নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পইচা নাই বুলি কোৱাৰ বাবেই… মৰিগাঁৱত আৰক্ষী বিষয়াৰ গুণ্ডামি

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : অসম এখন ‘পুলিচ ষ্টেট’ হোৱাৰ দিশে গতি কৰা বুলি বিভিন্ন মহলে সমালোচনা কৰি অহাৰ সময়তে মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষী বিষয়াজনৰ প্ৰহাৰত আহত এজন লোকে আজি জিলা আৰক্ষী অধীক্ষকক এক লিখিত অভিযোগ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে। প্ৰাপ্ত তথ্য মতে, জিলাখনৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাইবড়ি গাঁৱৰ পূৰ্ণানন্দ বৰা নামৰ লোকজনৰ গাঁৱৰে এজন লোকৰ সৈতে সংঘাট চলি আছিল। চৰকাৰী মাটিত থকা এটি পুখুৰীত জাল মৰাক কেন্দ্ৰ কৰি হোৱা এই সংঘাটৰ বিষয়ে প্ৰতিপক্ষৰ পৰা অভিযোগ পোৱা বুলি কেইদিনমান পূৰ্বে স্থানীয় ধৰমতুল থানাৰ অৰূপ ডেকাৰজা নামৰ সহকাৰী উপ পৰিদৰ্শকজন পূৰ্ণানন্দ বৰাৰ ঘৰত উপস্থিত হয়। সহকাৰী উপ পৰিদৰ্শক ডেকাৰজাই পূৰ্ণানন্দ বৰাক উক্ত পুখুৰীত তেঁও পেলাই থোৱা জালখন উঠাই আনিবলৈ হুকুম কৰাৰ লগতে পৰৱৰ্তী দিনা তেওঁক থানাত উপস্থিত হ’বলৈ কয়। সেই অনুসৰি পৰৱৰ্তী দিনা লোকজন থানালৈ গৈ ডেকাৰজাক লগ কৰে।ডেকাৰজাই লোক জনক ‘কিমান পইছা আনিছ’ বুলি সোধাত লোকজনে কিহৰ পইচা, মইটো পইছা অনা নাই বুলি প্ৰকাশ কৰে। ইয়াৰ কিছু সময় পিছতেই আৰক্ষী বিষয়া জনে উক্ত লোক জনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। অভিযোগ মতে, আৰক্ষী বিষয়াজনে ঘুচিওৱা, বুট জোতাৰে গুৰিওৱাৰ উপৰিয়ো গাত পানী ঢালি লোকজনক নিৰ্মম অত্যাচাৰ কৰে। পৰৱৰ্তী সময়ত থানাখনৰ আন বিষয়াৰ হস্থক্ষেপত ডেকাৰজা ক্ষান্ত হয় আৰু আহত পুৰ্ণানন্দ বৰাক আৰক্ষীয়ে স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু লোকজনৰ অৱস্থা গুৰুত্ত্বৰ হোৱা বাবে স্থানীয় চিকিৎসালয়ে লোকজনক তৎক্ষণাত মৰিগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে মৰিগাওঁ অসামৰিক চিকিৎসালয়ে বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে যদিও আৰ্থিক অনাটনৰ বাবে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে যাব নোৱাৰি বৰ্তমান বিষে-বেদনায়ে ঘৰতে থাকিবলৈ বাধ্য হৈছে দুৰ্ভগীয়া লোকজন। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন এনেকৈ আঘাতপ্ৰাপ্ত হৈ বিচনাত পৰি থকাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো। লোকজনে আজি মৰিগাঁৱৰ আৰক্ষী অধীক্ষকক এই সম্পৰ্কত এক লিখিত অভিযোগ দি ন্যায় কামনা কৰে। আনহাতে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’বলৈ বিভিন্ন মহলে দাবী জনাইছে।
প্ৰেৰক প্ৰতাপ হাজৰিকা
You might also like