বিশেষ বাৰ্তা, ৩ আগষ্ট : চিৰাং জিলাৰ বিজনী চহৰৰ ঘোষপাৰাৰ বাসিন্দা সুবীৰ কুমাৰ দাসলৈ সমাজকৰ্মী হিচাপে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। বৃহত্তৰ বিজনী অঞ্চলৰ বিশিষ্ট সমাজসেৱক হিচাপে পৰিচিত সুবীৰ কুমাৰ দাস। বিগত ৫০ বছৰ ধৰি সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান লগতে সমাজৰ উন্নয়নৰ হকে কাম কৰি অহা সুবীৰ কুমাৰ দাসে সমাজকৰ্মী হিচাপে দিল্লীত অংশগ্ৰহণ কৰি ডক্টৰেট সন্মান অৰ্জন কৰে । বৰ্তমানলৈ কোনো চাকৰি-ব্যৱসায় নকৰাকৈ কেৱল সমাজৰ হৈ কাম কৰি আহিছে তেওঁ, সেয়েহে ৭৩ বছৰ বয়সত GLOBAL HUMAN PEACE UNIVERSITYৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰি সুবীৰ কুমাৰ দাসে বিজনীবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