নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক শুৱালকুছিত ৰাজহুৱা সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৮ আগষ্ট : একৈশ শতিকাত মানুহৰ আটাইতকৈ বিড়ম্বনা হৈছে অৱসাদ। নিজৰ ভিতৰত মানুহ অকলশৰীয়া। শিপাৰ পৰা বিচ্ছেদ হৈ শিপাৰ সন্ধানত মানুহ ভাগৰুৱা। এই ভাষ্য ছত্তিশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল শুৱালকুছিৰ সন্তান ৰমেন ডেকাৰ। আজি স্থানীয় শ্ৰীশ্ৰীশংকৰদেৱ ধামত বৃহত্তৰ শুৱালকুছি নাগৰিক সমাজ সম্বৰ্ধনা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি এইদৰে কয়। বৰ্তমান সময়ত মানুহ কৰ্মব্যস্ততাৰ বাবে দেশ-বিদেশত জীৱন নিৰ্বাহ কৰে যদিও শিপাৰ সন্ধানত সদায় ব্যাকুল হৈ থাকে বুলি কয়। বৃহত্তৰ শুৱালকুছি নাগৰিক সমাজ সম্বৰ্ধনা সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত শুৱালকুছিৰ একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে নিজৰ সহোদৰক ৰাজ্যপাল হোৱাৰ আনন্দতে অভিনন্দন জনোৱাত অভিভূত হৈ আৱেগবিহ্বল হৈ পৰে। সমান্তৰালভাৱে তেওঁৰ শুৱালকুছিৰ মহান কীৰ্তিমান পূৰ্বপুৰুষৰসকলৰ গৌৰৱ গাথা প্ৰকাশ কৰি নৱ-প্ৰজন্মৰ হাতত তুলি দিবলৈ পৰামৰ্শ দিছে। শুৱালকুছিৰ শতাধিক মহান ব্যক্তি যিয়ে দেশৰ দহৰ কল্যাণৰ বাবে কাম কৰি গৈছে তেওঁলোকৰ জীৱন বুৰঞ্জী উদ্ধাৰ নকৰিলে এটা সময়ত হেৰাই যাব বুলিও আক্ষেপ কৰে। আনহাতে ১৯৭৪ চনৰ পৰাই বিগত পঞ্চাশটা বছৰ এটা ৰাজনৈতিক দলত থাকি ৰাইজৰ হকে সমাজৰ হকে নিস্বাৰ্থ সেৱা কৰাৰ ফলশ্ৰুতিত ভাৰত চৰকাৰে দিয়া ৰাজ্যপালৰ পদবীটো বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক শলাগ লয়। অসমৰ ৰাজনৈতিক ইতিহাসত একেৰাহে পঞ্চাশ বছৰ একেটা দলত থকাটাোও তেওঁ গৌৰৱবোধ কৰে। সেয়ে ভাৰতীয় জনতা পাৰ্টীৰ হাজাৰ হাজাৰ কৰ্মীৰ নামত তেওঁৰ ৰাজ্যপাল আজিৰ সভাৰ জৰিয়তেই সমৰ্পণ কৰে। আনহাতে বিগত দহটা বছৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত ৰাইজৰ আশীৰ্বাদ মৰম চেনেহ অতুলনীয় অৱদান বুলি কৈ কৃতজ্ঞতা প্ৰকাশ কৰে। অনিল চন্দ্ৰ কলিতাৰ পৌৰহিত্যত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বৃহত্তৰ শুৱালকুছি নাগৰিক সমাজ সম্বৰ্ধনা সমিতি, মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশংকৰদেৱ ধাম, ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰ, মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ, মহাপ্ৰভু সিদ্ধশ্বৰ দেবালয় পৰিচালনা সমিতি, শুৱালকুছি, সাংবাদিক সন্থা, কামৰূপ জিলা সাংবাদিক সন্থা, অংকুৰ শিশু সদন, অগ্ৰগামী যুৱ মঞ্চ, ৰিতম পুথিভঁৰাল, ঈশ্বৰ শ্ৰীশ্ৰী বৰসত্ৰ পৰিচালনা সমিতিকে ধৰি পঞ্চাশটা সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। পিছত ৰাজ্যপালগৰাকীয়ে পূব শুৱালকুছিৰ বাসত্তৰীয়া ব্ৰাহ্মণ সমাজৰ শ্ৰীশ্ৰীমনসা পূজাত আশিস গ্ৰহণ কৰি ছত্তিশগড়লৈ উভতি যায়।

প্ৰেৰক দিলীপ মেধি

You might also like