নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্ৰী ৰীণা বৰালৈ ভবেন্দ্ৰনাথ শইকীয়া বঁটা আৱাহন থিয়েটাৰৰ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান নাট্যনগৰী পাঠশালাত এতিয়া যে চলিছে নাটকৰ মহোৎসৱ৷ প্ৰতিবছৰৰ দৰে এইবেলিও চাৰিখনকৈ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলৰ নাটকৰ শব্দত প্ৰাণ চঞ্চলা হৈ উঠিছে নাট্যনগৰী পাঠশালা। ৰাজমুকুট, কহিনুৰ, ৰাজলক্ষ্মীৰ পিছত ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্যদল আবাহন থিয়েটাৰে আৰম্ভ কৰে তেওঁলোকৰ ২০২৪-২৫ নাট্যবৰ্ষ৷ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত ছয় দিনীয়া কাৰ্য্যসূচীৰে ৪৫সংখ্যক এই নাট্যাৰম্ভত প্ৰতিবাৰৰ দৰে এইবাৰো অভূতপূৰ্ব দৰ্শকৰ সমাগমেৰে জ্যেষ্ঠ অভিনেত্ৰী ৰীণা বৰালৈ এইবৰ্ষৰ সন্মানীয় ড° ভবেন্দ্ৰ নাথ শইকীয়া স্মাৰক বঁটাটি প্ৰদান কৰা হয়। আবাহন থিয়েটাৰ বাৰ্ষিক মুখপত্ৰ ৰঙ্গবেদিকাৰ সম্পাদক পুলু কুমাৰ শৰ্মা আৰু গোপাল জালানে আঁত ধৰা আৰু জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাই৷ আৱাহন থিয়েটাৰৰ মুখপত্ৰ “ৰঙ্গবেদিকা” উন্মোচন কৰে এন কে টিভিৰ সঞ্চালক তথা বিশিষ্ট উদ্যোগপতি নিপন তালুকদাৰে৷ উদ্বোধনী অনুষ্ঠানত আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, ভাৰতীয় প্ৰশাসনিক ক্ষেত্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস, বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বজালী জিলাৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰীৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি তথা নাট্য জগতৰ লগত জড়িত বহু পুৰোধা ব্যক্তি উপস্থিত থাকে৷ জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ “মইনা কুশলে আছনে” শীৰ্ষক নাটখনিৰ জৰিয়তে এইবৰ্ষৰ নাট্যাৰম্ভ হয় পাঠশালাত শুভাৰম্ভ কৰে। উল্লেখ্য যে আৱাহন থিয়েটাৰত এইবেলি অভিনয় কৰিছে বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে সঞ্জীৱ শৰ্মা, জেফী বক্সি, লাটুমনি ভূঞা, ৰিতুৰাজ মহন্ত, প্ৰমোদ চুতীয়া, হিৰন্ময় বৰুৱা, অঞ্জলি হাতীবৰুৱা, বিজুমনি চুতীয়া, নৱ দত্ত, উৎপল শইকীয়া, পংকুল বৰা, চয়নিকা বৰাকে আদি কৰি বহু অভিজ্ঞতাসম্পন্ন শিল্পীয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like