নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তি আশ্ৰম শিশু বিদ্যা নিকেতনত শংকৰদেৱৰ তিৰোভাৱ তিথি

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ অধীনৰ শক্তি আশ্ৰম শংকৰদেৱ শিশু বিদ্যা নিকেতনতো শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে পালন কৰে । উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, পুৱা ৯ বজাত মহাপুৰুষজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মানস প্ৰতিম ৰায় আৰু নিৰঞ্জন ৰায়ে । আজিৰ অনুষ্ঠানত আচাৰ্য-আচাৰ্যাসকলৰ লগতে স্থানীয় সমাজসেৱক বীৰেন্দ্ৰ ৰায়, ৰঞ্জিৎ সিংহ আদি উপস্থিত থাকে । ইয়াৰ পিছত নাম সংকীৰ্তন, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰাৰ উপৰি প্ৰসাদ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় । আজিৰ অনুষ্ঠানত উপস্থিত থাকি নিৰঞ্জন ৰায়ে কয় যে গুৰুজনাৰ যি সৃষ্টি, সেই সৃষ্টি সমগ্ৰ বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰ হওক।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like