দুবছৰত খোজকাঢ়ি অতিক্ৰম ১৩,০০০ কিলোমিটাৰ
বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ “জাতিৰ দ্বাৰা বিভক্ত, যোগৰ দ্বাৰা সংযুক্ত” এই বাণী সাৰোগত কৰি কৰ্ণাটকৰ মহীশূৰৰ উডবুৰু গাঁৱৰ যোগ প্ৰশিক্ষক কৃষ্ণ নায়ক সম্প্ৰতি উপস্থিত হৈছে বিশ্বনাথত। কৰ্ণাটকৰ মহীশূৰৰ পৰা কৃষ্ণ নায়কে পদযাত্ৰা আৰম্ভ কৰিছিল ২০২২ চনৰ ১৬ অক্টোবৰত। কৰ্ণাটকৰ মহীশূৰৰ পৰা কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, ছত্তীশগড়, ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, ছিকিম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, অসম আৰু চুবুৰীয়া নেপাল আৰু ভূটানকে ধৰি যোৱা ২ বছৰত খোজেকাঢ়ি অতিক্ৰম কৰিলে ১৩,০০০ কিলোমিটাৰ। এই পদযাত্ৰা কালত কৃষ্ণ নায়কে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, সেনা শিবিৰ আৰু অন্যান্য ৰাজহুৱা স্থানত ৩০০কৈও অধিক যোগ সজাগতা কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে। এই পদযাত্ৰাৰ দ্বাৰা বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ মাজত যোগৰ বিষয়ে সজাগতা সৃষ্টিত সফল হোৱা বুলিও দাবী যোগ প্ৰশিক্ষকগৰাকীৰ। শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ আসন, প্ৰাণায়াম, ধ্যান শিকোৱাৰ লগতে যোগৰ বিষয়ে থকা ভুল ধাৰণাবোৰ আঁতৰাই আধ্যাত্মিক সাফল্যৰ বাবে যোগাসন অপৰিহাৰ্য বুলি বাৰ্তা প্ৰচাৰ কৰাকেই জীৱনৰ লক্ষ্য কৰি লৈছে যুৱকজনে। কৃষ্ণ নায়কৰ পদযাত্ৰাৰ লক্ষ্য ৪ বছৰত প্ৰায় ২৫,০০০ কিলোমিটাৰ অতিক্ৰম কৰা। ইফালে আজি বিশ্বনাথৰ ডেফনি চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত যোগৰ সজাগতা সভাও ভাগ লয় কৃষ্ণ নায়কে।
প্ৰেৰক জয়ন্ত বৰা