২৫ মিটাৰ এয়াৰ পিষ্টলত চতুর্থ স্থানতে ক্ষান্ত ভাৰতীয় শ্বুটাৰ
🔹 প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে মনু ভাকেৰে
নিউজ ডেস্ক, ৩ আগষ্ট : আশা সৃষ্টি কৰি স্বপ্নভংগ৷ অলিম্পিকত তৃতীয়টো পদক জয় কৰি ইতিহাস সৃষ্টি কৰা নহ’ল মনু ভাকেৰৰ৷ ২৫ মিটাৰ এয়াৰ পিষ্টলত চতুর্থ স্থানতে ক্ষান্ত থাকিল তেওঁ৷ কিন্তু ইয়াৰ পূর্বে দুটা ইভেণ্টত ব্রঞ্জ জয় কৰি দেশৰ নাম উজলাই তুলিছে ভাৰতীয় শ্বুটাৰগৰাকীয়ে৷ একেদিনাই দুটা পদক জয়ৰ সাফল্য, আনফালে ওচৰলৈ আহিও তৃতীয়টো পদক জয় কৰিব নোৱাৰাৰ যন্ত্রণা৷ ইভেণ্টৰ অন্তত তেওঁৰ মুখত শুনা গ’ল মাতৃৰ কথা৷ বিশেষ ধন্যবাদ জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীক৷ টকিঅ’ অলিম্পিকত ব্যর্থ হৈছিল মনু৷ ইয়াৰ পিছত পেৰিছত দুটা পদক৷ মনুৰ এই সাফল্যৰ ৰহস্য মুকলি কৰি তেওঁ কয়– ‘যথেষ্ট পৰিশ্রম কৰিছোঁ৷ মোৰ বাবে বহু মানুহে কষ্ট কৰিছে৷ যাতে মই পডিয়ামত উঠিব পাৰোঁ, পদক জয় কৰিব পাৰোঁ৷ মই অতি সুখী এইবাবেই যে সমগ্র দলটোৱে মোক সকলো সময়তে সমর্থন আগবঢ়াইছে৷ মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ৷ ছাই দল আৰু সম্পূর্ণ মন্ত্রালয়ক ধন্যবাদ জনাইছোঁ৷ মোদীজীৰ ওচৰত কৃতজ্ঞ, তেওঁ ব্যস্ততাৰ মাজতো মোক সময় দিছে৷ প্রশিক্ষক যশপাল সিং, বন্ধুবর্গক মই ধন্যবাদ জনাইছোঁ৷ আগলৈ আৰু ভাল কৰিব পাৰিম৷’ মনু কৃতজ্ঞ তেওঁৰ মাতৃ সুমেধা ভাকেৰৰ ওচৰতো৷ মনুৰ মাতৃয়ে তেওঁৰ খেল দেখা নাই৷ ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে কয়– ‘মাৰ আত্মত্যাগৰ বাবে ধন্যবাদ৷ মাৰ বাবে মই বহু মানুহৰ ছাঁৰ পৰা আঁতৰি আহিব পাৰিছোঁ৷ মই তোমাক বহুত ভাল পাওঁ মা৷ সুস্থ থাকা, বহু বছৰ মোৰ সৈতে থাকা৷’