নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ ঔ-অনাত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰৰ উদ্যোগত বিধানসভাভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ ৰূপহীহাটৰ ঔ-অনাত অবিনশ্বৰ গোষ্ঠীয়ে “সত্ৰীয়া নৃত্য” শীৰ্ষক বিষয়ক কৰ্মশালাত ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে প্ৰশিক্ষণ দি সুকলমে ২৬ জুলাইত এটি সামৰণী অনুষ্ঠানৰ আয়োজন কৰে। ৰূপহী অঞ্চলৰ ঔ-অনা গাঁৱত অৱস্থিত ঔ-অনা জুনিয়ৰ বেছিক স্কুলত অবিনশ্বৰ গোষ্ঠীৰ তত্ত্বাৱধানত আয়োজিত উক্ত “সত্ৰীয়া নৃত্য” কৰ্মশালাত ত্ৰিশজন শিশু প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰে। সামৰণী অনুষ্ঠানটি ঔ-অনা ৰাজহুৱা ভৱনত অনুষ্ঠিত হয়। এই সামৰণী অনুষ্ঠানত যোৱা চৈধ্য দিনে অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে নিজৰ নিজৰ আৰ্জিত প্ৰতিভা প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। উল্লেখিত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অঞ্চলৰ সমাজসেৱী নোমল বৰা, খৰ্গেশ্বৰ বৰুৱা, জ্যোতিৰ্ময় ভূঞা, পুষ্পকান্ত বৰা, প্ৰদীপ শইকীয়া আৰু সাংস্কৃতিক কৰ্মী ওমপ্ৰকাশ বৰাকে লৈ কেইবাজনো ব্যক্তি । দুই শতাধিক দৰ্শকৰ আগত স্ব-প্ৰতিভা প্ৰদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলো পৰম উৎসাহিত হয়। অসমৰ মূল সুঁতিৰ সংস্কৃতি ক্ষেত্ৰখনলৈ এচাম উদ্যমী ন-শিকাৰুক এনেদৰে আগবঢ়াই নিবলৈ পাই অবিনশ্বৰ গোষ্ঠীৰ কৰ্মকৰ্তাও আনন্দিত হয় ৷ মণি বৰা, ঔ-অনা জুনিয়ৰ বেছিক স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক, সমাজসেৱী পুষ্পকান্ত বৰাকে ধৰি ঔ-অনাবাসী ৰাইজৰ সহায়-সহযোগিতাৰ বাবে অবিনশ্বৰ গোষ্ঠীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে এইহেন গৰমতো প্ৰকৃত সংস্কৃতিৰ সোৱাদ ল’বলৈ নিজ নিজ সন্তানক আগবঢ়াই দিয়া বাবে অভিভাৱকসকলৰো শলাগ লয় অতিথিবৃন্দ আৰু অবিনশ্বৰৰ কৰ্মকৰ্তাসকলে। কৰ্মশালাৰ প্ৰশিক্ষকবৃন্দ ক্ৰমে বিনোদ চন্দ্ৰ ভূঞা, ৰুণজুন বৰা, ভাৰ্গৱ শইকীয়া, শুভজিৎ শইকীয়া, ৰূপজ্যোতি বৰা, সুপ্ৰিয়া বৰা, ভায়’লীনা বৈৰাগী, তুহিনকন্যা বৰা আৰু বাদ্য সংগতকাৰী ৰিকু কলিতা, দিশান্ত দিবং বৰা আদিক ৰাইজৰ আগত পৰিচয় কৰাই দিয়াৰ লগতে আদৰণি জনোৱা হয়।

প্ৰেৰক জহিৰুল ইছলাম

 

You might also like