নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাজি-কাচি মন্দিৰলৈ যোৱা দৰঙৰ কৃষ্ণামণিৰ মৃতদেহ উদ্ধাৰ, প্ৰেমিকৰ আত্মহত্যা

🎯 দৰঙৰ বৰআঠিয়াবাৰী মালৌপাৰাত মৃতদেহ উদ্ধাৰ, চাঞ্চল্য
🎯 হত্যাৰ পূৰ্বে অকথ্য নিৰ্যাতন, পাষণ্ডৰ দলে ডিঙি মোচাৰি হাত-ভৰি ভাঙি হত্যা
🎯 হত্যাকাৰীক একে পদ্ধতিৰে ৰাজহুৱা শাস্তিৰ পোষকতা ৰাইজৰ
🎯 কৃষ্ণামণি ডেকাৰ প্ৰেমিকৰ আত্মহত্যা
ষ্টাফ ৰিপৰ্টাৰ, দৰং, ৩০ জুলাইঃ পুৱাতে সাজি-কাচি নাৰিকলি শিৱ মন্দিৰ অভিমুখী এগৰাকী উচ্চতৰ শাখাত অধ্যয়নৰত যুৱতীৰ মৃতদেহ আজি বোৱাৰী পুৱাতে পিপৰাদোকানৰ সমীপৱৰ্তী মালৌপাৰা চ’কত উদ্ধাৰে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৃষ্ণামণি ডেকা নামৰ যুৱতীগৰাকীক কোনে কি স্বাৰ্থত হত্যা কৰিলে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যদিও প্ৰাথমিক দৃষ্টিত নৃশংস হত্যাকাণ্ডৰ আঁৰত কেইবাকোণীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে পিপৰাদোকানৰ সমীপৱৰ্তী পতালসিংপাৰা গাঁৱৰ গোবিন্দ ডেকা আৰু কণিকা ডেকা ওৰফে মল্লিকা ডেকাৰ একমাত্ৰ কন্যা কৃষ্ণামণি ডেকা কালি পুৱাতে ঘৰৰ পৰা নাৰিকলি শিৱ মন্দিৰলৈ বুলি ওলাই গৈছিল। শাওণ মাহৰ সোমবাৰ হিচাবে কৃষ্ণামণিয়ে কোনোবা বান্ধৱীৰে মন্দিৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও নিশা পৰ্যন্ত উভতি নহাৰ লগতে মোবাইল অফ হৈ থকাত পৰিয়ালে সংযোগ স্থাপন কৰিব পৰা নাছিল। সাধাৰণতে অত্যধিক স্বাধীন হৈ পৰা বহু পৰিয়ালৰ যুৱতী দিন অথবা নিশা এনেদৰে ওলাই সোমাই ফুৰাটো কোনো আচৰিত কথা নহয় যদিও অভিভাৱক অবিহনে ওলাই যোৱাৰ পৰিণাম আজি পুৱাৰ ভাগত পোহৰলৈ আহে। ছাত্ৰীগৰাকীয়ে পিন্ধি যোৱা মেখেলা আৰু চাদৰকেই হত্যাকাৰীয়ে ব্যৱহাৰ কৰি মৃতদেহটো অৰ্জুন গছ এজোপাৰ তলত বজাৰ কৰি অনা আলু-দাইলৰ পলিথিনৰ টোপোলাৰ দৰে পেলাই থৈ যায়। আজি পুৱাৰ ভাগত পিপৰাদোকান-শিলৰখুটি মন্দিৰ সংযোগী পথৰ মালৌপাৰা তিনিআলিৰ সমীপতে কেইবাগৰাকীও প্ৰাতঃভ্ৰমণকাৰীয়ে অৰ্জুন গছ এজোপাৰ তলত বৃহৎ কাপোৰৰ টোপোলা এটা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় গ্ৰামপ্ৰধান অনিল শৰ্মাসহ গাঁওৰক্ষী বাহিনীৰ লোকক ফোনযোগে অৱগত কৰে। দুই, একে আকৌ কৌতূহলবশতঃ বাহৰ লাখুটিৰে পৰীক্ষা কৰাত ওলাই পৰে ১৯ বছৰীয়া কৃষ্ণামণি ডেকাৰ মৃতদেহ। সময়ত বিষষটোক লৈ হুৱাদুৱা লাগে আৰু মঙলদৈ থানাত খবৰ কৰা হয়। মঙলদৈ থানাৰ এটা দলে বৰষুণৰ মাজতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে আৰু সম্প্ৰতি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গতে আছে। মৃতদেহটো মঙলদৈ অসামৰিক চিকিৎসালয়তে মৰণোত্তৰ পৰীক্ষা কৰে নে জিএমচিএইচলৈ প্ৰেৰণ কৰে সেয়া বাতৰি লিখাৰ পৰলৈ স্পষ্ট হোৱা নাই। কিন্তু অৰ্ধ উলংগ মৃতদেহটোৰ প্ৰাথমিক তদন্তত কেবাটাও বিষয় পোহৰলৈ আহিছে আৰু হত্যাকাৰী পাষণ্ডই জীয়াই জীয়াই অতি নিমৰ্মভাৱে নিৰ্যাতন চলাই হত্যা কৰাটো সকলোৱে প্ৰত্যক্ষ কৰে।
পিন্ধি যোৱা মেখেলাখনকে এমূৰ বান্ধি টোপোলা কৰি সোমাই থলে মৃতদেহ
