক্তিও হ’ব পাৰে৷ তেওঁ পৰিয়ালগত কিছু কাৰণত আঘাত পাইছিল আৰু সেই আঘাত পায়েই স্ব–ইচ্ছাই ঘৰৰ পৰা ওলাই গৈছিল৷ বর্তমানলৈকে তদন্তত লাভ কৰা তথ্য সন্দর্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষী আয়ুক্ত বৰাই কয়– ‘ঘৰৰ পৰা ওলাই যোৱাৰ পাছত চিচি টিভি ফুটেজত দেখুওৱা অনুসৰি তেওঁ নদীৰ একেবাৰে পানীৰ কাষলৈ যোৱাটো থিৰাং কৰা হৈছে৷ তাৰ পৰা উভতি অহা বা উঠি অহাৰ কোনো তথ্য পোৱা নাই৷ তদন্তত আমি বিভিন্ন দিশ সামৰোঁ৷ গতিকে এটা সম্ভাৱনা হ’ব পাৰে যে কিবা কাৰণত অসন্তুষ্টি মনত লৈ উভতি অহাৰ বাবে সেই সময়ত তেওঁৰ মানসিক স্থিতি কেনেকুৱা আছিল বুজাই কোৱা টান হ’ব৷ বোধহয় তেওঁ অস্থিৰো হ’ব পাৰে৷ কাৰণ আমি প্রত্যক্ষদর্শীৰ লগত কথা পাতিছোঁ৷ প্রত্যক্ষদর্শীৰ লগত কথা পাতি এটা কথা জানিবলৈ সক্ষম হৈছোঁ যে এজন প্রত্যক্ষদর্শীয়ে তেওঁক দাদা ক’লৈ যায় বুলি প্রশ্ণ কৰিছিল৷ সেই সময়ত বৰুৱাই হো বুলি এটা শব্দ উচ্চাৰণ কৰিছিল৷ কিন্তু একো উত্তৰ দিয়া নাছিল৷ কোনো উত্তৰ নিদিয়াকৈয়ে তেওঁ আগলৈ খোজকাঢ়ি গৈ আছিল৷ গতিকে তাৰ পৰা এটা কথা বুজা যায় তেওঁ খুব ভাবুক হৈ আছিল৷ ভাবুক হৈ থাকোঁতে নদীৰ ওচৰলৈ যোৱাৰ বাবে কিবা দুর্ঘটনা হ’ব পাৰে, অসাৱধানবশতঃ তেওঁ নদীৰ ফালে পিছলি পৰি যাবও পাৰে৷ এনেধৰণৰ ঘটনা আমি নুই কৰিব নোৱাৰোঁ৷ কিন্তু তেওঁ পানীত পৰি যোৱা বুলি আমি একো প্রমাণ পোৱা নাই, গতিকে মই থিৰাংকৈ ক’ব নোৱাৰোঁ যে তেওঁ পানীত পৰি গৈছে৷ মই এতিয়াও আশা কৰোঁ যে তেওঁ সুস্থ শৰীৰে ঘূৰি আহক৷ কিন্তু পানীৰ কাষলৈ যোৱাৰ পাছত তাৰ পৰা উঠি অহাৰ প্রমাণ আমি পোৱা নাই৷ এই মুহূর্তলৈকে তদন্তৰ ওপৰত নির্ভৰ কৰি মই এটা কথা ক’ব পাৰোঁ যে এই ঘটনাৰ লগত বাহ্যিক কোনো কাৰণ জড়িত নাই৷ তেওঁ কিবা এটা ব্যক্তিগত আৰু পৰিয়ালগত কাৰণত হয়তো মনত আঘাত পাই ঘৰৰ পৰা স্ব–ইচ্ছাই ওলাই গৈছে৷ মই বাৰে বাৰে কৈছোঁ যে তেওঁ নদীৰ ফালৰ পৰা উঠি অহাৰ কোনো প্রমাণ নাই৷ গতিকে অসাৱধানবশতঃ পৰি গৈছে বুলি এছডিআৰএফৰ কেইবাটাও দলে গুৱাহাটীৰ পৰা আৰম্ভ কৰি নামনিলৈকে যিমান কেইখন জিলা আছে, সেই জিলাৰ ভিতৰত ব্রহ্মপুত্রৰ বুকুত অভিযান চলাইছে৷ উচ্চ ন্যায়ালয়ৰ পাছফালৰ ব্রহ্মপুত্রৰ পাৰলৈ যাওঁতে আকস্মিক কোনো দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰোঁ৷ তথাপি যেতিয়ালৈকে কোনো সঠিক প্রমাণ নাপাওঁ তেতিয়ালৈকে ক’ব নোৱাৰোঁ যে তেওঁ নদীত পৰি গৈছে৷’ ইপিনে তদন্তৰ খাতিৰত পৰিয়ালৰ সদস্য–সদস্যাৰ লগত কথা পাতিছে বুলিও তেওঁ মন্তব্য কৰে৷ তদুপৰি প্রতিবেশী আৰু বৰুৱাৰ সৈতে ঘনিষ্ঠ একাংশ ব্যক্তিৰ সৈতেও আৰক্ষীয়ে কথা পাতিছে বুলি সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷ বৰাই কয় যে পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পতাৰ পাছত স্পষ্ট হৈছে যে ব্যক্তিগত আৰু পৰিয়ালগত কাৰণত সন্ধানহীন বৰুৱা অসন্তুষ্ট আছিল, যাৰ বাবে তেওঁ আঘাত পাইছিল৷ এই সন্দর্ভত আৰক্ষী আয়ুক্তগৰাকীয়ে এইবুলিও কয়– ‘বৰুৱাৰ পৰিয়ালৰ নিকট সম্পর্কীয় লোকসকলৰ সৈতে আমি কথা পাতিছোঁ৷ তদন্তৰ খাতিৰত বহু ব্যক্তিৰ সাক্ষ্য গ্রহণ কৰিছোঁ৷ তাৰ অংশ হিচাপে জীয়ৰীৰ লগতো কথা পাতিছোঁ৷ ভতিজীৰ উপৰি তেওঁলোকৰ ঘৰত উপস্থিত থকা কেইবাগৰাকীও ব্যক্তিৰ লগত কথা পাতিছিলোঁ৷ আটাইকেইজন ব্যক্তিৰে কথা-বতৰা পাতি আমি এটা কথাত উপনীত হৈছিলোঁ যে তেওঁ মানসিক আঘাত পাইছে৷ নদীৰ গৰাৰ পৰা কোনো বস্তু লাভ কৰা হোৱা নাই৷ চি চি টিভিৰ ফুটেজত অন্তিমবাৰৰ বাবে সোমবাৰে পুৱা ১০.০৮ বজাত তেওঁক দেখা গৈছিল৷ তেওঁৰ ম’বাইল ফোন পুৱা ১০.০৯ বজাত বন্ধ হৈছিল৷ গতিকে চি চি টিভিত শেষবাৰৰ বাবে দেখা পোৱাৰ পাছত নদীৰ গৰালৈ যাবলৈ এক মিনিটো সময় নালাগে৷ ম’বাইল ফোন শেষবাৰৰ বাবে ব্রহ্মপুত্রৰ নদীৰ পাৰত বন্ধ হোৱা দেখুৱাইছে৷ ট্রেকাৰ ডগেও ব্রহ্মপুত্রৰ পাৰলৈ নামি গৈ ব্রহ্মপুত্রৰ পানী য’ত লাগিছে তাত শেষ কৰিছে৷’ উল্লেখ্য যে সোমবাৰে পুৱা প্রায় ১০ বজাত ঘৰৰ পৰা ওলাই আহিছিল প্রখ্যাত সংগীত শিল্পী ৰমেন বৰুৱা৷ প্রতিদিনাৰ দৰেই তেওঁ পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই আহিছিল যদিও সন্ধিয়া পর্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক আৰক্ষীৰ ওচৰ চাপে৷ লগে লগে আৰক্ষীয়ে বৰুৱাৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও আজি তিনি দিন উকলি যোৱাৰ পাছতো তেওঁৰ কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মাজতে