কাছাৰৰ ধলাইত ১২ কোটি টকাৰ ৪০ হাজাৰ য়াবা টেবলেট জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৩০ জুলাই : চৌবিশ ঘন্টাৰ ভিতৰতে পুনৰ সাফল্য লাভ কৰিলে কাছাৰ আৰক্ষীয়ে। আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কালি বিয়লি ৩০৬নং শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ ইছলামবাদত আৰক্ষীয়ে ড্ৰাগছসহ যুৱকজনক আটক কৰে। আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত অভিযান চলাই এখন অল্ট’ জব্দ কৰা হয়। মিজোৰামৰ পৰা অহা গাড়ীখন তাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে গাড়ীখন জব্দ কৰে। আৰক্ষীয়ে গাড়ীখন আটক কৰি তালাচী চলায়। তালাচীৰ সময়ত উদ্ধাৰ হয় ৪০ হাজাৰ য়াবা টেবলেট। টেবলেটখিনিৰ বজাৰ মূল্য আনুমানিৰ ১২ কোটি হব বুলি ধাৰণা কৰা হৈছে। লগতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত কমৰুল ইছলাম মজুমদাৰ নামৰ ৪৫ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ঘৰ ধলাই থানাৰ অন্তৰ্গত দক্ষিণ ধলাইৰ দ্বিতীয় ৰাজঘাট ব্লকত। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছবিৰোধী আইনৰ অধীনত কমৰুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে দেওবাৰে একেখন থানা এলেকাৰ কাটাখালৰ পৰা আব্দুল আলিম নামৰ আন এজন যুৱকক আটক কৰি ৯ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰিছিল আৰক্ষীয়ে।
প্ৰেৰক গৌতম তালুকদাৰ