নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত দুলাল বৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৫ ছেপ্টেম্বৰঃ আৰ টি আই আইনৰ দুৰ্ব্যৱহাৰ কৰি অৰ্থ উপাৰ্জনৰ উপায় অৱলম্বন কৰাৰ অভিযোগত অভিযুক্ত দুলাল বৰাক নতুন দিল্লীত অসম আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। ‘বুকুৰ বিষ’লৈ পশ্চিম দিল্লীৰ কীৰ্তি নগৰস্থিত এক বেচৰকাৰী হস্পিটেলত ভৰ্তি হৈ থকা অৱস্থাত কালি মাজ নিশাৰ পৰাই দিল্লী আৰক্ষীৰ উত্তৰপূৰ্বাঞ্চল প্ৰতিনিধিৰ গোপন নীৰিক্ষণত থকা দুলাল বৰাক আজি পুৱাৰ ভাগত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই আটক কৰি স্থানীয় আৰক্ষী চকীলৈ লৈ যায়। পাছত চৰাইদেউ জিলাৰ ডিএছপি আদিত্য বৰদলৈৰ নেতৃত্বত অহা অসম আৰক্ষীৰ এটা দলে বৰাক কীৰ্তি নগৰ আৰক্ষী চকীৰ পৰা আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। দিল্লীৰ তিছ হাজাৰি আদালতত ট্ৰানজিট ৰিমাণ্ডত লোৱা বৰাক অসম আৰক্ষীৰ দলটোয়ে আজি নিশাৰ ভাগতেই বিমানেৰে অসমলৈ ওভতাই লৈ যোৱাৰ কথা। উল্লেখ্য যে মন্দিৰ নিৰ্মাণত হোৱা খেলিমেলিৰ অভিযোগত ৰাজাপুখুৰী পঞ্চায়তৰ প্ৰতিনিধি দেবজিত হাজৰিকাক কৰি অহা ব্লেকমেইলিং আৰু তাৰ পিছত তেওঁৰ আত্মহত্যাৰ ঘটনাত দুলাল বৰাক চৰাইদেউ আৰক্ষীয়ে অন্যতম অভিযুক্ত হিচাপে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। আৰক্ষীয়ে আশংকা ব্যক্ত কৰা মতেই দিল্লীত আত্মগোপন কৰি থকা বৰাক অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হয়।

প্ৰেৰক কল্লোল ভৌমিক

You might also like