নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষীৰ জালত বৃহৎ চিলনী চোৰৰ গেং

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ লতাশিল আৰক্ষীৰ বৃহৎ সাফল্য। মহানগৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ চিলনী চোৰৰ গেং। মহানগৰীৰ ৰাজপথত সততে সোণৰ চেইন থপিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গেংটোৱে। আৰক্ষীৰ জালত পৰিছে কুখ্যাত চেইন চোৰ বিৰুল হুছেইন। উলুবাৰীৰ ইছলামপুৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত বিৰুলক। লতাশিল আৰক্ষীৰ জালত বিৰুলৰ সোণাৰি সহযোগী জিতেন্দ্ৰ বাৰ্মা। ধৃত জিতেন্দ্ৰ সোলাপাৰাৰ গীতাঞ্জলি জুৱেলাৰ্চৰ স্বত্বাধিকাৰী। চুৰি হোৱা সোণৰ সামগ্রীৰ পৰা অলংকাৰ পুনৰ্নিৰ্মাণ কৰাৰ অভিযোগ সোণাৰি জিতেন্দ্ৰৰ বিৰুদ্ধে। সোণাৰি জিতেন্দ্ৰ বাৰ্মাৰ দোকানৰ পৰা জব্দ এডাল সোণৰ চেইন, ২ যোৰ সোণৰ খাৰু সহিতে আন ৩ মূল্যৱান সোণৰ সামগ্রী। জিতেন্দ্ৰৰ স্বীকাৰোক্তিত ভিত্তিত গ্ৰেপ্তাৰ আন এটি চিলনী চোৰ অমন গিল। ধৃত চিলনী চোৰ তথা গ’ল্ড স্মাগলাৰ বিৰুল আৰু অমনে দীৰ্ঘদিনে চুৰি সোণৰ সামগ্রী গোপনে বিক্ৰী কৰি আহিছিল গীতাঞ্জলি জুৱেলাৰীত। আৰক্ষীৰ তদন্তত মহানগৰীৰ আন একাংশ চিলনী চোৰো শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। গেংটোৰ ধৃত ৩ অভিযুক্তক সোধা পোছা অব্যাহত তদন্তকাৰী আৰক্ষীৰ।

You might also like