নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ভাতকুছিত কাৰাটেৰ ৰঙীন বেল্টৰ পৰীক্ষা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ ভাতকুছিস্থিত শ্ৰীমন্ত শংকৰ-মাধৱ কলেজ প্ৰাংগনত দক্ষিণ বৰপেটা কাৰাটে একাডেমীৰ পৰিচালনাত প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰঙীন বেল্টৰ গ্ৰেডিং পৰীক্ষা অনুষ্ঠিত কৰা হয়। দক্ষিণ বৰপেটা কাৰাটে একাডেমীখনত প্ৰশিক্ষণ গ্ৰহন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হোৱাইট (White) বেল্টৰ পৰা আৰম্ভ কৰি ব্লেক (Black) বেল্টৰ এই নানান ৰঙীন পৰীক্ষাটো জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে উক্ত একাডেমীখনৰ পৰা প্ৰশিক্ষণ লাভ কৰা কেইবাগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী ইতিমধ্যে জিলা পৰ্যায়ৰ কাৰেটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মেডেল আৰু চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছে। বিপৰীতে উক্ত কাৰাটে একাডেমীৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকল ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। অনাগত সময়ত উক্ত কাৰেটে একাডেমী পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো যাতে অংশগ্ৰহণৰ সুযোগ লাভ কৰে তাৰ বাবে কাৰাটে একাডেমী কৰ্তৃপক্ষই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে উদ্যোগতাসকলে। উক্ত ৰঙীন বেল্টৰ গ্ৰেডিং পৰীক্ষাত World Traditional Shotokan Karate Federation চমুকৈ WTSKFৰ ৰাজ্যিক সভাপতি মাজাহেৰুল ইছলাম, বৰপেটা জিলা কাৰাটে সন্থাৰ কাৰ্যকৰ্তা তথা প্ৰশিক্ষক ৰাতুল দাস প্ৰমুখ্যে পালহাজী আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মজিবৰ ৰহমান, দক্ষিণ বৰপেটা কেৰাটে সন্থাৰ সভাপতি আব্দুৰ ছাত্তাৰ, সম্পাদক জেহেৰুল ইছলামৰ সমান্তৰালকৈ অধিবক্তা শ্বফিকুল ইছলাম,আব্দুৰ ৰৌফ, মেহেবুবুৰ ৰহমান আদি ব্যক্তি সকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে দক্ষিণ বৰপেটা কেৰাটে একাডেমীখনৰ প্ৰশিক্ষক জহুৰুদ্দিন, মোলাম খান আৰু মহম্মদ খান উপস্থিত থাকি নিয়াৰিকৈ পৰীক্ষাটি অনুষ্ঠিত কৰাত সহায় কৰে। উক্ত পৰীক্ষাত প্ৰায় ৩০গৰাকী ছাত্ৰ-ছাত্ৰী ৰঙীন বেল্টৰ এই গ্ৰেডিং পৰীক্ষাত অৱতীৰ্ণ হয়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like