নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’ৰ্টক অৱমাননা : ‘কা’ সন্দর্ভত শপতনামা দাখিল কৰা নাই কেন্দ্রই

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অমান্য কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ (কা) কেন্দ্রীয় চৰকাৰে এতিয়াও দাখিল কৰা নাই কোনো শপতনামা ৷ উল্লেখ্য যে ‘কা’ সম্পৰ্কীয় আবেদনসমূহৰ জৰুৰীকালীন শুনানি গ্রহণৰ বাবে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ বিচাৰপীঠত মুকলি আবেদন জনাইছিল ৷ লগতে ছিবালে অভিযোগ কৰে যে কেন্দ্রীয় চৰকাৰে ‘কা’ আবেদনসমূহৰ ওপৰত এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই ৷ অথচ যোৱা ২২ জানুৱাৰীৰ শুনানিত ন্যায়ালয়ে কেন্দ্রক উত্তৰ দিবলৈ চাৰি সপ্তাহৰ সময় বান্ধি দিছিল ৷ ছিবালে এই অভিযোগ উত্থাপন কৰাৰ সময়ত ন্যায়ালয়ত উপস্থিত আছিল কেন্দ্রৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপাল ৷ বিপাঙত পৰি বেণুগোপালে লগে লগে জনায় যে অহা দুই তিনি দিনৰ ভিতৰত কেন্দ্রৰ তৰফৰ পৰা শপতনামাযোগে আবেদনকাৰীসকলক ডত্তৰ দিয়া হ’ব৷ আনহাতে সবৰীমালা গোচৰৰ শুনানি সমাপ্ত হোৱাৰ পিছতহে ‘কা’ সম্পক্য় আবেদনসমূহৰ শুনানি লোৱা হ’ব বুলি মুখ্য ন্যায়াধীশ বোবডেই আজি স্পষ্ট কৰি দিয়ে৷ সেয়েহে হোলীৰ বন্ধৰ পিছত ‘কা’ৰ বিষয়টো ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰোৱাৰ বাবে তেওঁ ছিবালক পৰামর্শ প্রদান কৰে৷

You might also like