বৰুৱা পৰিয়ালত দীর্ঘদিন ধৰি চলি অহা পৰিয়ালকেন্দ্রিক তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ বিশিষ্ট সংগীত শিল্পী বৰুৱা আৰু কন্যাৰ মাজত প্রায়ে হাই–কাজিয়াৰ সৃষ্টি হৈছিল বুলি একাংশ প্রতিবেশীয়ে সদৰী কৰিছে৷ গুৱাহাটীৰ এখন বিদ্যালয়ত শিক্ষয়িত্রী হিচাপে কর্মৰত বৰুৱাৰ কন্যা বর্ণিকা বৰুৱা কিছু মাহ পূর্বলৈ এটা ভাৰাঘৰত বাস কৰিছিল যদিও শেহতীয়াকৈ তেওঁ লতাশিলস্থিত পিতৃৰ ঘৰলৈ উভতি আহিছিল৷ সংবাদ মাধ্যমৰ সন্মুখত জনপ্রিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাই প্রকাশ কৰা অনুসৰি একেটা ঘৰতে বসবাস কৰাৰ বাবে ৰমেন বৰুৱা আৰু কন্যা বর্ণিকা বৰুৱাৰ মাজত কেতিয়াবা হুলস্থূল হোৱা তেওঁ শুনিবলৈ পাইছিল৷ অৱশ্যে পিতৃ–কন্যাৰ সংঘাতত তেওঁ কেতিয়াও হস্তক্ষেপ কৰা নাছিল বুলি জানিবলৈ দিয়ে৷ দ্বীপেন বৰুৱাই এই প্রসংগত কয়– ‘পাৰিবাৰিক অলপ অশান্তি আছিল বুলি মই জানোঁ৷ কিন্তু সবিশেষ একো ক’ব নোৱাৰোঁ৷ ঘৰুৱা কথা কোৱাটো অলপ দিগদাৰ৷ বর্ণিকা ভাৰাঘৰত আছিল৷ কেইমাহমান আগতে ঘৰলৈ আহিছে৷ তেওঁৰ সৈতে মই বেছি কথা নাপাতোঁ৷ মোৰ কোঠাৰ কাষতে হোৱাৰ বাবে তেওঁলোকৰ চিঞৰ-বাখৰবোৰ শুনিবলৈ পাওঁ৷ ৰমেনদা অল্পভাষী৷ প্রয়োজন নহ’লে তেওঁ কোনো কথাই নাপাতে৷ কৰ’বালৈ গ’লেও কৈ নাযায়৷’ ইফালে, লতাশিলত থকা বৰুৱা পৰিয়ালৰ ঐতিহ্যমণ্ডিত ঘৰটো ভাঙিবলৈ তেওঁ সন্মতি দিয়া নাছিল বুলিও দ্বীপেন বৰুৱাই অৱগত কৰিছে৷ এই প্রসংগত তেওঁ কয়– ‘এই ঘৰটো বিল্ডাৰক দিব লাগে বুলি মই কেতিয়াও কোৱা নাই৷ মই ইয়াৰ বিৰোধিতা কৰিছোঁ৷ সন্মতি দিয়া নাই বাবে এই প্রক্রিয়া বন্ধ হৈ গ’ল৷ মই কৈছোঁ আমি থকালৈকে ঘৰটো থাকিব৷ যিহেতু দেউতাই এই ঘৰটো নির্মাণ কৰিছিল৷ আমি ঢুকুওৱাৰ পাছত ইয়াত তাজমহল বনালেও চাব নাহোঁ৷’ ইপিনে, সন্মানীয় বৰুৱা পৰিয়ালত সংঘটিত এনে ঘটনাবোৰে তেওঁলোকৰ মনত দুখ দি আহিছে বুলিও বৰুৱাই আক্ষেপ কৰে৷ অৱশ্যে ৰমেন বৰুৱাৰ সন্ধান নোলোৱালৈকে তেওঁলোকৰ মাজত সৃষ্টি হোৱা এনে অশান্তিৰ কাৰণবোৰ হয়তো অধিক স্পষ্ট নহ’ব৷ সেয়েহে সকলোৱে উদ্বিগ্ণতাৰে এটাই কামনা কৰিছে– সোনকালে ঘৰলৈ উভতি আহক ৰমেনদা৷

You might also like