নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলী সেনাৰ বোমাত ১৮২জনৰ প্রাণহানি

🔹 আক্রমণ–প্রত্যাক্রমণত উত্তপ্ত লেবানন-ইজৰাইল : হিজবুল্লাৰ ৩০০ ঘাটিত আঘাত

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : গাজাৰ পাছত এইবাৰ ইজৰাইল–লেবাননৰ মাজত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ৷ আক্রমণ–প্রত্যাক্রমণত উত্তপ্ত হৈ পৰিছে ইজৰাইল–লেবানন৷ ইৰানৰ মদতপুষ্ট সশস্ত্র সংগঠন হিজবুল্লাক লক্ষ্য কৰি লেবাননত ভয়ংকৰ আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ কালি হিজবুল্লাৰ ৩০০ ঘাটিত আঘাত হানিছে ইজৰাইলে৷ এই আক্রমণত মৃত্যু হৈছে শতাধিক লোকৰ৷ প্রত্যাক্রমণ হিচাপে হিজবুল্লায়ো এশটা ৰকেটেৰে আঘাত হানিছে ইজৰাইলৰ ওপৰত৷ এই উত্তপ্ত পৰিস্থিতিৰ বাবে দুদিনলৈ সকলো স্কুল বন্ধ কৰি দিছে লেবানন প্রশাসনে৷ গাজাত পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক উৎখাত কৰিবলৈ ইজৰাইলে চলোৱা অভিযানক লৈ উত্তপ্ত মধ্যপ্রাচ্য৷ ইয়াৰ মাজতে বিশ্বৰ উদ্বেগ বৃদ্ধি কৰিছে লেবাননৰ হিজবুল্লা আৰু ইজৰাইলৰ যুদ্ধই৷ কেইদিনমান পূর্বে হিজবুল্লাক হুংকাৰ দি ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রী য়োভ গালাণ্টে উল্লেখ কৰিছিল যে যুদ্ধই নতুন পর্যায় লাভ কৰিছে, হিজবুল্লাই ইয়াৰ মূল্য ভৰিব লাগিব৷ কালি পুৱা ৬ বজাৰ পৰা ইজৰাইলী সেনাই হিজবুল্লাৰ ঘাটিত বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত হানে৷ ইয়াৰ প্রত্যুত্তৰ হিচাপে হিজবুল্লাই ৰকেটেৰে আক্রমণ চলায় ইজৰাইলৰ বিভিন্ন স্থানত৷ লেবাননৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইজৰাইলৰ আক্রমণত ১৮২জন নিহত হৈছে৷ আনফালে, ৭ শতাধিক আহত হৈছে এই আক্রমণত৷

You might also like