নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত এটা ৰীল, প্ৰেমত প্ৰতাৰণাৰ বাবেই হত্যাৰ বলি দৰঙৰ কৃষ্ণামণি

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ১ আগষ্টঃ প্ৰেমৰ কাঁচিয়লি ৰ’দত উতনুৱা যৌৱনক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ পৰিণামতেই দৰঙৰ চিন্টু আৰু কৃষ্ণা নামৰ প্ৰেমিক যুগলৰ জীৱন অকালতে নিৰ্বাপিত হয়। পিপৰাদোকানৰ সমীপৱৰ্তী কুণ্ডৰপাৰা গাঁৱৰ গোবিন্দ ডেকা আৰু কণিকা ডেকাৰ একমাত্ৰ কন্যা কৃষ্ণামণি ডেকাৰ নৃশংস হত্যাকাণ্ডৰ মোখনি মাৰি দৰং আৰক্ষীয়ে যোৱানিশা উজাগৰ কৰে সমগ্ৰ চাঞ্চল্যকৰ ঘটনা। লক্ষনীয় যে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰে ঘৰত কোৱাৰ দৰেই কৃষ্ণামণি নাৰিকলি শিৱ মন্দিৰলৈ ওলাই গৈছিল। মন্দিৰত পূজা-অৰ্চনা সামৰি চিন্টু আৰু কৃষ্ণামণি উভতি আহিছিল মঙলদৈ পুনিয়াৰ সমীপৱৰ্তী পকাবাঙিপাৰাৰ এক পৰিত্যক্ত গৃহলৈ। চিন্টুৰ পৰিয়ালৰ জ্যেষ্ঠ ভগ্নীৰ মালিকানাধীন উক্ত পৰিত্যক্ত গৃহত চিন্টুৱে কৃষ্ণাক ডিঙি চেপি হত্যা কৰি গধূলি প্ৰায় ৭-৩০ মান বজাত মৃতদেহ উক্ত গৃহতে লুকাই থৈ ওলাই গৈছিল। নিশাৰ ভাগত পৰিত্যক্ত গৃহৰ পৰা কৃষ্ণাৰ নিঠৰ দেহ যুৱতীগৰাকীয়ে পৰিধান কৰি থকা মেখেলাত ভৰাই এটা থৈলাৰ ৰূপ দিছিল আৰু যুৱতীগৰাকীৰ চাদৰ আৰু এখন সেউজীয়া পৰ্দাৰে মেৰিয়াই কৃষ্ণাৰ ঘৰৰ সমীপৰ এজোপা অৰ্জুন গছৰ তলত পেলাই থৈছিল। আশ্চৰ্যকৰ বিষয় যে গভীৰ নিশা মৃতদেহ দাঙি, বান্ধি সকলো সামৰি চিন্টু কিন্তু ডুমুনীচকীৰ সমীপৱৰ্তী খাচ সোণাপুৰৰ নিজ গৃহলৈ গুচি গৈ শুই দিছিল। বিগত এমাহ ধৰি কৃষ্ণা আৰু চিন্টুৰ মাজত চলি থকা প্ৰেমৰ সংঘাত, প্ৰেমত বিশ্বাসঘাটকতা আদি ভিন্ন অধ্যায়বোৰৰ এইদৰেই যৱনিকা পেলাই পূৱা আন দিনাৰ দৰে আকৌ চিন্টুৱে নিজৰ গাহৰিপামত ব্যস্ত হৈ পৰিছিল। ইপিনে, মৃতদেহ উদ্ধাৰৰ পাছত কৃষ্ণাৰ মাতৃয়ে চিন্টু সন্দৰ্ভত সংবাদ মাধ্যমত মুখ খোলাৰ পাছত যেতিয়া আত্মৰক্ষাৰ কোনো পথ দেখা নাছিল, তেতিয়াই চিন্টুৱে গাহৰিপামত চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যাৰ পাছত উদ্ধাৰ হয় চিন্টুৰ মোবাইল ফোন। উক্ত এণ্ড্ৰইয়ড ফোনটো আৰক্ষীৰ হাতত কালি সন্ধিয়া আহি পৰে আৰু দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি তালুকদাৰ সহ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি আদিয়ে ক্ষিপ্ৰতাৰে মোবাইল খুচৰি উন্মুক্ত কৰে প্ৰায় ১৭ ঘন্টাজোৰা ৰূদ্ধশ্বাস ভৰা হত্যাৰ ৰহস্য। প্ৰেমিক-প্ৰেমিকা দুয়োৰে মোবাইল টাৱাৰৰ লোকেচন, কৃষ্ণালৈ অহা কেবাটাও ফোনকল চিন্টুৱে গ্ৰহণ কৰি উত্তৰদান, পৰিত্যক্ত গৃহত মন্দিৰৰ পৰা অনা প্ৰসাদ, কাপোৰ ইত্যাদি উদ্ধাৰে বিষয়টোত অধিক তথ্য হিচাবে সহায়ক হৈ পৰে। নিশা মঙলদৈ থানাত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমত বক্তব্য প্ৰদান কৰি এই হত্যাকাণ্ডৰ উদ্দেশ্য, হত্যাৰ প্ৰক্ৰিয়াসহ ভয়চ মেচেজত লুকাই থকা ৰহস্য উন্মুক্ত কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰু কাৰ্যবাহী দাণ্ডাধীশে ইনকুৱেষ্ট প্ৰতিবেদনত কৃষ্ণাক ধৰ্ষণৰ কোনো তথ্য লাভ কৰা নাই। একেদৰে একাধিক লোকৰ হত্যাৰে জড়িত থকাৰ সম্ভাৱনা এইপৰ্যন্ত নুই কৰিছে।