আজি পুৱাৰ ভাগত উদ্ধাৰ হোৱা কৃষ্ণামণিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি অধিকাংশৰে গাৰ নোম শিয়ৰি যায়। হত্যাকাৰীয়ে কৃষ্ণামণিক পশুতকৈয়ো অধিক নিৰ্যাতন চলাই হত্যা কৰে। কৃষ্ণামণিৰ হাত-ভৰি ভাঙি পিন্ধি থকা মেখেলাখনকে মোনা সাজি ভৰাই থোৱাই নহয়, ডিঙিটো মুচৰি হত্যা কৰাৰ অনুমান কৰে সকলোৱে। কিয়নো ডিঙিটো ৩৬০ ডিগ্ৰীত ঘূৰাব পৰাকৈ পেলাই থোৱা আছিল। ডিঙিত এখন খিৰিকীৰ সেউজীয়া পৰ্দাৰে মেৰাই থোৱাৰ লগতে অন্তৰ্বাসৰ ওপৰত আৰি থোৱা আছিল এখন চুন্নী। সুদৰ্শনা যুৱতীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰি পাষণ্ডৰ দলে হত্যা কৰা গাড়ীৰে আনি পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাইহে স্পষ্ট কৰিব সমগ্ৰ ৰহস্য।
কৃষ্ণামণি মাতৃৰ সন্দেহৰ আঙুলি প্ৰেমিকলৈ
কৃষ্ণামণি ডেকাৰ নৃশংস হত্যাকাণ্ডৰ আৰৰ কাৰণ আৰু কোনে হত্যা কৰিলে সেই লৈ সাধাৰণ ৰাইজ, আৰক্ষীৰ মাজত কৌতূহল সৃষ্টি হৈছে যদি কৃষ্ণাৰ মাতৃ কণিকা ডেকাই সন্দেহৰ আঙুলি টোঁৱাইছে বিগত ৪ বছৰে কৃষ্ণাৰে প্ৰেমৰ সম্পৰ্ক থকা যুৱকলৈ। কণিকাই সংবাদ মাধ্যমৰ সমুখত ছোৱালীজনীক তাইৰ প্ৰেমিক জনৈক চিন্টু নাথে হত্যা কৰা বুলি অভিযোগ আনিছে। মাতৃৰ ভাষ্যানুসৰি আজি ৪ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকা চিন্টু নাথে প্ৰায়ে কৃষ্ণামণিক প্ৰাণেমৰাৰ ভাবুকি দি অহাৰ অভিযোগ আনিছে। চিন্টু নাথে কৃষ্ণাক কাৰো সৈতে কথা বতৰা পতা বা আত্মীয়-স্বজনৰ ঘৰলৈ যোৱাটো বিচৰা নাছিল আৰু কেতিয়াবা কৰোবালৈ গলেও বিভিন্ন ধৰণে শাৰীৰিক মানসিক অত্যাচাৰ কৰিছিল বুলি অভিযোগ আনে। কণিকাই দাবী কৰি কয়,  ‘কেতিয়াবা তাক এৰি অন্য লৰালৈ বিয়া হৈ গলে ডিঙি কাটি থৈ আহিম বা মাৰি পেলাম বুলি ভাবুকি দি আহিছিল৷’ মাতৃ কণিকাই কালি দিনৰ ভাগত আৰু আজি পুৱা ফোনযোগে যোগাযোগ কৰাৰো দাবী কৰে। কিন্তু, এতিয়া কৃষ্ণামণিৰ হত্যাত প্ৰেমিক চিন্টু নাথেই জড়িত নে অন্য কোনো বেপৰোৱা যুৱকৰ দলে ধৰ্ষণ কৰি হত্যা কৰিলে, সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব। একেদৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ত হব গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত নিয়মীয়া বাৰ্তাৰ ফালৰ পৰা চলোৱা প্ৰাথমিক তদন্তত বহুকোণীয়া প্ৰেম আৰু বেপৰোৱা কিছু আচৰণে হত্যাৰ আঁৰৰ চিত্ৰনাট্য ৰচনা কৰাটো আশংকা কৰা হৈছে। ইতিমধ্যে দৰং আৰক্ষীয়ে কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে প্ৰণালীবদ্ধ অভিযান আৰম্ভ কৰিছে৷ দৰঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত তদন্ত আৰম্ভ কৰা বুলি প্ৰকাশ।
কৃষ্ণামণি ডেকাৰ প্ৰেমিকৰ আত্মহত্যা
কৃষ্ণামণি ডেকাৰ মাতৃ কণিকা নাথে কৃষ্ণাৰ নৃশংস হত্যাক লৈ সন্দেহৰ আঙুলি টোঁওৱাৰ সময়তে আজি আবেলি আত্মহননৰ পথ বাছি লয়। ছিপাঝাৰ খাচ সোণাপুৰৰ কমল নাথৰ ২৪ বছৰীয়া পুত্ৰ চিন্টু নাথে দিনৰ ভাগত ঘৰত মবাইল খুচৰি আছিল যদিও প্ৰায় ৩ বজাত মৰানদীৰ দাঁতিত এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। স্নাতকোত্তীৰ্ণ চিন্টুৱে ভয়তে আত্মহত্যা কৰা বুলি বন্ধুমহলে প্ৰকাশ কৰিছে যদিও আত্মহননৰ পূৰ্বে কিবা নোট লিখি গৈছে নেকি সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে, কেৱল এজন যুৱকেই নহয় সমগ্ৰ হত্যাকাণ্ডত আৰু ২/৩জন যুৱক জড়িত থকাৰ আশংকা কৰা হৈছে। বিশেষকৈ হত্যা কৰাৰ পাছত বাহনেৰে কঢ়িয়াই অনালৈ কেইবাজনীয়া দল এটা জড়িত থকাটো নিতান্তই স্বাভাৱিক। আৰক্ষীয়ে বিষয়টো ইয়াতে মোখনি মাৰে নে বাকী হত্যাকাৰীৰ সন্ধান কৰে সেয়াহে হব লক্ষনীয় বিষয়।
প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা
You might also like