নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : নগাঁও জিলাৰ চামগুৰিৰ খাটোৱাল থানাৰ আৰক্ষীয়ে যোৱানিশা চোৰাং ম’হৰ বিৰুদ্ধে অভিযান চলাই খাটোৱাল আৰু কুৰুৱাবাহী পথৰ পৰা এখন চোৰাং ম’হভৰ্তি গাড়ী জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত খাটোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ নেতৃত্বত এটা আৰক্ষী দলে যোৱানিশা প্ৰায় ৯.১৫ বজাত খাটোৱাল কুৰুৱাবাহী সংযোগী পথত চোৰাং ম’হৰ বিৰুদ্ধে অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে চোৰাং ম’হ কঢ়িয়াই অনা অৱস্থাত এ এছ-০১ জে চি-০৩৫৪ নম্বৰৰ এখন দহচকীয়া ট্ৰাক জব্দ কৰাৰ লগতে চোৰাং ম’হকেইটা সৰবৰাহৰ লগত জড়িত থকা নগাঁও ৰাঙলু অঞ্চলৰ আব্দুল চাত্তাৰ (৫৪) নামৰ লোকজনক আটক কৰে ৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পৰা পৰৱৰ্তী সময়ত ২৮টা চোৰাং ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ উক্ত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা চোৰাং ম’হকেইটা পৰৱৰ্তী সময়ত নগাঁও গোশালালৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, বহি:ৰাজ্যলৈ চোৰাং ম’হকেইটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰা নগাঁও ৰাঙলু অঞ্চলৰ আব্দুল চাত্তাৰ নামৰ লোকজনক আজি নগাঁও আদালতত হাজিৰ কৰাই জে’ল-হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰমোদ শৰ্মা