নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিয়েনৰ মন্দিৰ নির্মাণ কৰি নিয়মিত পূজাপাঠ ভক্তৰ

🔹 প্রাকৃতিক দুর্যোগৰ পৰা পৰিত্রাণৰ চেষ্টা !

নিউজ ডেস্ক, ৫ আগষ্ট : মন্দিৰৰ দেশ ভাৰতবর্ষ৷ নদী, শিল, গছ–পাতৰ পৰা আৰম্ভ কৰি সকলোতেই দেৱ–দেৱীৰ মূর্তি স্থাপন কৰি পূজা কৰা হয় ভাৰতত৷ ভাৰতৰ বিভিন্ন চহৰত পথত খোজ দিলেই সৰু–বৰ মন্দিৰ চকুত পৰে৷ কিন্তু সকলোকে হতবাক কৰি পৃথিৱীৰ সীমা অতিক্রম কৰি মহাকাশৰ পৰা ভগৱানক আনি মন্দিৰত বন্দী কৰিলে এজন ভক্তই৷ মন্দিৰৰ দেশত এইবাৰ আৱির্ভাৱ হ’ল নতুন ‘ভগৱান’ ভিন্নগ্রহী বা এলিয়েন৷ শুনিবলৈ আচৰিত যেন লাগিলেও বাস্তৱত এই ঘটনা ঘটিছে তামিলনাডুৰ ছালেম জিলাত৷ এলিয়েনক সন্তুষ্ট কৰিবলৈ এতিয়া দৈনিক পূজাপাঠ কৰি থকা হৈছে৷ চালেম জিলাৰ মল্লামুম্পাবট্টিৰ বাসিন্দা লোগনাথনে নিজৰ গাঁৱত নির্মাণ কৰিছে এই এলিয়েনৰ মন্দিৰ৷ অদ্ভুত এই মন্দিৰ সন্দর্ভত লোগনাথনে কয় যে বিশ্বত প্রতিমুহূর্ততে প্রাকৃতিক দুর্যোগৰ ঘটনা বৃদ্ধি পাইছে৷ এই বিপর্যয় বন্ধ কৰাৰ শক্তি কেৱল এলিয়েনবোৰৰহে আছে৷ সেই কথা ভাবিয়েই এই মন্দিৰ নির্মাণৰ সিদ্ধান্ত লয় লোগনাথনে৷ নিয়মিত মন্দিৰলৈ আহি ভিন্নগ্রহী এলিয়েনবোৰক সন্তুষ্ট কৰিবলৈ পূজাপাঠ কৰে লোগনাথনে৷ জানিব পৰা গৈছে যে ২০২১ চনত লোগনাথনৰ নিজৰ গুৰু সিদ্ধ ভাগ্যৰ সমাধিৰ ওচৰতে এই মন্দিৰ নির্মাণ কৰা হয়৷ অৱশ্যে মন্দিৰ এতিয়াও সম্পূর্ণ হোৱা নাই৷ আগন্তুক কেইমাহমানৰ ভিতৰত মন্দিৰৰ নির্মাণকার্য সম্পূর্ণ হ’ব৷ কিন্তু ইতিমধ্যে এলিয়েনৰ মূর্তি বনাই পূজপাঠ আৰম্ভ কৰিছে লোগনাথনে৷

You might also like