নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ দুর্বল প্রদর্শন অব্যাহত : ১৫টা বলত ৪ বাৰ আউট বিৰাট

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : ভাৰত–বাংলাদেশৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে কানপুৰ টেষ্ট৷ মেচৰ পূর্বে টীম ইণ্ডিয়াৰ সদস্যসকলে কৰে নেট অনুশীলন৷ দলটোৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ দুর্বল ফর্মৰ প্রভাৱ নেট অনুশীলনতো পৰিলক্ষিত হয়৷ বিগত চেন্নাই টেষ্টতো বাংলাদেশৰ বিৰুদ্ধে দুর্বল প্রদর্শন দাঙি ধৰিছিল তাৰকা বেটাৰগৰাকীয়ে৷ কোহলিয়ে চেন্নাই টেষ্টত ক্রমে ৬ আৰু ১৭ ৰান সংগ্রহ কৰিছিল৷ আজিৰ পৰা আৰম্ভ হোৱা কানপুৰ টেষ্টত ক্রিকেটপ্রেমীৰ দৃষ্টি আবদ্ধ থাকিব বিৰাট কোহলিৰ ওপৰত৷ অৱশ্যে নেট অনুশীলনৰ সময়ত বেটাৰগৰাকীয়ে যথেষ্ট সংগ্রাম কৰিবলগীয়া হয়৷ নেট অনুশীলনৰ সময়ত বুমৰাহে কৰা ১৫টা বলত ৪বাৰকৈ আডট হয় বিৰাট কোহলি৷ প্রথম ৩টা বলৰ সন্মুখীন হোৱাৰ পিছত বুমৰাহৰ চতুর্থ বলটো বেটাৰগৰাকীৰ পেডত লাগে, যিটো আডট বুলি দাবী কৰে বুমৰাহে৷ বুমৰাহৰ এই দাবী একে আষাৰে মানি লয় কোহলিয়ে৷ ইয়াৰ পিছত কোহলিয়ে দ্বিতীয়বাৰলৈ নেটলৈ যায়, য’ত স্পিন ত্রিমূর্তি ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্র জাদেজা আৰু অক্ষৰ পেটেলে বলিং অনুশীলন কৰি আছিল৷ কোহলিয়ে জাদেজাক প্রত্যাহ্বান জনোৱাৰ চেষ্টা কৰিছিল, কিন্তু ইনছাইড আডট শ্বট খেলিবলৈ প্রয়াস কৰি তাৰকা বেটাৰগৰাকী তিনিবাৰকৈ আউট হয়৷ দুর্বল প্রদর্শন অব্যাহত ৰাখি অক্ষৰ পেটেলৰ বলত ক্লীন ব’ল্ড হৈছিল কোহলি৷ ইয়াৰ পিছত বেটিং অনুশীলনৰ সামৰণি মাৰিছিল ক্রিকেটাৰগৰাকীয়ে৷

You might also like