নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ত অসমত অপৰাধৰ হাৰ ১৩৯.৩ শতাংশলৈ হ্রাস : ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ আমোলত অসমত উন্নত হৈছে আইন–শৃংখলা পৰিস্থিতি৷ ২০২১ চনৰ তুলনাত যোৱা তিনিটা বছৰত গোচৰ পঞ্জীয়নৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস পোৱাৰ বিপৰীতে চার্জশ্বীট দাখিলৰ হাৰ বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এক্স হেণ্ডেলত প্রকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত প্রতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধ আছিল ১,৩৩,২৩৯৷ ২০২৩ চনত এই হাৰ ৫০.৯১ শতাংশ হ্রাস পাই হয়গৈ ৬৫,৩৯৫৷ চলিত ২০২৪ বর্ষৰ জুন মাহপর্যন্ত অপৰাধৰ হাৰ ২০২১ চনৰ তুলনাত ১৩৯.৩ শতাংশলৈ হ্রাস পায়৷ ২০২১ চনত ৰাজ্যখনত অপৰাধৰ হাৰ আছিল ৩৮০.২ শতাংশ৷ সেইদৰে ২০২১ চনত ৰুজু হোৱা গোচৰৰ বিপৰীতে চার্জশ্বীট দাখিলৰ হাৰ আছিল ৩৯.৪০ শতাংশ৷ ২০২৩ চনত সেই হাৰ ৫০.২২ শতাংশলৈ বৃদ্ধি পায়৷ চলিত ২০২৪ চনৰ জুন মাহপর্যন্ত ৬৩ শতাংশৰো অধিক গোচৰৰ চার্জশ্বীট দাখিল কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, বর্তমানৰ ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বাবেই ৰাজ্যখনত এতিয়া অপৰাধৰ হাৰ হ্রাস পোৱাৰ লগতে ৰুজু হোৱা গোচৰৰ বিপৰীতে চার্জশ্বীট দাখিলৰ হাৰ বৃদ্ধি পাইছে৷ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বর্তমানৰ চৰকাৰখন দায়বদ্ধ৷

You might also like