নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বাংলা সীমান্তত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ “আমাৰ যি ভাইব্ৰেন্ট গাওঁ আছে তালৈ যোৱা, সীমাত নিয়োজিত সেনাক ল’গ ধৰা -এইবোৰ আমাৰ কামৰ অংগ। সেই কাৰণে আজি মই ইয়ালৈ আহিছোঁ, সীমান্তলৈ গৈছোঁ, সীমান্তৰ ৰামৰাইকুটিলৈ গৈ মাৰ্গ দৰ্শন কৰিছোঁ।” এই ভাষ্য অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ। আজি এইদৰেই স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত ধুবুৰী আৱৰ্ত ভৱনত বক্তব্য আগবঢ়ায় তেওঁ। ল’গতে তেওঁ কয় যে সীমাত নিয়োজিত সেনা জোৱানক ল’গ ধৰিলেঁ৷। আটাইতকৈ ডাঙৰ কথাটো হ’ল আমাৰ সীমাত আমাৰ জীয়ৰীসকলে সীমা সুৰক্ষাত সষ্টম হৈ থকা দেখিলোঁ।” ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোলকগঞ্জৰ সমীপৰ ৰামৰাইকুটি গাওঁ পৰিদৰ্শন কৰি আপ্লুত ৰাজ্যপালগৰাকীয়ে আৰু কয় যে “মই ৰামৰাইকুটি গাঁওখনলৈ গৈছিলোঁ; গাঁওখনৰ শিশুসকলক ল’গ পালোঁ, গাঁওখনৰ মানুহক ল’গ পালোঁ আৰু তেওঁলোকৰ আত্মবিশ্বাস চালোঁ। তেওঁলোকে স্বয়ং নিজে কৈছে চাৰ ইয়াত আমি খুব ভালদৰে থকা বুলি ভাবোঁ, দেশৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে; যেতিয়া প্ৰয়োজন হ’ব প্ৰথম শাৰীত আমি থিয় দিম। আৰু আটাইতকৈ ডাঙৰ যি কথা তেওঁলোকে কৈছে, কেতিয়াবা এই গাওঁখন দেশ তথা ৰাজ্যৰ অন্তিম গাওঁ আছিল কিন্তু আজি পৰিভাষা সলনি হৈছে। আমি এই ৰাজ্যৰ প্ৰথমখন গাওঁ প্ৰাপ্তিৰে সৌভাগ্যবান।” উল্লেখ্য যে আজি কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ অহাৰ সময়ত ধুবুৰী জিলা সংলগ্ন তথা বিটিএডিৰ বগৰীবাৰীৰ মা মহামায়া মন্দিৰত আশিষ লয় তেওঁ। তাৰপৰা পোনে পোনে ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ ভাৰত-বাংলাদেশ সীমান্তৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ ৰামৰাই কুটি বিঅ’পিত উপস্থিত হয় ৰাজ্যপাল আচাৰ্যই। গাৰ্ড অৱ হনাৰ আৰু বিএছএফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা-পৰিদৰ্শক (আইজিপি) মক্ৰন্দ দেউস্কাৰে উষ্ম আদৰণি জনোৱাৰ পিছত দুয়োৰে মাজত আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ কাৰ্যকৰী প্ৰস্তুতি আৰু কাৰ্যকাৰিতাৰ ওপৰত এক বৈঠক অনুষ্ঠিত হয়। বিঅ’পিটোত সীমান্তত নিয়োজিত বিএছএফৰ ফিল্ড কমাণ্ডাৰ আৰু জোৱানসকলৰ সৈতেও বাৰ্তালাপত কৰে তেওঁ। গোলকগঞ্জৰ সত্ৰশালৰ সীমান্ত অঞ্চলৰ ভ্ৰমণৰ অন্তত ধুবুৰীৰ আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছত ‘কাৰ্ড অৱ হ’নাৰেৰে তেখেতক উষ্ম আদৰণি জনোৱা হয়। আজি বিয়লি তেখেত বঙাইগাওঁলৈ যাত্ৰা কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like