বিহাৰত শ্ৰেণীকোঠাতে তৃতীয় শ্ৰেণীৰ ছাত্ৰক গুলীয়ালে নাৰ্ছাৰীৰ ছাত্ৰই
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জুলাইঃ বিহাৰৰ সুপৌলত আজি পুৱা তৃতীয় শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰক আন এজন ল’ৰাই গুলীয়াই আহত কৰে। ত্ৰিবেণীগঞ্জৰ লালপট্টিত অৱস্থিত এখন ব্যক্তিগত বৰ্ডিং স্কুলত সংঘটিত হৈছে এই ঘটনা। গুলীওৱা ছাত্ৰজনৰ নাম মহম্মদ আছিফ। তেওঁৰ বয়স প্ৰায় ১০ৰ পৰা ১২ বছৰ হ’ব। গুলীটোৱে তেওঁৰ বাঁওহাতৰ তলুৱাত খুন্দা মাৰি তাৰ মাজেৰে পাৰ হৈ গ’ল। অৱশ্যে এই গুলীচালনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আছিফক চিকিৎসাৰ বাবে মহকুমা চিকিৎসালয় ত্ৰিবেণীগঞ্জত ভৰ্তি কৰোৱা হৈছে। ইয়াত চিকিৎসাধীন হৈ আছে। যদিও তেওঁৰ অৱস্থা বিপদৰ বাহিৰত। এই ঘটনাৰ পিছতে বিদ্যালয়ত আলোড়নৰ সৃষ্টি হয়। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয়। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। বৰ্তমান এই গোটেই বিষয়টোত উত্থাপিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, শিশুটিক গুলীওৱা কৰা শিশুটিয়ে কেনেকৈ পিষ্টলটো পালে? এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোৱা হৈছে যে গুলীচালনা কৰা ছাত্ৰজনো এই বিদ্যালয়ৰে। তেওঁৰ বয়স প্ৰায় ৬-৭ বছৰ হ’ব। স্থানীয় ৰাইজে জনোৱা মতে, আগতে গুলীচালনা কৰা ছাত্ৰজনৰ পিতৃয়ে এইখন বিদ্যালয়ত চকীদাৰ হিচাপে কাম কৰিছিল। গুলীচালনা কৰা ছাত্ৰজনে নাৰ্চাৰীত অধ্যয়ন কৰে। আহত ছাত্ৰজনৰ পৰিয়ালৰ লোকে এই সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনাইছে বিদ্যালয় প্ৰশাসন আৰু আৰক্ষীক। বাতৰি লিখাৰ সময়লৈকে আৰক্ষীৰ কোনো বক্তব্য অহা নাছিল।