নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ সমগ্র দেশ আর্থিক মন্দাৱস্থাত ভুগি থকাৰ সময়তে মধ্যবিত্ত জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ শোধাইছে চৰকাৰে৷ এইবাৰ কর্মচাৰীৰ প্রভিডেণ্ট ফাণ্ডৰ সুদৰ হাৰ হ্রাস পালে৷ ২০১৯–২০ আর্থিক বছৰত সুদৰ হাৰ হ্রাস পালে ৮.৫০ শতাংশলৈ৷ ২০১৮–১৯ চনত পি এফৰ সুদৰ হাৰ আছিল ৮.৬৫ শতাংশ৷ অর্থাৎ চলিত বিত্তীয় বর্ষত এই সুদৰ হাৰ হ্রাস পালে .১৫ শতাংশ৷ আজি এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে কেন্দ্রীয় শ্রমমন্ত্রী সন্তোষ গংগোয়াৰে৷ তেওঁ কয়– ‘চেণ্ড্রেল ব’ড অৱ ট্রাষ্টিজে (চি বি টি) পি এফৰ সুদৰ হাৰ কমোৱাৰ সিদ্ধান্ত লৈছে৷ পি এফৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লয় চি বি টিয়ে৷ চি বি টিৰ এই প্রস্তাৱ অর্থ মন্ত্রালয়ৰ ওচৰলৈ পঠিওৱা হ’ব আৰু মন্ত্রালয়ে অনুমোদন দিলেই কার্যকৰী হ’ব নতুন সুদৰ হাৰ৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত প্রভাৱ পৰিব কোটি কোটি কর্মচাৰীৰ ওপৰত৷