নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক ৪৮ ঘণ্টাত প্ৰখৰ গৰমে দহিব ৰাজ্যবাসীক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ছেপ্টেম্বৰঃ ৰাজ্যবাসীৰ বাবে এটা বেয়া খৱৰ। ৰাজ্যত পুনৰ তাপমাত্ৰা অধিক বৃদ্ধি হব পাৰে। জুন, জুলাইৰ মাহৰ দৰে ছেপ্টেম্বৰ মাহত প্ৰখৰ ৰদ আৰু গ্ৰীষ্ম প্ৰবাহত দহিবলৈ লৈছে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰবাসীক। সূৰ্য্যৰ প্ৰখৰ উত্তাপ আৰু পৰ্যাপ্ত বৰষুণৰ অভাৱত সম্প্ৰতি ৰাজ্যবাসী এক অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন-ৰাতি পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা বিদ্যুতৰ সঘন লুকাভাকুৱে স্বাভাৱিকতে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। উল্লেখ্য যে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে সম্প্ৰতি সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰীত বৰষুণৰ পৰিমাণ স্বাভাৱিকতে যথেষ্ট পৰিমাণে কমি যোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰীষ্ম প্ৰৱাহৰ মাত্ৰা অত্যাধিক হাৰত বৃদ্ধি পাইছে। আকাশত মেঘ নাই বাবেই অধিক তাপমাত্ৰা বৃদ্ধি হৈছে।লগতে আগন্তুক ৪৮ ঘণ্টালৈ স্বাভাৱিক তাপ মাত্ৰাতকৈ ৪ৰ পৰা ৫ ডিগ্ৰী চেলিয়াছ বৃদ্ধি পাব পাৰে। এই সময়খিনিত অসমৰ কৃষক আৰু শ্ৰমিক সকলক বেছি সময় ৰ’দত থাকি কাম নকৰিলৈ আহ্বান জনোৱাৰ লগতে পনীয় দ্ৰব্য সেৱন কৰিবলৈও অনুৰোধ জনাইছে। আনকি গাড়ী পাৰ্কিঙত ৰখাই থোৱা বাহনত শিশুসকলক যাতে গাড়ীৰ ভিতৰত নাৰাখে তাৰ বাবেও আহ্বান জনায় আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে আগন্তুক ৪৮ ঘন্টাৰ পিছত কিছু তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি জানিবলৈ দিয়ে। লগতে ৰাজ্যত কোনো বৰষুণ অহাৰ সম্ভৱনা নাই যদিও ৪৮ ঘণ্টাৰ পিছত কিছু কিছু ঠাইত পাতলীয়া আৰু মজলীয়া বৰষুণ আহিব বুলি জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে।তাৎপৰ্যপূৰ্ণ এই যে শেহতীয়াভাবে ৰাজ্যত গ্ৰীষ্মৰ প্ৰবাহ বাঢ়িবলৈ লোৱাত মহানগৰীৰ লগতে ৰাজ্যবাসীৰ প্রাত্যহিক জীৱন বিপন্ন হৈ পৰিছে । দিনৰ ভাগত হাটে-বজাৰে মানুহৰ সমাগম যথেষ্ট পৰিমাণে কমি যোৱা পৰিলক্ষিত হৈছে। দোকান-পোহৰ কিছু সংখ্যক বন্ধ ৰখাৰ লগতে গাড়ী-মটৰৰ চলাচলো যথেষ্ট সংখ্যক কমি গৈছে। আন অধিকাংশ লোকে প্ৰখৰ গৰমৰ পৰা সাময়িক ভাৱে পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে গছৰ ছাঁত, শীতল পানীয়, নেমুৰ চৰবত কিবা কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অত্যন্ত জুৰুৰী কাম নাথাকিলে কিছু সংখ্যক লোক ঘৰৰ পৰা ওলাই পৰাও বিৰত আছে। লগতে ৰাজ্যখনৰ ভিন্নস্থানৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীত বনাঞ্চল ধংসৰ কাৰক সমূহৰ বাবেও পাৰিপাৰ্শ্বিক ভাৰসাম্যৰ সন্তুলন ঘটিছে। উল্লেখনীয় যে আজিৰ দিনটোৰ গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৮.২ ডিগ্ৰী ছেলচিয়াছ আৰু সাৰ্বনিম্ন তাপমাত্ৰা আছিল ২৬.৫ ডিগ্ৰী ছেলচিয়াছ। আনপিনে পথ সম্প্রসাৰণৰ নামত গুৱাহাটীৰ মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ পৰা আজাৰা বঙৰা পৰ্যন্ত মূলপথৰ দাঁতিৰ প্ৰকাণ্ড-প্রকাণ্ড গছ-বিৰিখ সমূহ সংশ্লিষ্ট লোকনিৰ্মাণ বিভাগে কাটি তহিলং কৰাৰ ফলত প্ৰখৰ গৰমৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে মহানগৰীৰ পশ্চিম প্ৰান্তৰ জনসাধাৰণে। তেনেস্থলত কৃষিজীৱী গঞাৰ লগতে সৰ্বসাধাৰণ জনতাই মাথোঁ এজাক প্ৰবল বৰষুণৰ প্ৰতীক্ষাত অধীৰ হৈ পৰিছে।আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৮ বা ৩৯ ডিগ্রী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৭ ডিগ্রী চেলছিয়াছৰ দৰে হয়গৈ। এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আনহাতে আজিৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ ডিব্ৰুগড়ত ৩৮.৫ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৩৬.৮ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৮.৬ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৮.৮ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ৩৮.৫ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৩.২ ডিগ্ৰী চেলচিয়াছ আছিল। একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্রতিবেদন প্রকাশ কৰিছে। য’ত গ্লবেল ৱামিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্রাস পাব পাৰে। আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৪৮ ঘণ্টাৰ পাছত অসমৰ কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হব পাৰে বুলি আগজাননী দিছে । অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

You might also like