বিস্ফোৰক পাণ্ডিয়াৰ ৫৫ বলত ১৫৮ ৰান
নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ ষষ্ঠদশ ডি ৱাই পাটিল টি–২০ কাপত বিস্ফোৰক ৰূপ অব্যাহত আছে হার্দিক পাণ্ডিয়াৰ৷ প্রতিযোগিতাখনত ইখনৰ পিছত সিখন মেচত দুর্দান্ত বেটিং প্রদর্শন দাঙি ধৰা পাণ্ডিয়াই শুকুৰবাৰে বিস্ফোৰক ৰূপ ধাৰণ কৰে৷ ৰিলায়েন্স ১ক প্রতিনিধিত্ব কৰা পাণ্ডিয়াই বি পি চি এলৰে খেলা ছেমিফাইনেল মেচখনত মাত্র ৫৫টা বলত ১৫৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ হার্দিক পাণ্ডিয়াৰ ইনিংছটোত আছিল ২০টাকৈ বিশাল ছয় আৰু চাৰিটা বাউণ্ডেৰী৷ ইয়াৰ পূর্বে খেলা মেচখনতো পাণ্ডিয়াই ৩৯টা বলত ১০৫ ৰানৰ দুর্দান্ত ইনিংছ খেলিছিল৷ উল্লেখ্য যে আঘাতৰ বাবে টীম ইণ্ডিয়াৰ সদ্যসমাপ্ত নিউজিলেণ্ড ভ্রমণত হার্দিক পাণ্ডিয়াই অংশগ্রহণ কৰিব পৰা নাছিল যদিও বর্তমান অলৰাউণ্ডাৰগৰাকীয়ে আঘাতৰ পৰা সম্পূর্ণ সুস্থ হৈ উঠিছে আৰু ভাৰতীয় দলটোৰ বাবে খেলিবলৈ সম্পূর্ণ সাজু হৈছে৷