চিন্টুৰে বিগত এমাহ ধৰি সংঘাত চলিছিল কৃষ্ণাৰ, কৃষ্ণাৰ মাতৃৰ ভূমিকাৰো বৰ্ণনা

বিগত প্ৰায় ৪ বছৰোধিক কাল প্ৰেমজনিত সম্পৰ্কৰে জড়িত খাচ সোণাপুৰৰ চিন্টুমণি নাথ আৰু পিপৰাদোকানৰ কুণ্ডৰপাৰা গাঁৱৰ যুৱতী কৃষ্ণামণি ডেকাৰ মাজত বিগত এমাহ ধৰি চলিছিল তীব্ৰ সংঘাত। চিন্টু আৰু কৃষ্ণাৰ দুয়োটা পৰিয়ালৰ মাজত সামাজিক বিবাহত সন্মতি পৰ্যন্ত আগবঢ়াৰ পাছত এই সংঘাত আছিল চিন্টুৰ দৃষ্টিত কৃষ্ণাৰ দ্বাৰা সৃষ্ট। কৃষ্ণাৰ নামত ইতিপূৰ্বে ব্যৱহৃত এক হোৱাটচএপলৈ পঠোৱা চিন্টুৰ ভয়চ মেচেজ অনুসৰি, কৃষ্ণাৰে কলাইগাঁৱৰ এক যুৱকৰ এমাহ পূৰ্বৰে পৰা প্ৰেমৰ সম্পৰ্ক হয়। এই যুৱকজন ধনৱন্ত হোৱাৰ বাবে কৃষ্ণাৰ মাতৃয়েও চিন্টুক অৱহেলা কৰিবলৈ লয় আৰু কৃষ্ণাক প্ৰকাৰান্তৰে আগবঢ়াই দিছিল। এইজন যুৱকেই চিন্টুক শেষ কৰি দিয়া বুলি ব্যক্ত কৰে। এই দুখতে বিগত এমাহে ভাত পানী এৰি কেৱল মদ্যপান কৰা বুলিও উল্লেখ কৰিছে ভয়চ মেচেজত। সপ্তাহ দিন পূৰ্বে কলাইগাঁৱৰ উক্ত যুৱকৰে সামাজিক মাধ্যমত এটা ৰীল আপলোড কৰিছিল কৃষ্ণাই। কৃষ্ণাৰ এই আচৰণে চিন্টুৰ মনত কৃষ্ণা হত্যাৰ পৰিকল্পনাৰ সূত্ৰপাত ঘটোৱা বুলি সদৰি কৰে।

