🔹 শংকৰ-আজানৰ ৰাজ্যত সম্প্ৰীতিৰ নিদৰ্শন
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : শোণিতপুৰৰ মিছামাৰীত এটা মুছলমান পৰিয়ালে ৰাজহুৱা শ্মশান আৰু শিৱ মন্দিৰৰ কাৰণে ম্যাদী পট্টাৰ ভূমি দান কৰি দেখুৱালে নিদৰ্শন। চুবুৰীয়া দেশ বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীৰ উপাসনাস্থলী মঠ, মন্দিৰ আদিত ইছলাম ধৰ্মাৱলম্বী লোকে আক্ৰমণ চলোৱাৰ অভিযোগ উঠাৰ সময়ত মিছামাৰীত হিন্দুৰ শ্মশান আৰু শিৱ মন্দিৰ নিৰ্মাণৰ কাৰণে এটা ইছলামধৰ্মী পৰিয়ালে ভূমি দান কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। মিছামাৰীৰ কাষৰীয়া তাৰাজুলি চাহ বাগিচা নিৱাসী গুলাম ৱাছিৰ আনচাৰী আৰু আমিৰ উদ্দিন আনচাৰী নামৰ দুই ভাতৃয়ে ৰাজহুৱা শ্মশানৰ বাবে ২ বিঘা আৰু এটা শিৱ মন্দিৰ নিৰ্মাণৰ কাৰণে ১ কঠা ভূমি দান কৰি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন । অঞ্চলটোৰ ভেৰভেৰী- নেপালী বস্তিৰ উপৰি কাষৰীয়া কেইবাখনোে গাঁৱৰ ৰাইজে উপকৃত হ’ব পৰা ভূমিখিনি ৰাজহুৱা সভাৰ জৰিয়তে দান কৰিলে গুলাম ৱাছিৰ আনচাৰী আৰু আমিৰ উদ্দিন আনচাৰী নামৰ ভাতৃদ্বয়ে।
প্ৰেৰক বগা তপ্ন