নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব ত্যাগৰ প্রৱণতা

ক’ভিডকালৰ আর্থিকভাৱে ভয়ংকৰ অনুর্বৰ দিনবোৰ এতিয়াও বিশ্ব অর্থনীতিৰ বাবে ইতিহাস হোৱা নাই৷ বৰং এটুকুৰা কেঁচা ঘাৰ দৰে আজিও ই বিশ্ব অর্থনীতিক আহত কৰি ৰাখিছে৷ কি ইডৰোপ, কি আমেৰিকা, কি আফ্রিকা কোনেও এতিয়ালৈকে ক’ভিডকালৰ আর্থিক স্থবিৰতাই আনি দিয়া আর্থিক অসুস্থতাৰ পৰা গা–মূৰ টঙাই ওলাই আহিব পৰা নাই৷ কিন্তু একমাত্র উজ্জ্বল ব্যতিক্রম ভাৰতবর্ষ৷ এছিয়াৰ নতুন সিংহ এইখন দেশে ক’ভিডকালৰ আর্থিক মন্থৰতাক ইতিহাসৰ বুকুলৈ নিক্ষেপ কৰাই নহয়, কিছু বছৰ পূর্বলৈ অব্যাহত থকা বিকাশৰ চমকপ্রদ ধাৰাটোলৈও প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হৈছে৷ ভাৰত এতিয়া পূর্বৰ দৰে বিকাশৰ অদমনীয় ঘোঁৰাটোৰ পিঠিত৷ আর্থিক প্রগতিৰ ধাৰাটোলৈ সফলতাৰে প্রত্যাৱর্তন ঘটোৱাৰ সাৰমর্মটো হৈছে দেশখনত কাম আৰু কর্মসংস্থাপনৰ সংকুচিত হৈ পৰা ক্ষেত্রখন পুনৰ প্রসাৰিত হৈ পৰিছে৷ কিন্তু শেহতীয়াকৈ চৰকাৰীভাৱে জাৰি কৰা তথ্য এটাই দেশখনৰ উদ্বেগজনক ছবি এখন তুলি ধৰিছে৷ ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব এৰাৰ সংখ্যাটো দিনকদিনে বাঢ়ি গৈ আছে৷ মানুহৰ মাজত যেন দেশ আৰু নাগৰিকত্ব এৰাৰ প্রতিযোগিতা চলি আছে৷ অৱশ্যে প্রায় ডেৰশ কোটি ভাৰতীয়ৰ তুলনাত সংখ্যাটো তেনেই নগণ্য৷ কিন্তু তাৰে মাজত আছে দক্ষ আৰু সুশিক্ষিত লোক৷ যিকোনো ৰাষ্ট্র এখনৰ বাবে তেওঁলোক সম্পদ৷ তেনে লোকে চিৰদিনৰ বাবে দেশ এৰি যোৱাটো কাৰোৱেই কাম্য নহয়৷ চৰকাৰে এইক্ষেত্রত কেৱল তথ্য সদৰী কৰি বহি থাকিলে নহ’ব৷ কিয় বছৰি লাখ লাখ লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিবলৈ লৈছে, তাক অধ্যয়ন কৰি আৱশ্যকীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এই প্রসংগতে এটা কথা মনত ৰাখিব লাগিব যে আজিৰ তাৰিখত পৃথিৱীখন ভাৰতমুখী৷ দেশখন বিদেশী পুঁজি বিনিয়োগৰ অন্যতম প্রধান কেন্দ্র হৈ পৰিছে৷ বিনিয়োগসমূহে ন ন কর্মক্ষেত্রৰ সুযোগ উলিয়াই দিছে৷ দেশখনৰ বহু উচ্চ শিক্ষানুষ্ঠান আজি বিশ্বৰ বহু দেশৰ শিক্ষার্থীৰ বাবে সপোন৷ তেনে ক্ষেত্রত দেশখনৰ জনসাধাৰণৰ মাজত নাগৰিকত্ব ত্যাগৰ ক্রমবর্ধমান প্রৱণতা অশুভ ইংগিতৰ বাহক৷ বাংলাদেশ, পাকিস্তান আদি প্রতিৱেশী ৰাষ্ট্রৰ পৰা বছৰি দেশ এৰা লোকৰ সংখ্যাটো বৃহৎ৷ কিন্তু তাৰ মূল কাৰণ অর্থনৈতিক৷ দেশসমূহত জীৱন কষ্টকৰ৷ কর্মসংস্থাপনৰ সুযোগ সীমিত৷ সেয়ে দেশ এৰাসকলৰ সিংহভাৱে অবৈধভাৱে দেশ এৰি আন দেশত অবৈধভাৱে প্রৱেশ কৰে৷ তেওঁলোকে ৰাষ্ট্রক আবেদন জনাই নাগৰিকত্ব নেৰে৷ স্বদেশত নিৰুদ্দিষ্ট নাগৰিক হৈয়েহ থাকি যায়৷ অসমত এতিয়া যিমানসংখ্যক অবৈধ বাংলাদেশী নাগৰিক আছে, তেওঁলোক দেশখন এৰাৰ আগমুহূর্তলৈকে তাৰেই নাগৰিক হিচাপে দেশখনৰ সা–সুবিধা গ্রহণ কৰি আছিল৷ তেওঁলোকে সীমা পাৰ কৰি অসমত অনুপ্রৱেশ কৰোঁতে বিধিগভাৱে বাংলাদেশ চৰকাৰক আবেদন জনাই অথবা এইক্ষেত্রত চৰকাৰখনৰ পৰা নথি–পত্র আদি লৈ সোমোৱা নাই৷ তেওঁলোকে অসমত ভাৰতীয় নাগৰিকত্ব লৈছে বক্রপথেৰে৷