চিৰবিচ্ছেদৰ পূৰ্বনিশা চিন্টু-কৃষ্ণাৰ একেটা কোঠাতে নৈশযাপন

দৰঙৰ দুই প্ৰেমিক যুগলে চিৰবিচ্ছেদৰ পূৰ্বনিশা একেটা কোঠাতে নৈশ যাপন কৰিলে। বাতানুকুল কোঠাত পোনতে মঙলদৈ কুণ্ডৰপাৰা গাঁৱৰ গোবিন্দ ডেকাৰ জীয়ৰী কৃষ্ণামণি ডেকাই প্ৰৱেশ কৰে যদিও প্ৰায় ৮ ঘন্টা পলমকৈ উপস্থিত হয় ছিপাঝাৰ খাচ সোণাপুৰৰ কোমল নাথৰ পুত্ৰ চিন্টুমণি নাথ। অৱশ্যে বিগত ৪ বছৰে হাঁহি-ধেমালিৰে পাৰ কৰাৰ দৰে কোঠাটোত নাছিল তেনে পৰিৱেশ। বিগত ১ মাহৰ তুমুল সংঘাত, ভিন্ন বিষয়ত সঘনাই উত্থাপিত অভিযোগ-প্ৰতি অভিযোগত সৃষ্ট কন্দল বুকুত সাঁচি দুয়ো আছিল নিঠৰ। নিৰ্বাক পৰিৱেশত দুয়ো আছিল মৌন, আলফুলে পলিথিল আবৃত। কিন্তু, নিশাটো পাৰ কৰাৰ পাছতেই দুয়োকে দুই ভিন্ন স্থানলৈ স্থানান্তৰন কৰা হয়। কৃষ্ণাক গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে চিন্টুক মঙলদৈতে ৰখা হয় আৰু এনেদৰেই কোনোদিনে দুয়ো একেটা কোঠাত প্ৰৱেশৰো চিৰযৱনিকা পৰে। লক্ষণীয় যে মঙলদৈ পিপৰাদোকানৰ সমীপৰ মালৌপাৰাত উদ্ধাৰ হোৱা কৃষ্ণাৰ নিঠৰ দেহ কালি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে লৈ আহিছিল। কিন্তু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰিৱৰ্তে জিএমচিএইচতহে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হয়। ফলত নিশাটো মঙলদৈ চিভিলৰ বাতানুকুল মৰ্গতে ৰখোৱা হয়। দিনৰ ১১ বজাৰ পৰা আজি পূৱালৈ উক্ত মৰ্গতে কৃষ্ণাই সময় পাৰ কৰে। কিন্তু বিধিৰ কি বিপাক, কৃষ্ণামণি মৰ্গত প্ৰৱেশৰ ৬/৭ ঘন্টা পাছতে প্ৰৱেশ কৰে প্ৰেমিক চিন্টুমণি নাথে। কিয়নো চিন্টুৱে কৃষ্ণাক হত্যা কৰাৰ পাছত আত্মহননৰ পথ বাচি লয় আৰু ছিপাঝাৰ থানাই চিন্টুৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে একেটা মৰ্গতে ৰখোৱাৰ দিহা কৰোৱা হয়। যাৰ বাবে নিঠৰ, নিৰ্বাক, নিস্প্ৰাণ হলেও প্ৰেমিক যুগলে চিৰবিচ্ছেদৰ পূৰ্বনিশা একেটা কোঠাতেই পাৰ কৰাৰ সৌভাগ্য অৰ্জন কৰে।

