নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ কুৰিহামাৰী গাড়ীঘাটত কালি আবেলি বজ্ৰ পৰি দুই সহোদৰ কৃষক ভাতৃৰ অকাল মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য মতে, দুই ভাতৃয়ে কালি ব্ৰহ্মপুত্ৰ নদীৰ পানীত গঢ় দিয়া মৰাপাট এৰাই থকা সময়তে হঠাতে অহা এজাক বৰষুণৰ মাজতে বজ্ৰ পৰাত দুয়োজনৰ মৃত্যু হয়। মৃত লোক দুজন শিয়ালমাৰী থানাৰ অন্তৰ্গত গাড়ীঘাট গাঁৱৰ চলেমান আলীৰ দুই পুত্ৰ একাত আলী (৩৫) আৰু আয়ুৱ আলী (৩০)। পৰৱৰ্তী সময়ত স্থানীয় লোকে দুয়োজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা উদ্ধাৰ কৰে। পিছত শিয়ালমাৰী আৰক্ষী থানাৰ সহযোগত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয়। এটা পৰিয়ালৰ দুজনকৈ ভাতৃৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰে।
প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা