নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ সোণাজুলিত জলজীৱন মিছনক লৈ দুই পক্ষৰ সংঘাত

🔹 ৩৭টা পৰিয়ালক খোৱাপানীৰ পৰা কোনে বঞ্চিত কৰিলে ?

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰধান সমস্যা হৈছে খোৱাপানী । বিগত সময়ছোৱাত এটুপি খোৱাপানীৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল ভূটান সীমান্তৱৰ্তী অঞ্চলত । যাৰ বাবে বিভিন্ন নদী, নলা-নৰ্দমা, কুঁৱাৰ দূষিত পানী সেৱন কৰি আহিছিল অঞ্চলবাসীয়ে । ২০১৭ বৰ্ষৰ অক্টোবৰ মাহত ওদালগুৰি জিলাৰ ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং সোণাজুলি গাঁৱত টংলা জলসম্পদ বিভাগৰ অধীনত জলজীৱন মিছনৰ পৰা এক বিশুদ্ধ খোৱাপানীৰ আঁচনি লাভ কৰিছিল । ২নং সোণাজুলি গাঁৱৰ ১নং পানীৰ টেংকিটো নিৰ্মাণ কৰিবলৈ চৰকাৰী ঠাই নোহোৱা বাবে গাঁৱৰে ফজনুৰ আহমেদ নামৰ ব্যক্তিগৰাকীয়ে ৰাইজক কিছু ভূমি আবন্টন দিছিল । প্ৰায় ৭ বছৰে আঁচনিখনৰ সকলো কাম-কাজ সময় মতে চলাইছিল ফজনুৰ আহমেদ নামৰ ব্যক্তিজনে । কেইমাহমান পূৰ্বে মাটিৰ গৰাকী ফজনুৰ আহমেদ আৰু গাঁওখনৰ ৰাইজৰ মনোমালিন্য ঘটাত তেতিয়াৰ পৰাই গাঁওখনৰ ৩৭টা পৰিয়ালক খোৱাপানীৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ৰাইজৰ অভিযোগ- ফজনুৰে আঁচনিৰ পৰা পানী আনিবলৈ গ’লে বিভিন্ন ধৰণৰ গালি-গালাজ পাৰি অভিশাপ দিয়ে। পানী আনিবলৈ বন্ধ কৰাৰ উপৰি ৰাজহুৱা অনুষ্ঠান ঈদৰ সময়ত পানী নিদিয়ে, কাৰোবাৰ পৰিয়ালত কোনোবা ঢুকালে আদ্যশ্ৰাদ্ধৰ সময়তো পানী নিদিয়ে। আনহাতে, আঁচনিৰ সন্মুখত তামোলৰ পুলিকে আৰম্ভ কৰি গছ-গছনি লগাই ৰাস্তা বন্ধ কৰি দিয়ে। মুঠতে খোৱাপানীৰ পৰা বঞ্চিত কৰি আহিছে এখন সমাজক । অৱশেষত উপায়হীন হৈ গাঁওবাসীয়ে টংলা জলসম্পদ বিভাগৰ S.O. নাগেন্দ্ৰ ভাৰতীক অৱগত কৰোৱাত তেওঁ মীমাংসা কৰি দিয়ে ।

প্ৰেৰক পিংকু কলিতা

You might also like