দিনত আৰোহণ কৰা বাইকতে কৃষ্ণাৰ অন্তিম যাত্ৰা

দিনৰ ভাগত নাৰিকলি মন্দিৰৰ পৰা ভিন্ন স্থানলৈ চিন্টুৰ যিখন গ্লেমাৰ বাইকত কৃষ্ণাই আৰোহণ কৰিছিল, সেইখন বাহনৰ একে আসনতে কৃষ্ণাই মৃত্যুৰ পাছতো নিজৰ গৃহৰ সমীপলৈ উঠি আহিছিল। অৱশ্যে দিনৰ ভাগত হাতত প্ৰসাদ-মোবাইল ভৰাই লোৱা টোপোলাটোৰ লেখীয়াকৈ নিশা কৃষ্ণাৰ নিঠৰ দেহ বাইকৰ পাছৰ আসনত বান্ধি অনা হৈছিল কৃষ্ণাৰ মেখেলাক থৈলা সাজি। আৰক্ষীয়ে লাভ কৰা ভয়চ মেচেজৰ সূত্ৰ ধৰি পোহৰলৈ আহিছে এই তথ্য। পোনতে আশংকা কৰা হৈছিল যে চাৰিচকীয়া বাহনত আনৰ সহযোগত কৃষ্ণাৰ মৃতদেহ নিশা কঢ়িয়াই অনা হৈছিল। কিন্তু সেয়া সত্য নহয়। দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে নিশা সদৰী কৰা অনুসৰি, লোমহৰ্ষক হত্যাকাণ্ডৰ পাছত নিশা কৃষ্ণাই পিন্ধি থকা মেখেলাখনকে থৈলাৰ ৰূপ দি তাত ভৰোৱা হৈছিল। আনকি শৰীৰটো থৈলাত সোমোৱাত অসুবিধা হোৱাৰ বাবে হাত-ভৰি ভাঙি লোৱাৰ লগতে ডিঙিও মুচৰি লৈছিল। ইতৰ জীৱ-জন্তুৰ দৰে নিঠৰ দেহ মেখেলাৰ থৈলাত ভৰাই বাইকৰ পাছৰ আসনত বান্ধি আনি অকলেই পেলাই থৈ গৈছিল অৰ্জুন গছৰ তলত।

চিন্টুৱে প্ৰেমিকাক হত্যা কৰি কিয় কৃষ্ণাৰ ঘৰৰ সমীপলৈ আনিছিল ?

চিন্টুৱে নিজ বায়েকৰ মঙলদৈ পকাবাঙিপাৰাৰ পৰিত্যক্ত গৃহত কৃষ্ণাক হত্যা কৰাৰ পাছত সমীপৰ নোৱা নদীত উটুৱাই দিয়া, মাটিত পুতি বা জ্বলাই অথবা অন্য প্ৰকাৰে মৃতদেহ লুকাই ৰখাৰ সলনি কিয় হত্যাকাণ্ড সংঘটিত স্থানৰ পৰা ১২ কিঃমিঃ দূৰৈৰ কৃষ্ণাৰ পিতৃগৃহৰ সমীপলৈ কঢ়িয়াই আনিছিল? নিশা ইমান দূৰ বাট মৃতদেহ অকলে কঢ়িয়াই অনা বা যাত্ৰাপথত কোনেও প্ৰত্যক্ষ নকৰিলে নে ? মন কৰিবলগীয়া যে চিন্টুৱে ভিনীহিয়েকৰ মৃত্যুৰ পাছত ডেৰ বছৰকাল বায়েকৰ সৈতে পকাবাঙিপাৰাতে পাৰ কৰিছিল। ভিনীহিয়েক প্ৰয়াত গোপাল হাজৰিকাৰ গেলামালৰ দোকানখনো চলাইছিল আৰু বায়েক-ভাগিনীয়েকৰ ৰখীয়া হিচাবে সময় অতিবাহিত কৰিছিল। কৃষ্ণাৰে প্ৰেমৰ সূত্ৰপাতো উক্ত গৃহটোৰ পৰাই হৈছিল। কিন্তু কৃষ্ণাৰ জীৱন কৰুণ পৰিসমাপ্তিৰ পাছত কৃষ্ণাৰ মৃতদেহ চিন্টুৱে মালৌপাৰালৈ কঢ়িয়াই নিয়াৰ আঁৰত আছিল আন এক ক্ষোভ। ভয়চ মেচেজ অনুসৰি, চিন্টুক পোনতে কৃষ্ণাৰ মাতৃয়ে যিদৰে মৰম কৰিছিল সেয়া বিগত কিছুদিন ধৰি ওলোটা হবলৈ লয়। বিশেষকৈ চিন্টুৰ দৃষ্টিত চিন্টুৰে কৃষ্ণাৰ বিয়া থিৰাং হোৱাৰ পাছত কলাইগাঁৱৰ বোকোৰাঝাৰৰ অন্য এজন ধনাঢ্য যুৱকৰে কৃষ্ণাৰ পুনৰ প্ৰেমৰ সম্পৰ্ক হবলৈ লয়। এইক্ষেত্ৰত কৃষ্ণাৰ মাতৃ কণিকা ডেকাই অনুশাসন নকৰা আৰু ধনৰ লোভত জীয়েকক ব্যৱহাৰ কৰাৰ আশংকা কৰে। সেয়ে পোনতে চিন্টুৱে কৃষ্ণাৰ চোতালতে থৈ অহাৰ সিদ্ধান্ত লৈছিল মৃতদেহ। কিন্তু গভীৰ নিশা সেয়া সম্ভৱ নোহোৱাত কৃষ্ণাৰ ঘৰৰ এফাৰ্লং দূৰৈত পেলাই থৈ নিশা সোণাপুৰৰ নিজ গৃহত শুই থাকে। মুঠতে প্ৰেমত প্ৰতাৰণাৰ দাবানলে চিন্টুৰ অন্তভাগক মানুহৰ পৰিৱৰ্তে দানৱৰ শাৰীলৈ পৰ্যবসিত কৰা পৰিলক্ষিত হৈছে।

