নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মগজুত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা

মানৱসৃষ্ট প্লাষ্টিক প্রদূষণৰ ভয়াৱহতা সকলোৰে জ্ঞাত৷ প্লাষ্টিক প্রদূষণৰ ভয়াৱহতা বৃদ্ধিয়ে মানৱ জাতিৰ বাবে ক্রমান্বয়ে বিৰাট প্রত্যাহ্বান হৈ পৰিছে৷ তথাপি বিশ্বজুৰি প্লাষ্টিকৰ ব্যৱহাৰ হ্রাস পোৱাৰ বিপৰীতে বৃদ্ধিহে পাইছে৷ মানৱীয় জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ অবিহনে দৈনন্দিন কার্যকলাপ ভাবিবকে নোৱাৰি৷ পৃথিৱীৰ ভয়াৱহ সমস্যাৰ ভিতৰত অন্যতম প্লাষ্টিক প্রদূষণ৷ বিশ্ব মানৱৰ আধুনিক সৃষ্টি প্লাষ্টিক উদ্ভাৱনৰ পিছতেই এই প্লাষ্টিকৰ উদ্ভাৱকে বর্জিত প্লাষ্টিকে পৃথিৱীক ভয়াৱহ সমস্যাৰ সন্মুখীন কৰিব বুলি আগবঢ়োৱা ভৱিষ্যদ্বাণী এতিয়া পদে পদে মিলি গৈছে৷ প্লাষ্টিক প্রদূষণে পৃথিৱীৰ জীৱজগতক ভয়াৱহ সংকটৰ দিশে আগবঢ়াই নিছে৷ আমি বাস কৰা গ্রহটিৰ প্রাণী আৰু উদ্ভিদ জগত বর্জিত প্লাষ্টিকৰ বাবে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ প্রাণী আৰু জীৱৰ দেহত বর্জিত প্লাষ্টিকৰ কণাই ভয়াৱহতাৰ সৃষ্টি কৰাৰ সময়তে মানৱ দেহৰ তেজত প্লাষ্টিকৰ কণিকা ধৰা পৰিছে৷ মানৱ জাতিৰ বাবে বর্জিত প্লাষ্টিক সম্প্রতি প্রত্যাহ্বান হৈ পৰিছে৷ প্লাষ্টিক বর্জন আৰু এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক নিষিদ্ধ অভিযান বিশ্বজুৰি আৰম্ভ হৈছে৷ বর্জিত প্লাষ্টিকৰ ভয়াৱহতা ইমানেই বৃদ্ধি পাইছে যে কোনোদিনে কাহানিও জীৱশ্রেষ্ঠ মানৱৰ খোজ নপৰা অঞ্চলতো বর্জিত প্লাষ্টিকৰ দ’ম বৃদ্ধি পাইছে৷ প্লাষ্টিকৰ আৱর্জনাই স্থল-জল বিষাক্ত কৰি তুলিছে৷ প্রশান্ত মহাসাগৰীয় দুর্গম অঞ্চল য’ত এতিয়ালৈকে মানুহৰ খোজ পৰা নাই তেনে অঞ্চলতো বর্জিত প্লাষ্টিকৰ দ’ম বান্ধিছে৷ নৈ, হ্রদ, সাগৰ, মহাসাগৰ আদিৰ পানী বর্জিত প্লাষ্টিকৰ বাবে প্রদূষিত হৈছে৷ অকল এয়াই নহয়, পৃথিৱীৰ সর্বোচ্চ পর্বতৰ শৃংগ এভাৰেষ্টতো প্লাষ্টিকৰ বর্জিতই পৰিৱেশ বিনষ্ট কৰিছে৷ বর্জিত প্লাষ্টিকৰ পৰা হোৱা প্রদূষণ নিয়ন্ত্রণ কৰিবলৈ ৰাষ্ট্রসংঘই বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক বর্জনৰ শ্ল’গানেৰে কার্যসূচীও গ্রহণ কৰিছে৷ ইয়াৰ পিছতো বিশ্বৰ দেশসমূহ প্লাষ্টিকৰ আৱর্জনা নিয়ন্ত্রণ কৰাত সফল হোৱা নাই৷