চৰকাৰী তথ্য অনুসৰি অকল বিগত বর্ষ অর্থাৎ ২০২৩ চনত ২ লাখ ১৬ হাজাৰ ভাৰতীয় লোকে ত্যাগ কৰিছে ভাৰতীয় নাগৰিকত্ব৷ আপ সাংসদ ৰাঘৱ চাড্ডাৰ এটা প্রশ্ণৰ উত্তৰত বিদেশ ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিংহহ ৰাজ্যসভাত এই তথ্য দিছে৷ পিছত সামাজিক মাধ্যমতো তথ্যটো সদৰী কৰি মন্ত্রীগৰাকীয়ে নিজেই স্তম্ভিত বুলি উল্লেখ কৰিছে৷ আজিৰ ভাৰতবর্ষ এৰি এইদৰে লাখৰ ঘৰত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিব, সেইটোত মন্ত্রীগৰাকীয়েই নহয়, সমগ্র বিশ্ব স্তম্ভিত হোৱাৰ কথা৷ ভাৰতীয় লোকৰ বাবেতো খবৰটো চকু থৰ কৰি তোলা৷ লক্ষণীয় কথাটো হৈছে ২০২২ চনতো পৰিসংখ্যাটো উলাই কৰিব পৰা বিধৰ নাছিল৷ বৰং বিগত বর্ষৰ তুলনাত অধিকহে আছিল৷ মন্ত্রীগৰাকীয়ে ৰাজ্যসভাত দিয়া তথ্য অনুসৰি ২০২২ চনত ২ লাখ ২৫ হাজাৰ ৬২০জনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে৷ ২০২১ চনত ১ লাখ ৬৩ হাজাৰ ৩৭০জন৷ ২০২০ চনত ৮৫ হাজাৰ ২৫৬জন আৰু ২০১৯ চনত ১ লাখ ৪৪ হাজাৰ ১৭জনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে৷ ভাৰতৰ দৰে বিকাশমুখী ৰাষ্ট্র এখনৰ বাবে পৰিসংখ্যাটো অস্বস্তিকৰ আৰু উদ্বেগজনক৷ অৱশ্যে এইটোও সত্য যে নাগৰিকত্ব এৰা ভাৰতীয়সকলে য’তেই নাথাকক কিয়, তাত এখন ক্ষুদ্র ভাৰত স্থাপন কৰিহে থাকে৷ শিপাৰ পৰা তেওঁলোক কাহানিও বিচ্ছিন্ন নহয়৷ নৰেন্দ্র মোদীৰ প্রধানমন্ত্রিত্বৰ কালছোৱাত বিশ্বই বিদেশত ভাৰতীয় সমাজৰ শক্তি, একতা আৰু প্রভাৱ ভালদৰেই প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রত ইজৰাইলীলবীৰ পিছতে ভাৰতীয় সমাজখন শক্তিশালী তথা প্রভাৱশালী৷ চীনা লোকসকল ভাৰতীয়ৰ বহু পাছত৷ ভাৰতীয় লোকসকলৰ আৰু এটা সুনাম আছে যে তেওঁলোকে বসবাস কৰা দেশখনৰ নীতি–নিয়ম, আইন–কানুন আদি সকলোৰে প্রতি উৎসর্গিত৷ পাকিস্তানী–বাংলাদেশীৰ দৰে তাত ইছলামিক ৰাষ্ট্র এখন প্রতিষ্ঠাৰ অপচেষ্টা নকৰে৷ সংশ্লিষ্ট ৰাষ্ট্রখনৰ বিকাশত অৰিহণা যোগায়৷ কিন্তু সেইখিনি অৰিহণা ভাৰতক লাগে৷ সেয়ে এইক্ষেত্রত চৰকাৰী নীতি এটাৰ আৱশ্যক৷ আৰু এটা কথা, ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব এৰিব বিচৰাটো দেশখনৰ প্রতি তীব্র ঘৃণাৰ বাবে নহয়, তেওঁলোকে ব্যক্তিগত সুবিধাৰ বাবেহে মূলতঃ দেশ আৰু নাগৰিকত্ব এৰিছে৷ সেই সুবিধাখিনি ভাৰতত উপলব্ধ হোৱাহেঁতেন?

You might also like