কৃষ্ণাৰ প্ৰেমিকৰে শেষবাৰলৈ চিন্টুৰ বাৰ্তালাপ, গোচৰমুক্ত কৰিলে মেচেজত

চিন্টুমণি নাথে ২৯ জুলাইৰ আবেলি যে কৃষ্ণামণি ডেকাক হত্যা কৰিব, সেই কথা এজন যুৱকে পূৰ্বেই অৱগত হৈছিল। আনকি মঙলদৈ আউলাচৌকাৰ সমীপৰ যুৱকজনে ফোনতে ‘নামাৰিবি তাইক’ বুলি বাধাও দিছিল। এই কথা খোদ আৰক্ষীৰ সমুখত স্বীকাৰ কৰিছে যোৱানিশা সোধপোচৰ বাবে আটক কৰা যুৱকজনে। কৃষ্ণাৰ প্ৰথম প্ৰেমিক বুলি দাবী কৰা যুৱকজনক কিন্তু চিন্টুৱে কোনোপ্ৰকাৰে হত্যাত জড়িত নহয়, তাক এৰেষ্ট নকৰিব বুলি আৰক্ষীক অনুৰোধ কৰিও গৈছে। লক্ষনীয় যে কৃষ্ণাই নাৰিকলি মন্দিৰ পোৱাৰ পাছৰে পৰা যুৱতীজনীৰ মোবাইলটো চিন্টুৱে হস্তগত কৰিছিল আৰু প্ৰতিটো ফোনৰ ৰিচিভ কৰি নাৰিকলিৰ পৰাই উত্তৰ দিছিল। সময়ত কৃষ্ণালৈ ফোন কৰিছিল উক্ত যুৱকজনে আৰু যুৱকজনৰ সমুখত চিন্টুৱে হৃদয়বিদাৰক কাহিনী সদৰী কৰি কৃষ্ণাক মাৰি পেলাই নিজেও আত্মহত্যা কৰাৰ বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে যুৱকজনৰ সমুখত ভয়চ মেচেজ বজাই শুনোৱাৰ পাছত সকলো স্বীকাৰ কৰে। অৱশ্যে কৃষ্ণাৰে চিন্টুৰ সম্পৰ্কৰ পাছত যুৱকজনে আঁতৰি আহে আৰু মাজে পাতলে ফোন কৰি খবৰ লয় বুলি সদৰী কৰে। দুৰ্ভাগ্যজনকভাৱে যুৱকজনে মানৱীয় উদ্যোগ লৈ আৰক্ষীক সময়ত অৱগত কৰোৱা হলে, এই কৰুণ অধ্যায় এৰাই চলিব পৰা গলে হয় বুলি এতিয়া ভিন্নজনে অভিমত ব্যক্ত কৰিছে।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like