নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত স্বাধীনতা দিৱস… ঢেকীয়াজুলিত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

🔹 বাতাচীপুৰৰ একালৰ দুৰ্ধৰ্ষ এনডিএফবি সদস্য লালৰ তামোলবাৰীত আৰক্ষীৰ অভিযান

বিশেষ বাৰ্তা, ১২ আগষ্ট : সমাগত স্বাধীনতা দিৱস। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ হ’ল অস্ত্ৰ ভাণ্ডাৰ। বাতাচীপুৰৰ বিলাসীগুৰি গাঁৱৰ একালৰ দুৰ্ধৰ্ষ এন ডি এফ বি সদস্য প্ৰয়াত লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১০টা গ্ৰেনেড, ১টা ৭.৫ ৰিভলভাৰ আৰু ১টা পিষ্টল, ৫টা ডিট’নেটৰসহ বহু বিস্ফোৰক সামগ্ৰী ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই একালৰ দুৰ্ধৰ্ষ এন ডি এফ বি সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে ২০১৪ বৰ্ষৰ ডিচেম্বৰ মাহত উত্তৰ অসমৰ ঢেকীয়াজুলিত ৬গৰাকী নিৰীহ লোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা নৰসংহাৰৰ ঘটনাৰ অন্তৰালত এইগৰাকী দুৰ্ধৰ্ষ এনডিএফবি সদস্য প্ৰত্যক্ষভাৱে জড়িত আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে। লাল নামৰ সংবিজিত গোটৰ দুৰ্ধৰ্ষ প্ৰাক্তন এনডিএফবি সদস্যজনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ কিছু বছৰ পূৰ্বে মৃত্যু হৈছিল বুলি জনায় আৰক্ষীয়ে ৷ কি কাৰণে দুৰ্ধৰ্ষ প্ৰাক্তন এনডিএফবি সদস্যজনে ইমান বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ তামোলবাৰীত পুতি থৈছিল, সেয়া এক ৰহস্য৷ চাঞ্চল্যকৰ এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমত জনায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like