প্লাষ্টিক প্রদূষণে পৃথিৱীৰ পাৰিপার্শ্বিক ভাৰসাম্য আৰু পৰিস্থিতি তন্ত্রৰ ওপৰত আঘাত হনাই নহয়, মানৱ দেহৰ ওপৰতো ভয়াৱহ প্রভাৱ পেলাইছে৷ প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা মানৱ দেহৰ বিভিন্ন অংগত বিজ্ঞানী গৱেষকসকলে ধৰা পেলাইছে৷ তেজৰ পৰা বৃক্কলৈকে প্লাষ্টিকৰ ক্ষুদ্রতম কণিকাৰ অৱস্থিতি ধৰা পেলোৱাৰ পিছত শেহতীয়াভাৱে মানুহৰ মগজুতো প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা প্রৱেশ কৰাৰ তথ্য লাভ কৰিছে৷ বিজ্ঞানী আৰু গৱেষকৰ দলে চলোৱা মগজুৰ অধ্যয়নত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকাৰ অৱস্থিতি ধৰা পেলাইছে৷ মানুহৰ মগজুৰ নমুনা ২০২৪ৰ প্রাৰম্ভতে সংগ্রহ কৰি গৱেষণাগাৰত অধ্যয়ন চলোৱাৰ পিছত মগজুত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা ধৰা পৰিছে৷ ই মানৱ জাতিৰ বাবে ভয়ানক হৈ উঠাৰ সম্ভাৱনা আছে৷ ২০১৬ চনত মগজুৰ নমুনাৰ পৰীক্ষা কৰাৰ পিছত ২০২৪ চনত পুনৰ বিজ্ঞানী আৰু গৱেষকৰ দলে পৰীক্ষাগাৰত এই মগজুৰ নমুনাৰ পৰীক্ষণ চলায়৷ পৰীক্ষণৰ সময়ত ২০১৬ চনৰ তুলনাত ২০২৪ চনত ৫০ শতাংশ অধিক প্লাষ্টিকৰ নমুনা ধৰা পৰে৷ অর্থাৎ মানুহৰ শৰীৰৰ মগজু ৯৯.৫ শতাংশ আৰু বাকীখিনি প্লাষ্টিক৷ নিউ মেস্কিকো বিশ্ববিদ্যালয়ৰ ফার্মাচিউটিকেল ছায়েন্সৰ অধ্যাপক মেথিউ কেম্পেনৰ নেতৃত্বত অধ্যয়ন চলোৱা গৱেষকৰ দলটোৰ এই নতুন গৱেষণাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মন কৰিবলগীয়া যে ২০১৬ চনৰ পিছত বিজ্ঞানীসকলে ২০২৪ চনত মানুহৰ মগজুৰ পৰীক্ষণ চলোৱাত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা ধৰা পৰাটো অতিকে উদ্বিগ্ণতাৰ বিষয় হিচাপে চর্চিত হৈছে৷ কিয়নো ইতিমধ্যে মানুহৰ দেহৰ অংগ বৃক্ক, যকৃতকে ধৰি বিভিন্ন স্থানত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকাৰ অৱস্থিতি ধৰা পৰিছে৷ আন এক গৱেষণাত তেজত প্লাষ্টিকৰ কণিকাৰ অৱস্থিতি ধৰা পৰাৰ পিছত নিউ মেস্কিকো বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ তত্ত্বাৱধানত মগজুৰ পৰীক্ষণ চলোৱা হয়৷ এই পৰীক্ষণত ২০১৬ চনৰ তুলনাত ২০২৪ চনৰ পৰীক্ষাত মানুহৰ মগজুত ৫০ শতাংশ প্লাষ্টিকৰ কণিকা বৃদ্ধি হোৱাটো নিশ্চিত হৈছে৷ মগজুত প্লাষ্টিকৰ অতি ক্ষুদ্রতম কণিকা প্রৱেশ কৰাৰ পিছত মানুহৰ মগজুৰ ক্রিয়া একেই থাকিবনে, কিবা নেতিবাচক প্রভাৱ পৰিব, সেই সন্দর্ভত বিজ্ঞানীসকলে এতিয়াও স্পষ্টকৈ উল্লেখ কৰা নাই৷ মগজুত প্লাষ্টিক কণিকাৰ প্রৱেশ শুভ লক্ষণ নহয়৷ কিয়নো ইতিমধ্যে মানুহৰ দেহৰ অংগত ধৰা প্লাষ্টিকৰ কণিকাই কর্কটকে ধৰি বিভিন্ন ৰোগত আক্রান্ত কৰিছে৷ গতিকে মগজুত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা প্রৱেশ কৰাটো মানৱ জাতিৰ বাবে বিপজ্জনক হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

You might also like