আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদক দখল বৰভাগৰ দীপামণিৰ
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ সদৌ অসম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰি নলবাৰীৰ বৰভাগলৈ গৌৰৱ কঢ়িয়াই আনিলে দীপামণি কলিতাই। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত লৰা-ছোৱালী উভয়ৰ মাজত অনুষ্ঠিত হৈ যোৱা ৪ আৰু ৫ আগষ্টত সদৌ অসম আন্তঃজিলাৰ উশ্বু চেম্পিয়নশ্বিপত নলবাৰীৰ দীপামণি কলিতাই সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। নলবাৰীৰ বৰভাগৰ মৌৰা গাঁৱৰ দীপামণি কলিতাই সোণৰ পদক লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। উল্লেখ্য যে প্ৰতিযোগিতাখনত সমগ্ৰ ৰাজ্যৰ ২৮খন জিলাৰ প্ৰায় ডেৰশৰো অধিকগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। মন কৰিবলগীয়া যে গুৱাহাটীৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত ২৮তম চিনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত দীপামণিয়ে ফাইনেল খেল কাৰ্বিআংলঙৰ লগত খেলি জয়লাভ কৰি সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। ২০১৯ চনৰ পৰা বিভিন্ন প্ৰতিযোগিতাত সোণৰ পদক, ৰূপৰ পদক, ব্ৰঞ্জৰ পদক, মানপত্ৰ, লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা দীপামণি কলিতাক ইতিমধ্যে বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰেৰক শ্বাহ আলম আহমেদ